• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কা-বিৰোধিতাত দেশৰ শীৰ্ষত অসম, সমৰ্থনত গৰিষ্ঠসংখ্যক ভাৰতীয়: সমীক্ষা

তাৎপৰ্য্যপূৰ্ণভাৱে, একে সময়তে বিদেশীলৈ নাগৰিকত্বক লৈ “নিৰাপত্তা”ৰ শংকাত কা-সমৰ্থককো ধৰি দেশৰ গৰিষ্ঠসংখ্যক লোক।

Nenow এন ই নাও নিউজ
গুৱাহাটী , December 22, 2019 7:31 pm

4 min read

CAB protest CAA: Assam tops in opposition, most Indians support, finds Survey

প্ৰতিনিধিত্বমূলক চিত্ৰ

19k
VIEWS
Share on FacebookShare on Twitter

অসমৰ ৬৮ শতাংশ লোকে নাগৰিকত্ব (সংশোধন) আইন ২০১৯ৰ বিৰোধিতা কৰাৰ বিপৰীতে প্ৰায় ৬২ শতাংশ ভাৰতীয় ইয়াৰ সমৰ্থনত আছে, IANS-CVoterএ শনিবাৰে ৰাজহুৱা কৰা এক সমীক্ষাত প্ৰকাশ।

দেশজুৰি ৩০০০ নাগৰিকৰ মাজত যোৱা ১৭ৰ পৰা ১৯ ডিচেম্বৰলৈ এই “স্নেপ চাৰ্ভে” চলোৱা হৈছিল।

তাৰোপৰি, সমীক্ষাটোত দেশৰ অসম, উত্তৰ-পূব আৰু মুছলমান লোকৰ মাজৰ পৰা ৫০০ (+)কৈ লোকৰ “বুষ্টাৰ চাম্পল” লোৱা হৈছিল।

সমীক্ষাটোমতে, অসমৰ ৬৮.১ শতাংশ লোক কা-বিৰোধী আৰু ৩১ শতাংশ লোক ইয়াৰ সমৰ্থনত আছে। আনহাতে উত্তৰ-পূবৰ ৫০.৬ শতাংশ লোকে আইনখনৰ পক্ষত থকাৰ বিপৰীতে ৪৭.৪ শতাংশ লোকে ইয়াৰ বিৰোধিতা কৰে।

চাম্পল সমীক্ষাটোৱে ভাৰতৰ পূব, পশ্চিম, উত্তৰ আৰু দক্ষিণ চাৰিটা মণ্ডলত তেওঁলোকৰ তথ্যসমূহ ভগাই দেখুৱাইছে।

কা-ৰ লগতে বিদেশীলৈ নাগৰিকত্বৰ “সমাজ আৰু সুৰক্ষা”ত সম্ভাৱ্য প্ৰভাৱৰ “আশংকা”, “ৰাজনীতি” আৰু “ধৰ্ম”ভিত্তিক দিশকো সমীক্ষাটোৱে সাঙুৰি লৈছে।

সমীক্ষাটোমতে, দেশজুৰি সামগ্ৰিকভাৱে ৬২.১ শতাংশ লোকে কা-ৰ সমৰ্থন কৰিছে আৰু ৩৬.৮ শতাংশই বিৰোধিতা কৰিছে।

পূব, পশ্চিম, উত্তৰ আৰু দক্ষিণ ভাৰতত কা-ৰ সমৰ্থন/ বিৰোধিতা ক্ৰমে ৫৭.৩/৪২.৭, ৬৪.২/৩৫.৪, ৬৭.৭/৩১.২, ৫৮.৫/৩৮.৮ শতাংশ।

কা সন্দৰ্ভত চৰকাৰ আৰু বিৰোধী দলে লোৱা স্থিতিৰ প্ৰশ্নত দেশজুৰি ৫৮.৬ (কা-সমৰ্থক ৬২.১) শতাংশ লোকে চৰকাৰ আৰু ৩১.৭ (কা-বিৰোধী ৩৬.৮) শতাংশ লোকে বিৰোধী দলৰ পক্ষত অৱস্থান কৰিছে।

