• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বৃহৎ নদীবান্ধৰ বিৰুদ্ধে সমগ্ৰ অসমৰ লগতে শিৱসাগৰতো কৃষক মুক্তিৰ আন্দোলন

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
September 1, 2018 6:59 am
IMG-20180831-WA0013
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শেহতীয়াভাৱে বৃহৎ নদীবান্ধে সংঘটিত কেৰালাৰ ভয়ংকৰ বানৰ পাছত মূৰৰ ওপৰতে জলবোমা থকা অসমতো নদীবান্ধে কৰিব পৰা ক্ষতিৰ বিষয়ত লাহে লাহে এটা গণমত গঢ়ি উঠবলৈ আৰম্ভ কৰিছে।  এই গণমতৰ সুৰতেই সুৰ মিলাই বৃহৎ নদীবান্ধ সমুহ বন্ধ কৰাৰ দাবীৰে শুকুৰবাৰে কৃষক মুক্তি সংগ্রাম সমিতিৰ শিৱসাগৰ জিলা সমিতিয়ে জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত ধৰ্মঘটৰ কাৰ্য্যসূচী ৰূপায়ণ কৰে। ধৰ্মঘটৰ কাৰ্য্যসুচীৰ পিছতেই সংগঠনটোৱে জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ নদীবান্ধ বন্ধৰ দাবীত এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

স্মাৰক পত্ৰত সংগঠনটোৱে উল্লেখ কৰে যে, ৰঙানদী জলবিদ্যুৎ প্ৰকল্প, কুৰিশ্বু প্ৰকল্প, দৈয়াং জলবিদ্যুৎ প্ৰকল্প, কাৰ্বি লাংপি আৰু কপিলী জলবিদ্যুৎ প্ৰকল্পই এৰি দিয়া পানীয়ে অসমত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি কৰিছে। ৪৫০  মেগাৱাট বিদ্যুৎ উৎপাদন কৰা নীপকোৰ ৰঙানদী প্ৰকল্পই লখিমপুৰ, মাজুলী, ৬০ মেগাৱাট বিদ্যুৎ উৎপাদন কৰা কুৰিশ্বু প্ৰকল্পই বাক্সা , নলবাৰী, চিৰাং, বঙাইগাঁও, বৰপেটা আদি জিলাত ভয়াবহ সমস্যাৰ সৃষ্টি কৰিছে। একেদৰে ৭৫ মেগাৱাট জলবিদ্যুৎ উৎপাদন কৰা দৈয়াং প্ৰকল্পই গোলাঘাট জিলা, ১০০ মগাৱাট বিদ্যুৎ উৎপাদন কৰা কাৰ্বি লাংপি প্ৰকল্পই কাৰ্বি আংলং, নগাওঁ, ২০০ মেগাৱাট বিদ্যুৎ উৎপাদন কৰা কপিলী জলবিদ্যুৎ প্ৰকল্পই নগাওঁ তথা মৰিগাও জিলাৰ গ্ৰাম্য অৰ্থনীতি ধ্বংস কৰি পেলাইছে।

Apply Now

ইয়াৰ উপৰিও ভাৰত চৰকাৰে অসম তথা অৰুণাচলত নিৰ্মাণ কৰি থকা ১০০০০ মেগাৱাট উৎপাদন ক্ষমতা সম্পন্ন চিয়াং প্ৰকল্প, ৩০০০ মেগাৱাট উৎপাদন ক্ষমতা সম্পন্ন দিবাং প্ৰকল্প, ২০০০ মেগাৱাট এন এইচ পি চি ৰ দ্বাৰা নিৰ্মীয়মান নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প, ১৭৫০ মেগাৱাট নামনি ডেমবে প্ৰকল্পকে ধৰি নিৰ্মাণ কৰিবলৈ লোৱা ১৬৮ টা বৃহৎ নদীবান্ধৰ প্ৰভাৱ অসমৰ কাৰণে কিমান বিপদজনক হব তাক লৈ শংকিত হৈ পৰিছে সংগঠনটো। অৰুণাচল প্ৰদেশৰ পাহাৰত ব্ৰক্ষ্মপুত্ৰ আৰু ইয়াৰ উপনদী সমুহত নিৰ্মাণ কৰা বা নিৰ্মাণ  কৰিবলৈ পৰিকল্পনা কৰা সকলো নদীবান্ধৰ সামগ্ৰিক কু-প্ৰভাৱ অসমৰ ওপৰত কেনে হব তাক বৈজ্ঞানিক দৃষ্টিভংগীৰে অধ্যায়ন কৰাৰ দাবী জনাইছে সংগঠনটোৱে ।

আনহাতে নিৰ্মীয়মান নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ ওপৰত প্ৰকাশিত সকলোবোৰ বিজ্ঞানসন্মত অধ্যয়নে প্ৰমাণ কৰিছে যে এনএইচপিচিৰ দ্বাৰা নিৰ্মাণ কাৰ্য চলি থকা প্ৰকল্পটো মুঠেই নিৰাপদ নহয়। গতিকে প্ৰকল্পটোৰ নিৰ্মাণ কাৰ্য্য বন্ধ কৰি ইয়াক পৰিত্যক্ত ঘোষণা কৰাৰ লগতে  বৰ্তমানলৈকে নিৰ্মাণ কৰা অংশ ভাঙি পেলোৱাৰ দাবী জনাইছে সংগঠনটোৱে।

ব্ৰহ্মপুত্ৰৰ ওপৰত চীনে যি নদীবান্ধ নিৰ্মাণ কৰিছে বুলি অভিযোগ উঠিছে সেই সন্দৰ্ভত তদন্ত কৰি  চৰকাৰে চীনক নিৰ্মাণ কাৰ্য্য বন্ধ কৰোৱাৰ বাবে বাধ্য কৰিবলৈ দাবী উত্থাপন কৰিছে।

ভূটানে ৩২০০০ মেগাৱাট বিজুলী উৎপাদনৰ বাবে যি নদীবান্ধ প্ৰকল্প স্থাপনৰ পৰিকল্পনা কৰিছে সেই বান্ধে যে অসমক ধ্বংস কৰি পেলাব সেই কথা উল্লেখ কৰি ভূটান চৰকাৰকো এই নিৰ্মাণ কাৰ্য্য পৰিকল্পনা বন্ধ কৰিবলৈ দাবী জনাইছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd