• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

থলুৱা ভূমিহীন পৰিয়ালক ভূমিৰ অধিকাৰ প্ৰদান কৰাৰ দাবী কৃষক মুক্তি সংগ্ৰাম সমিতিৰ

জাহ্নৱী বৰুৱা,গুৱাহাটী by জাহ্নৱী বৰুৱা,গুৱাহাটী
March 30, 2022 9:04 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটী মহানগৰীৰ পাহাৰ, জলাশয়ৰ পাৰত আৰু চৰকাৰী মাটিত দীৰ্ঘদিন ধৰি বসবাস কৰি থকা পৰিয়ালসমূহক মাটিৰ অধিকাৰ প্ৰদান কৰাৰ দাবী জনাই জনালে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ।

সমিতিয়ে অভিযোগ কৰে যে বিভিন্ন সময়ত ৰাজ্য চৰকাৰেও অসমৰ থলুৱা পৰিয়ালৰ লোকক মাটিৰ পট্টা প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দি আহিছে যদিও আজিকোপতি কোনো ভূমিহীন পৰিয়ালে মাটিৰ অধিকাৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই।

Apply Now

এক বিবৃতিত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এনেদৰে কয়— ‘অসম ভূমি আৰু ৰাজহ অধিনিয়ম-১৮৮৬’ অনুসৰি থলুৱা ভূমিহীন পৰিয়ালক ৮ বিঘা পর্যন্ত মাটিৰ অধিকাৰ প্ৰদান কৰাৰ বিধি ব্যৱস্থা আছে। তেনেস্থলত স্বাধীনতাৰ ৭৫ বছৰ অতিক্ৰম কৰাৰ পিছতো অসমৰ লাখ লাখ পৰিয়ালে নিজৰ মাতৃভূমিতে ভেঁটি মাটিৰ পৰাও বঞ্চিত হৈ থাকিবলগীয়া হোৱাতো সঁচাকৈয়ে দুৰ্ভাগ্যৰ বিষয়।

বিজেপি দলৰ নেতৃত্বত আপোনালোকৰ চৰকাৰেও নিৰ্বাচনৰ পূৰ্বে জাতি মাটি-ভেটি ৰক্ষাৰ শ্লোগান দি থলুৱা ভূমিপুত্ৰসকলক ভূমি অধিকাৰৰ পৰা বঞ্চিত কৰি চৰম প্ৰতাৰণা কৰা পৰিলক্ষিত হৈছে। উল্লেখযোগ্য যে এতিয়ালৈকে অসমত ৩০ শতাংশতকৈয়ো অধিক ভূমিহীন কৃষক পৰিয়াল আছে।

বান, গৰাখহনীয়াত আক্ৰান্ত হৈ ৫ লাখৰ ওচৰা-ওচৰি পৰিয়ালে নিজৰ ভেঁটি মাটি ডোখৰ হেৰুৱাই মথাউৰিৰ ওপৰত অথবা পাহাৰ, বনাঞ্চল, জলাশয়ৰ পাৰ আদি বিভিন্ন চৰকাৰী ভূমিত অস্থায়ীভাবে বসবাস কৰি আছে। দীর্ঘদিন ধৰি ৰাজ্যৰ এনে বহু ভূমিহীন পৰিয়ালে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত মাটিৰ পট্টা প্ৰদান আৰু পুনৰ সংস্থাপনৰ দাবীত আন্দোলনৰ কাৰ্যসূচী ৰূপায়ন কৰিছে যদিও কোনো এখন চৰকাৰেও থলুৱা ভূমিহীন পৰিয়ালৰ মৰ্মবেদনা উপলব্ধি কৰিব পৰা নাই।

যাৰ বাবে অসমৰ ভূমিহীন লোকসকলৰ ভূমি সমস্যাৰ বিষয়টোৱে আজিও এক জলন্ত সমস্যা হিচাপে চিহ্নিত হৈ আহিছে। আনকি একাধিকবাৰ ভূমি অধিকাৰৰ দাবীত ৰাজপথত আন্দোলন কৰি কেইবাজনো লোকে আৰক্ষীৰ গুলীত ছহিদ হ’বলগীয়া হোৱাৰ উপৰি থলুৱা ভূমিপুত্ৰই নিজৰ অধিকাৰৰ দাবীত চৰম ত্যাগ কৰিবলৈ বাধ্য হৈছিল। কিন্তু পৰিতাপৰ বিষয় এই যে অসমত যুগ যুগ ধৰি বসবাস কৰি অহা থলুৱা ভূমিপুত্ৰকসকলক নিজৰ প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত কৰি বহিৰাগত পুঁজিপতি বণিয়াৰ হাতত চৰকাৰে ৰাজ্যৰ বহু মূল্যৱান মাটি হস্তান্তৰ কৰিছে।

