বাক্সা জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি নীলধৰ কলিতাৰ মৃত্যু
বাক্সা জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি, ‘কা’ বিৰোধী আন্দোলনৰ নেতা নীলধৰ কলিতাৰ দেহাৱসান ঘটিছে।
মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল প্ৰায় ৫২ বছৰ।
তামুলপুৰ মহকুমাৰ দলংপাৰ গাঁও নিবাসী নীলধৰ কলিতা যকৃতৰ ৰোগত আক্ৰান্ত হৈ দীৰ্ঘদিন ধৰি গুৱাহাটী মেডিকেল কলেজ হাস্পাতালত চিকিৎসাধীন হৈ আছিল আৰু চিকিৎসাধীন অৱস্থাতেই আজি গুৱাহাটীত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।
‘কা’ আন্দোলনত জঁপিয়াই পৰি সমগ্ৰ অসমতে জোকাৰণিৰ সৃষ্টি কৰা নীলধৰ কলিতা এগৰাকী তামুলপুৰ অঞ্চলৰ সমাজকৰ্মী আছিল আৰু বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত আছিল।
জানিব পৰা মতে ২০১২ চনৰ পৰাই কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সৈতে জড়িত আছিল আৰু মৃত্যুৰ আগমুহূৰ্তলৈকে তেওঁ বিভিন্ন জাতীয় সংগ্ৰামৰ লগত জড়িত আছিল।
তেওঁৰ অকাল বিয়োগত বাক্সা জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগতে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে গভীৰ দুখ প্ৰকাশ কৰিছে আৰু শোক সন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে।
মৃত্যুৰ সময়ত তেওঁ পত্নী আৰু তিনি সন্তানক ইহসংসাৰত এৰি থৈ যায়।