জনসাধাৰণৰ গুৰুত্বপূর্ণ সমস্যাই স্থান নাপালে বাজেটত: কৃষক মুক্তিৰ প্ৰতিক্ৰিয়া

KMSS on Assam Budget 2022-2023

আজি অসম বিধানসভাত বিত্তমন্ত্রী অজন্তা নেওগে দাখিল কৰা ২০২২-২৩ ৰ পূর্ণাংগ বাজেট সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।

জনসাধাৰণৰ গুৰুত্বপূর্ণ সমস্যাই স্থান নাপালে এইবাৰৰ বাজেটত। আজিৰ বাজেটত ৰাজ্যৰ কৃষকসকলক লৈ কোনো আঁচনিয়ে গ্ৰহণ কৰা নহ’ল। এই অভিযোগ কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।

সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত সংগঠনটোৱে কয় যে- আজি অসম বিধানসভাত বিত্তমন্ত্রী অজন্তা নেওগে দাখিল কৰা বাজেট প্ৰতিশ্ৰুতি আৰু সপোনৰ ভঁড়ালৰ বাহিৰে আন একো নহয়। বাজেটৰ আকাৰ পূৰ্বতকৈ সংকুচিত হৈছে আৰু পুঁজি হ্ৰাস পাইছে।

পূৰ্বৰ বাজেট শিতানত ধার্য কৰা আঁচনি সমূহেই পুনৰ দোহৰা হৈছে বুলি সংগঠনটোৱে অভিযোগ কৰে।

বিগত বছৰবোৰৰ তুলনাত ঘৰুৱা উৎপাদন বৃদ্ধি পোৱাৰ কথা উল্লেখ কৰা হৈছে যদিও প্ৰতিটো উন্নয়নমূলক আঁচনি কাম-কাজ ৰূপায়নৰ বাবে ধার্য কৰা পুঁজিৰ এডিবি আৰু নাবাৰ্ডৰ ঋণৰ ধনৰ ওপৰতে নিৰ্ভৰশীল বুলি বিবৃতিটোত উল্লেখ কৰা।

“জনসাধাৰণৰ গুৰুত্বপূৰ্ণ সমস্যাসমূহ আজি বাজেটত প্ৰতিফলিত নহ’ল। ক’ভিডকালিন পৰিস্থিতিয়ে ৰাজ্যত সৃষ্টি কৰা ভয়াবহ অর্থনৈতিক সংকট মোচনৰ বাবে বাজেটত কোনো আঁচনিয়ে গ্ৰহণ কৰা নহ’ল।”— বিবৃতিটোত এইদৰে উল্লেখ কৰা হৈছে।

আনহাতে ১ লাখ নিবনুৱাক নিযুক্তি প্ৰদানৰ কথা উল্লেখ কৰা হৈছে যদিও কেতিয়ালৈকে এই প্রক্রিয়া সম্পূৰ্ণ কৰা হ’ব সেয়া স্পষ্ট নহয় বুলি মন্তব্য কৰে সংগঠনটোৰ নেতৃবৰ্গই।

ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত তালিকাত প্ৰকাশ কৰা খালী পদৰ সংখ্যা আৰু নিযুক্তি ক্ষেত্ৰত চৰকাৰে প্ৰকাশ কৰা তথ্যও বিসংগতিপূর্ণ বুলি তেওঁলোকে অভিযোগ কৰে।

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বই কয় যে- ৰাজ্যৰ কৃষি ক্ষেত্ৰৰ উন্নয়ন আৰু কৃষক সকাহ দিয়াৰ কোনো আঁচনিয়ে আজিৰ বাজেটত অন্তৰ্ভুক্ত নহ’ল৷ পূৰ্বৰ আঁচনিৰ সা সুবিধাসমূহৰো সংকোচন কৰা হৈছে।

ধর্মীয় অনুষ্ঠানসমূহৰ নামত ৰাজকোষৰ ধন ব্যয় কৰাৰ সিদ্ধান্ত লোৱা হৈছে যদিও অর্থনৈতিক সংকটে জুৰুলা কৰা ৰাজ্যবাসীক মূল্যবৃদ্ধিৰ গ্ৰাসৰ পৰা সকাহ দিয়াৰ কোনো পদক্ষেপ বাজেটত গ্ৰহণ কৰা পৰিলক্ষিত নহ’ল।

যানবাহনৰ ওপৰত নতুন কৰ আৰোপ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা কৰি পুনৰ অতিৰিক্ত কৰৰ সন্ত্রাস সৃষ্টি কৰিব বিচৰা হৈছে। থলুৱা ভূমিহীন লোকক ভূমি প্রদান স্পষ্ট সিদ্ধান্ত উল্লেখ কৰা নহ’ল।

মুঠতে বিভিন্ন প্ৰতিশ্ৰুতিৰে পৰিপূৰ্ণ এখন গতানুগতিক বাজেট বিত্তমন্ত্রী অজন্তা নেওগে আজি অসম বিধানসভাত উত্থাপন কৰিলে বুলি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বই মন্তব্য প্রকাশ কৰে।