অৰ্থাৎ, সমীক্ষাটোমতে, কা-সমৰ্থক সকলো লোক চৰকাৰৰ সমৰ্থনত নাই আৰু কা-বিৰোধী সকলো লোক চৰকাৰবিৰোধী বা বিৰোধী দলৰ সমৰ্থক নহয়।

তাৎপৰ্য্যপূৰ্ণভাৱে, সমীক্ষাটোমতে, অসমক বাদ দি উত্তৰ-পূবৰ লগতে ভাৰতৰ বাকী অংশৰ গৰিষ্ঠসংখ্যক লোক মোদী চৰকাৰৰ সমৰ্থনত আছে।

কিন্তু, দক্ষিণ ভাৰতৰ ৪৭.২ শতাংশতকৈ অধিক লোক মোদী চৰকাৰৰ স্থিতিৰ বিৰুদ্ধে আছে।

অসমত ছবিখন বিপৰীত, চৰকাৰ আৰু বিৰোধী দলৰ স্থিতিৰ সমৰ্থনত থকা লোকৰ সংখ্যা ক্ৰমে ৩৩.৭ আৰু ৫৩.৫ শতাংশ।

সমীক্ষাটোমতে, অসমৰ কা-বিৰোধী লোকতকৈয়ো অধিক সংখ্যকৰ বিশ্বাস, বিদেশীলৈ নাগৰিকত্ব দানে সমাজ আৰু সুৰক্ষালৈ “আশংকা” আনিব।

অসমৰ ৭৩.৪ (কা-বিৰোধী ৬৮.১) শতাংশ লোকে ভাবে এই সংস্থাপনে “সমস্যা” সৃষ্টি কৰিব। ২১.৮ শতাংশ লোকে এই কথা বিশ্বাস নকৰে। ইয়াৰ পক্ষে আৰু বিপক্ষে মত থকা উত্তৰ-পূবৰ লোক হৈছে ক্ৰমে ৫৯.৮ আৰু ৩৫.৭ শতাংশ।

কিন্তু, সমীক্ষাটোৰ আটাইতকৈ তাৎপৰ্য্যপূৰ্ণৰূপে পৰিগণিত হ’ব পৰা ফাইন্দিংটো হ’ল, দেশজুৰি কা সমৰ্থন কৰা লোককো ধৰি গৰিষ্ঠসংখ্যকৰ বিদেশীলৈ নাগৰিকত্বক লৈ “নিৰাপত্তা”ৰ আশংকা আছে।

উত্তৰ ভাৰতত দেশৰ সৰ্বাধিকসংখ্যক (৬৭.৭ শতাংশ) লোকে কা সমৰ্থন কৰিছে, কিন্তু অঞ্চলটোৰ ৭২.৮ শতাংশ লোকে ভাবে যে ভাৰতীয় নাগৰিকত্ব পোৱা বিদেশী “নিৰাপত্তাজনিত শংকা”ত পৰিণত হ’ব পাৰে।

উত্তৰ মণ্ডলৰ এনে লোকৰ সংখ্যাও দেশৰ ভিতৰতে সৰ্বাধিক।

কিন্তু, দক্ষিণ ভাৰতত আকৌ ৫০ শতাংশ লোকে ভাবে যে বিদেশীলৈ নাগৰিকত্ব প্ৰদানত “নিৰাপত্তাজনিত শংকা” নাই।

সমগ্ৰ দেশৰ ক্ৰমে ৬৪.৪ আৰু ৩২.৬ শতাংশ লোকে “নিৰাপত্তা”ৰ প্ৰশ্নত সপক্ষে আৰু বিপক্ষে মত দিছে।

সমীক্ষাটোৰ “ধৰ্মভিত্তিক” সন্ধানত দেখা গৈছে, কা-ৰ সমৰ্থন/ বিৰোধিতাত আছে দেশৰ গৰিষ্ঠসংখ্যক হিন্দু/ মুছলমান নাগৰিক। হিন্দু/ মুছলমানৰ এই সংখ্যা ক্ৰমে ৬৬.৭ (বিৰোধিতা ৩২.৩) আৰু ৬৩.৫ (সমৰ্থন ৩৫.৫) শতাংশ।

হিন্দু-মুছলমান বাদ দি আন ধৰ্মৰ নাগৰিকৰ কা সমৰ্থন/ বিৰোধিতা ক্ৰমে ৬২.৭ আৰু ৩৬ শতাংশ।

