NORTHEAST NOW (Assamese)

কৃষিভূমিত উদ্যোগ স্থাপনৰ প্ৰস্তুতি বনিক গোষ্ঠীৰ : ঘাঁহীত কৃষক মুক্তিৰ উত্তাল প্ৰতিবাদ

September 13, 2018 7:48 pm · মিণ্টু দাস
কৃষিভূমি উদ্যোগৰ বাবে ব্যৱহাৰ নকৰাৰ দাবীত নগাঁৱৰ ঘাঁহীত কৃষক মুক্তিৰ প্ৰতিবাদ। ফটো : নৰ্থইষ্ট নাও

নগাঁৱৰ ঘাঁহীৰ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত বৃহস্পতিবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ঘাঁহী আঞ্চলিক সমিতিয়ে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়িত কৰে। কৃষক মুক্তি সংগ্ৰাম সমিতি ঘাঁহী আঞ্চলিক সমিতিয়ে ঘাঁহী চাৰিলেন যুক্ত ৰাজপথ বিজেপি, আৰ এছ এছ, বণিয়া গোষ্ঠী মুৰ্দাবাদ ধ্বনিৰে উত্তাল কৰি তোলে।কৃষিভূমি, অনা কৃষি কাৰ্যত ব্যৱহাৰ নকৰাৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰে ঘাঁহী আঞ্চলিক কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।

উল্লেখযোগ্য যে, বিগত কেইবছৰমানৰ পূৰ্বে বৃহত্তৰ অঞ্চলটোৰ প্ৰায় ৫০০০ হাজাৰ বিঘা কৃষিভূমি কৃষক ৰাইজৰ পৰা ক্ৰয় কৰিছিল নগাঁৱৰ কেইবাটাও বণিক গোষ্ঠীয়ে। কৃষি ভূমি ক্ৰয় কৰা সময়ত প্ৰতিশ্ৰুতি দিছিলে যে সেই মাটি কৃষিকাৰ্যত ব্যৱহৃত হ’ব। কিন্তু সেই প্ৰতিশ্ৰুতি নাৰাখি বৰ্তমান বণিক গোষ্ঠীয়ে সেই স্থানত উদ্যোগ নিৰ্মাণৰ বাবে প্ৰাৰম্ভিক পৰ্যায়ৰ কাম আৰম্ভ কৰিছে।

ইয়াৰ ফলত অঞ্চলটোৰ কৃষকসকলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। যাৰ ফলশ্ৰুতিত বৃহস্পতিবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।

আনহাতে, কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে সংবাদ মাধ্যমৰ জৰিয়তে ৰাজহ বিভাগ তথা কৃষি বিভাগক সকীয়াই দিয়ে যে, যদি উক্ত কৃষিভূমিত উদ্যোগ স্থাপন হয় তেন্তে পৰবৰ্তী সময়ত তেওঁলোকে জংগী আন্দোলন গঢ়ি তুলিব।

ইপিনে প্ৰতিবাদ চলি থকাৰ মাজতে প্ৰতিবাদস্থলীত আৰক্ষী তথা অৰ্ধসামৰিক বাহিনী উপস্থিত হয়। পিছত প্ৰতিবাদস্থলীত উপস্থিত হোৱা ৰহা ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে ৰাজ্য চৰকাৰৰ ৰাজহ বিভাগৰ মন্ত্ৰীলৈ প্ৰতিবাদকাৰীসকলে এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

Related News