• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ধৈৰ্য কোঁৱৰ আৰু বিতু সোণোৱালৰ কোভিড-১৯ ফলাফল প’জিটিভ সন্দৰ্ভত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ চৰকাৰ, প্ৰশাসন আৰু কাৰাগাৰত কৰ্তৃপক্ষলৈ ৭ টা প্ৰশ্ন

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
July 9, 2020 8:48 pm
ধৈৰ্য্য কোৱৰৰ ফাইল ফটো

ধৈৰ্য্য কোৱৰৰ ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক’ৰ’না ভাইৰাছক লৈ ৰাজনীতি চলি আছে বুলি বিভিন্ন পক্ষই বহুদিন ধৰি অভিযোগ উত্থাপন কৰি আহিছে কিন্তু অসমত কেবল ক’ৰ’নাৰ ৰাজনীতিয়ে নহয় অসমত এতিয়া কৰ”নাৰ নামত বিৰোধী ৰাজনৈতিক শক্তিক দমন আৰু তিল-তিলকৈ হত্যাৰ ষড়যন্ত্ৰৰ ৰাজনীতি আৰম্ভ হোৱাৰ অভিযোগ উত্থাপন হৈছে।

ধৈর্য কোঁৱৰ, বিতু সোণোৱালৰ কভিড-১৯ প’জিটিভ ৰিজাল্ট অহাৰ পাছত কেৱল কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মাজতে নহয় সমগ্ৰ অসমবাসীৰ মনত উত্থাপন হৈছে এনে বহু প্ৰাসংগিক প্ৰশ্ন।

Apply Now

কাকতলৈ প্ৰেৰণ এক বিবৃতিৰ জৰিয়তে আজি কৃষক মুক্তি সংগ্ৰাম সমিতি ৰ সভাপতি ভাস্কো-ডি শইকীয়া, ৰাজু বৰা আৰু যুটীয়া সাধাৰণ সম্পাদক মুকুট ডেকাই নিম্ন লিখিত প্ৰশ্নসমূহৰ উত্থাপন কৰিছে।

১) গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰলৈ বহূদিন ধৰি বাহিৰৰ মানুহ যাবলৈ দিয়া হোৱা নায়। ক’ৰ’নাৰ সংক্ৰমণৰ আশংকাত কাৰাবন্দীসকলৰ শুনানিও ভিডিঅ’ কনফাৰেন্সিংৰ জৰিয়তে লৈ থকা হৈছে তেনেস্থলত কেনেকৈ ধৈৰ্য্য কোঁৱৰ আৰু বিতু সোণোৱালৰ গালৈ কেনেকৈ ক’ৰোনা বিয়পিল? বহুতেই আশংকা ব্যক্ত কৰিছে পৰিকল্পিতভাৱে অখিল গগৈ, ধৈর্য্য কোঁৱৰ, বিতু সোণোৱাল আৰু মানস কোৱৰৰ গালৈ ক’ৰ’নাৰ ভাইৰাচ বিয়পাই দিয়া হল নেকি বুলি? গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত কেনেকৈ ক’ৰোনা বিয়পিল- তাৰ এটা উচিত তদন্তৰ প্ৰয়োজন নাইনে বাৰু?

২)অখিল গগৈ ক’ৰ’না পজিটিভ নে নিগেটিভ? আজি বহুদিন ধৰি এই বিষয়কলৈ বিভিন্ন খবৰ প্ৰকাশ পালে কিন্তু কাৰাগাৰ কর্তৃপক্ষই হওক বা স্বাস্থ্য বিভাগেই হওক কোনেও বিষয়টো স্পষ্ট নকৰিলে অৱশেষত আদালতত গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰ কর্তৃপক্ষই জনাই ৰেপিড টেষ্টত অখিল গগৈৰ ক’ৰ’না নিগেটিভ ৰিজাল্ট আহিছে কিন্তু অসমত ইতিমধ্যে প’জিটিভ ৰোগীৰ নিগেটিভ ৰিজাল্ট অহাৰ আৰু নিগেটিভ ৰোগীৰ পজিটিভ ৰিজাল্ট অহাৰ খবৰ প্ৰকাশ পাইছে। অখিল গগৈৰ ক্ষেত্ৰতো যে সেইটো হোৱা নাই তাৰ কি নিশ্চিতি আছে? কেৱল ক’ৰ’না বুলিয়েই নহয়, ক’ৰ’না আক্ৰান্ত নহলেও অখিল গগৈ দীর্ঘদিন ধৰি ৰোগত ভুগি আছে, সেই ৰোগৰ কিয় চিকিৎসা কৰা হোৱা নাই?

৩) মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ৰ চিকিৎসকে কৈছে ধৈর্য্য কোঁৱৰ আৰু বিতু সোণোৱালে কেবিন বিচাৰিছে। কেবিন নাই, জেনেৰেল বেডত ভর্তি হোৱা নাই আৰু তাৰ বাবেহে চিকিৎসাত পলম হৈছে কিন্তু সঁচানে মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ৰ অধীক্ষকৰ বক্তব্য?

ধৈর্য্য কোঁৱৰ আৰু বিতু সোণোৱালৰ যে কোভিড-১৯ পজিটিভ হৈছে, দুয়োগৰাকীকে যে চিকিৎসালয়লৈ অনা হৈছে- এই বিষয়ে কাৰাগাৰ কর্তৃপক্ষই ধৈর্য কোঁৱৰ আৰু বিতু সোণোৱালৰ পৰিয়াল,সংগঠন, অধিবক্তা কাকোৱেই অৱগত কৰা নাছিল।এজন অচিনাকি ব্যক্তিয়ে নিশা ধৈর্য কোঁৱৰ আৰু বিতু সোণোৱালৰ কভিড-১৯ পজিটিভ হৈছে আৰু তেওঁলোকক চিকিৎসালয়লৈ অনাৰ খবৰটো জনাইছিল ৷ অর্থাৎ অচিনাক্ত হদয়বান ব্যক্তিজনে নজনোৱা হলে কোনেও গমেই নাপালেহেতেন যে ধৈর্য কোঁৱৰ আৰু বিতু সোণোৱালৰ কভিড-১৯ পজিটিভ হৈছে বুলি। গোটেই নিশা দুয়োজন বেডৰ অভাৱত চিকিৎসালয়ৰ ছাদত কটাব লগা হ’ল। কেবিন বিচৰাৰ বাবে নহয় এইয়া মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ৰ কর্তৃপক্ষৰ কোৱা মিছাৰ আঁৰৰ সত্য।

এতিয়া আহো কাৰাগাৰ কর্তৃপক্ষৰ প্ৰসংগলৈ।

কাৰাবন্দী সকল কি মানুহ নহয় নেকি? পৰিয়াল,সংগঠন অধিবক্তা কাকোৱেই নজনোৱাকৈ কাৰাগাৰ কর্তপক্ষই দুয়োজনকে আনি চিকিৎসালয়ত পেলাই থৈ গল। কিয় এনে কৰা হল?, গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰ কর্তৃপক্ষই ইয়াৰ উত্তৰ দিবনে?

৪) সকলোৱে জানে বহুদিন ধৰি জ্বৰ-কাঁহ হৈ থকাৰ পিছতো অখিল গগৈ, ধৈর্য কোঁৱৰ, বিতু সোণোৱাল আৰু মানস কোঁৱৰৰ ক’ৰ’নাৰ টেষ্ট কৰোৱা হোৱা নাছিল। এই বিষয়ক লৈ যেতিয়া প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল, তেতিয়া স্বয়ং ডিজিপি ভাস্কৰজ্যোতি মহন্তই সংবাদমেল পাতি তেওঁলোকৰ গাত ক’ৰ’নাৰ লক্ষণ নাই বুলি কৈছিল অৱশেষত আদালতৰ হস্তক্ষেপতহে অখিল গগৈ, ধৈর্য কোঁৱৰ, বিতু সোণোৱাল আৰু মানস কোঁৱৰৰ ক’ৰ’নাৰ টেষ্ট কৰোৱা হৈছিল। অর্থাৎ আদালতৰ হস্তক্ষেপ নোহোৱা হলে অখিল গগৈ, ধৈর্য কোঁৱৰ, বিতু সোণোৱাল আৰু মানস কোঁৱৰক জেলৰ ভিতৰতে মৰিবলৈ এৰি দিয়া হলহেতেন। এইয়াই নহয়, অখিল গগৈ, ধৈর্য কোঁৱৰ, বিতু সোণোৱাল আৰু মানস কোঁৱৰৰ সংস্পর্শলৈ অহা অন্য কয়দীৰো বিপদ মাতি অনা নহ’লহেতেননে?