“নিৰাপত্তাজনিত শংকা”ৰ ক্ষেত্ৰত নাগৰিকৰ মাজৰ “ধৰ্মভিত্তিক” সমীক্ষাত দেখা গৈছে হিন্দুৰ গৰিষ্ঠসংখ্যকে কা-সমৰ্থন কৰিলেও তেওঁলোকৰ ৬৫.৩ শতাংশই ভাবে “শংকা” আছে। মুছলমানৰ ক্ষেত্ৰত এই সংখ্যা ৬৭.৫ শতাংশ।

কা-ত মোদী চৰকাৰৰ স্থিতিক লৈয়ো সমীক্ষাটোত ভাৰতৰ হিন্দু আৰু মুছলমান নাগৰিকৰ মতৰ মাজত বিস্তৰ ব্যৱধান দেখা গৈছে। চৰকাৰৰ স্থিতিৰ পক্ষে থকা হিন্দু ৬৭ শতাংশ, কিন্তু বিৰুদ্ধে থকা মুছলমান ৭১.৫ শতাংশ।

ভাৰতীয় সংসদে পাছ কৰা ইতিমধ্যে ৰাষ্ট্ৰপতি অনুমোদিত আৰু উচ্চতম ন্যায়ালয়ত বিবেচনাধীন আইনখনক লৈ চলিত বিৰোধিতা অভূতপূৰ্ব আৰু ভাৰতীয় ৰাজনীতিৰ ক্ষেত্ৰত নিৰ্ণায়কৰূপে পৰিগণিত হৈছে।

চি ভ’টাৰ ভাৰতত মুখ্য কাৰ্য্যালয় থকা এক বেচৰকাৰী আন্তঃৰাষ্ট্ৰীয় সমীক্ষা অনুষ্ঠান। ই আছিল এমেৰিকান ৰাষ্ট্ৰপতি নিৰ্বাচনত ড’নাল্ড ট্ৰাম্প বিজয়ী হ’ব বুলি সমীক্ষা প্ৰকাশ কৰা দুটা প্ৰতিষ্ঠানৰ এটা।

চাম্পল চাৰ্ভে বা আন সমীক্ষাটো বৈশিষ্ট্যগতভাৱে সীমাবদ্ধতা থাকে আৰু সমীক্ষাৰ পিছৰ ঘটনাক্ৰম ইয়াৰ হিচাপৰ বাহিৰত ৰৈ যায়।

কিন্তু, চকু থকা লোক আৰু নীতি নিৰ্ধাৰকসকলৰ বাবে সমীক্ষা ৰাজনীতিৰ লগতে ব্যৱসায়িক বা যিকোনো নীতি নিৰ্ধাৰণৰ এৰাব নোৱাৰা অংগ।

চি ভ’টাৰৰ সমীক্ষাই দেখুওৱা এই তাৎপৰ্য্যপূৰ্ণ তথ্যৰাজিৰ মাজত বহুমাত্ৰিক বিশাল আৰু বৈচিত্ৰ্যময় ভাৰতীয় সমাজত ৰাজনৈতিক দলসমূহ বা কা সমৰ্থক/ বিৰোধীৰ পৰৱৰ্তী কাৰ্য্যপন্থা লক্ষণীয় হ’ব।

Recent News

TOI-561b

সৌৰজগতৰ বাহিৰত নতুন গ্ৰহৰ সন্ধান! পৃথিৱীৰ সৈতে ইয়াক কিদৰে তুলনা কৰিছে বিজ্ঞানীয়ে?

Dilip Saikia

জয়ৰ সম্ভাৱনা থকা প্ৰাৰ্থীয়েহে পাব টিকট: বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া

WhatsApp Image 2021-01-19 at 8.59.32 AM

মাজনিশা মৰ্মান্তিক দুৰ্ঘটনা! ফুটপাথত শুই থকা শ্ৰমিকক মহটিয়াই নিলে ট্ৰাকে; মৃত ১৫জন

950658-740749-amou-haji

গাত ধূলি-বালি সানি গা-নুধুৱাকৈয়ে সুস্থ শৰীৰে ৬৫বছৰ পাৰ কৰিলে এইগৰাকী লোকে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd