কৃষক নেতা ধৈৰ্য কোঁৱৰ আৰু বিতু সোণোৱালৰ কোভিড-১৯ পজিটিভ : অখিলৰ কি?

index

গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত প্ৰায় তিনিমাহ কাৰাৰুদ্ধ হৈ থকা দুই কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক নেতা ধৈৰ্য কোঁৱৰ আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সভাপতি বিটু সোণোৱাল ক’ৰনা ভাইৰাছত আক্রান্ত হোৱাৰ খবৰ আহিছে ।

কোভিড-১৯ এন্টিজেন টেষ্টত কাৰাৰুদ্ধ কৃষক নেতা দুজনৰ দেহত ক’ভিড-১৯ ভাইৰাছৰ উপস্থিতি থকাটো নিশ্চিত হয়।

জেইলৰ অধীক্ষক ৰঞ্জিত বৈশ্যই নৰ্থ ইষ্ট নাওৰ সাংবাদিকক এই কথা জানিবলৈ দিয়ে।

তেওঁলোকৰ লগতে কাৰাৰুদ্ধ হৈ থকা জু-ৰোড বিস্ফোৰণৰ অভিযুক্ত অমৃত বল্লভ গোস্বামীৰো পজিটিভ অহা বুলি জানিব পৰা গৈছে।

তাৎপৰ্যপূৰ্ণভাৱে কৃষক নেতা অখিল গগৈৰ কোভিড-১৯ এন্টিজেন টেষ্টত নিগেটিভ আহে। অৱশ্যে সাধাৰণ স্বাৱ টেষ্টৰ ফলাফল বৰ্তমালৈকে অহা নাই বুলি অধীক্ষকে জনায়।

ঠিক সেইদৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যকৰী সভাপতি মানস কোঁৱৰৰো কোভিড-১৯ এন্টিজেন টেষ্টত নিগেটিভ আহে।

জানিব পৰা মতে বৰ্তমান পাণবজাৰৰ এটা অস্থায়ী শিবিৰত ধৈৰ্য, বিতু আৰু অমৃতক ৰখা বুলি জানিবলৈ দিছে।

ইপিনে, ছাত্ৰ মুক্তিৰ বিতু সোণোৱাল সৰুৰে পৰা হাঁপানী ৰোগত আক্ৰান্ত আছিল।

কাৰাগাৰত কৃষক নেতা অখিল গগৈ, ধৈৰ্য কোঁৱৰ আৰু বিতু সোণোৱাল প্ৰচণ্ড জ্বৰ-কাহ আৰু গা বিষত ভুগি আছিল।

ন্যায়ালয়ৰ নিৰ্দেশত বুধবাৰে তিনিওৰে ক’ৰ’না পৰীক্ষা কৰা হৈছিল।

কাৰাৰুদ্ধ দুই নেতাৰ শৰীৰত মাৰাত্মক কোভিড১৯ৰ উপস্থিতিৰ কথা বিয়পি পৰাৰ লগে লগে সৰ্বানন্দ সোণোৱালৰ চৰকাৰৰ হঠকাৰিতাৰ বিৰুদ্ধে চ’ছিয়েল মিডিয়াত সোচ্চাৰ হৈ উঠিছে সাধাৰণ জনতা।