শেহতীয়াকৈ গুৱাহাটী মহানগৰীৰ মাজমজিয়াতে ৰেল বিভাগৰ অধীনত থকা অতিৰিক্ত মাটি বিক্ৰী কৰি দিয়াৰ সিদ্ধান্ত লৈছে। গুৱাহাটী মহানগৰীৰ কামৰূপ আৰু কামৰূপ মহানগৰ জিলাতে যোৱা এটা দশকত প্রায় এক লাখ বিঘাতকৈয়ো অধিক মাটি থলুৱা কৃষকৰ হাতৰ পৰা পুঁজিপতি বণিয়াৰ হাতলৈ হস্তান্তৰিত হৈছে। এইদৰে অসমৰ প্ৰায় সকলো জিলাতে থলুৱা কৃষক পৰিয়ালৰ হাতত থকা বহু মাটি আৰু বৃহৎ পৰিমাণৰ চৰকাৰী ভূমি অতি কম মূল্যত পুঁজিপতি বণিয়াক গতাই দিয়াৰ ফলত দিনক দিনে থলুৱা ভূমিহীন লোকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে।

সেয়ে অসমৰ থলুৱা ভূমিহীন পৰিয়ালক মাটিৰ পট্টা প্ৰদান কৰা, বন অধিকাৰ আইন- ২০০৬ অনুসৰি বনাঞ্চলবাসীক
ভূমিৰ অধিকাৰ দিয়া, ২০১১ চনক ভিত্তি বর্ষ হিচাপে লৈ গুৱাহাটী মহানগৰবাসীৰ ভুমিৰ সমস্যা সমাধান কৰা আৰু অসমত এখন নতুন জাতীয় আৰু প্ৰগতিশীল তুমি আইন আৰু নীতি প্রণয়ন কৰিবলৈ দাবী জনাইছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ’।

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ দাবীসমূহ হৈছে:-

(১) অসমৰ প্ৰতিটো থলুৱা ভূমিহীন কৃষক পৰিয়ালক ৮ বিঘা পর্যন্ত ভূমিৰ অধিকাৰ প্ৰদান কৰাৰ ব্যৱস্থা কৰক।

(২) বন অধিকাৰ আইন-২০০৬ অনুসৰি বনাঞ্চলত বসবাস কৰা প্ৰতিটো জনজাতীয় আৰু অন্যান্য শ্ৰেণীৰ লোকক বনগাঁওবাসী হিচাপে স্বীকৃতি প্ৰদান কৰি ভূমিৰ অধিকাৰ প্ৰদান কৰক।
(৩) বান আৰু গৰাখহনীয়াত ক্ষতিগ্রস্ত হোৱা প্ৰতিটো ভূমিহীন পৰিয়ালক বিকল্প ভূমি প্ৰদান কৰি পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰক।
(৪) ২০১১ চনত ভিত্তি বর্ষ হিচাপে লৈ গুৱাহাটী মহানগৰীৰ পাহাৰ, প্ৰান্ট, জলাশয়ৰ পাৰ আৰু অন্যান্য চৰকাৰী ভূমিত বসবাস কৰি থকা প্ৰতিটো একক পৰিয়ালক ডেৰ কঠা পর্যন্ত মাটিৰ পট্টা প্ৰদান কৰক।
(৫) অসমৰ ভূমি বহিৰাগত পুঁজিপতি বণিয়াৰ হাতলৈ হস্তান্তৰিত কৰা বন্ধ কৰক।
(৬) অসমত এখন নতুন প্রগতিশীল ভূমি আইন অতিশীঘ্ৰে প্ৰস্তুত কৰি কাৰ্যকৰী কৰক।

জাহ্নৱী বৰুৱা,গুৱাহাটী

জাহ্নৱী বৰুৱা,গুৱাহাটী

Stay Connected

  • 117k Fans

Recent News

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 9:39 am
আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

June 6, 2026 9:28 am
দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

June 6, 2026 8:32 am
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

June 6, 2026 8:02 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 9:39 am
আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

June 6, 2026 9:28 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd