NORTHEAST NOW (Assamese)

স্বাস্থ্যৰ অৱনতি; অনশন ভংগ কৰিলে অখিল গগৈৰ মাতৃয়ে

December 22, 2019 5:42 pm · পাৰ্শ্বজ্যোতি গগৈ

তিনিদিন ধৰি পুত্ৰৰ মুক্তিৰ দাবীত অনশন পালন কৰি অহা অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈয়ে আজি ৰাইজ তথা স্থানীয় দল সংগঠনৰ অনুৰোধত অনশন ভংগ কৰে।

মধুমেহ আৰু উচ্চৰক্তচাপ জনিত ৰোগত আক্ৰান্ত কৃষক নেতা অখিল গগৈৰ মাতৃয়ে পুত্ৰৰ মুক্তিৰ দাবীত যোৱা ২০ ডিচেম্বৰৰ পৰা নিজ গৃহৰ সন্মুখত আমৰণ অনশনত বহিছিল।

প্ৰিয়দা গগৈৰ স্বাস্থ্যৰ অৱনতি ঘটাত চিকিৎসকে তেওঁক অনশন ভংগ কৰি চিকিৎসা গ্ৰহণ কৰিবলৈ কয় যদিও তেওঁ অনশন ভংগ কৰা নাছিল, যাৰবাবে তেওঁৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটিছিল।

অৱশেষত আজি দিনৰ ২ বজাত স্থানীয় ৰাইজ, উজনি অসম মুছলিম কল্যান পৰিষদ, অসম প্ৰেমী যুৱ ছাত্ৰ পৰিষদ, সুদ্দিপ্ত ৱেলফেয়াৰ চ’ছাইটি তথা আন আন দল সংগঠনৰ প্ৰতিনিধিৰ অনুৰোধত ৰোগাক্ৰান্ত প্ৰিয়দা গগৈয়ে অনশন ভংগ কৰে।

উজনি অসম মুছলিম কল্যান পৰিষদৰ কেন্দ্ৰীয় উপ সভাপতি মণিৰুল ইছলাম বড়াই গাখীৰ খুৱাই অনশন ভংগ কৰে। প্ৰিয়দা গগৈয়ে অখিল গগৈৰ লগতে গ্ৰেপ্তাৰ কৰা কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ আনসকল কৰ্মীকো বিনা চৰ্তে মুকলি কৰিবলৈ দাবী জনায়।

Related News