৫) আজি যেনেকৈ অখিল গগৈ, ধৈর্য্য কোঁৱৰ, বিতু সোণোৱাল আৰু মানস কোঁৱৰক লৈ পৰিয়াল তথা সমগ্ৰ অসমবাসী চিন্তিত, তেনেকৈ নিশ্চিতভাৱে চিন্তিত হৈ আছে, গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত থকা অন্য কয়দীসকলৰ পৰিয়ালৰ লোক ৷ তেওঁলোকৰ কেতিয়া স্বাৱ সংগ্ৰহ কৰা হব? নে তাৰ বাবেও প্ৰয়োজন হব ন্যায়ালয়ৰ হস্তক্ষেপ?

৬) আমাৰ প্ৰশ্ন আছে অসমৰ ক’ৰ’না যুঁজৰ সেনাপতি হিমন্ত বিশ্ব শর্মালৈও। অখিল গগৈক, কৃষক মুক্তি সংগ্ৰাম সমিতিক আপুনি হয়তো ব্যক্তিগত ভাৱে বেয়া পায় কিন্তূ স্বাস্থ্য মন্ত্ৰী হিচাপে আপুনি ক’ৰোনা ৰোগীক ব্যক্তিগত ভালপোৱা- বেয়া পোৱাৰ তুলাচনীৰে চাব নেকি? যদি নাচায় আপোনাৰ প্ৰতি অনুৰোধ- বিতু সোণোৱালৰ এজমেটিক প্ৰব্লেম আছে। যিমানদূৰ জানো কৰোনা আক্ৰান্ত এজমেটিক ৰোগীক বিশেষ কেয়াৰৰ প্ৰয়োজন আছে। স্বাস্থ্য মন্ত্ৰী হিচাপে- শিক্ষা মন্ত্ৰী হিচাপে আপুনি বিতু সোণোৱালৰ বাবে বিশেষ কেয়াৰ ল’বলৈ নিদের্শ দিবনে? নে আপুনি ‘কা’ ৰ সমর্থক আৰু বিতু সোনোৱালক ‘কা’ বিৰোধী বাবে সি প্ৰয়োজনীয় চিকিৎসাৰ পৰা বঞ্চিত হ’ব?

৭) শেষত মুখ্য মন্ত্ৰী সর্বানন্দ সোণোৱালৰ ডাঙৰীয়া যোৱা কিছুদিনৰ অসমবাসীৰ প্ৰতিক্ৰিয়া কি, সেইয়া আপুনি দেখিছে। অখিল গগৈ, ধৈর্য কোঁৱৰ, বিতু সোণোৱাল আৰু মানস কোঁৱৰৰ স্বাস্থ্যৰ যদি অৱনতি ঘটে- চিকিৎসাত যদি কিবা হেমাহি হয়, তেন্তে সাজু থাকক এক গণ অভ্যুত্থানৰ বাবে৷ এয়াই কৃষক মুক্তি সংগ্ৰাম সমিতি তৰফৰ পৰা চৰকাৰ, প্ৰশাসন আৰু কাৰাগাৰ কৰ্তৃপক্ষলৈ শেষ আহ্বান।

দীপজ্যোতি শৰ্মা

দীপজ্যোতি শৰ্মা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

June 25, 2026 9:27 pm
ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

June 25, 2026 9:14 pm
শিৱৰাজ সিং চৌহানৰ পুত্ৰৰ মানহানিৰ গোচৰ: ৰাহুল গান্ধীয়ে আদালতত প্ৰকাশ কৰিলে অনুশোচনা

শিৱৰাজ সিং চৌহানৰ পুত্ৰৰ মানহানিৰ গোচৰ: ৰাহুল গান্ধীয়ে আদালতত প্ৰকাশ কৰিলে অনুশোচনা

June 25, 2026 8:41 pm
চাঞ্চল্যকৰ ঘটনা! অভিনেত্ৰীৰ ফ্লেটৰ পৰা উদ্ধাৰ যুৱ ব্যৱসায়ীৰ মৃতদেহ; তদন্ত আৰম্ভ আৰক্ষীৰ

চাঞ্চল্যকৰ ঘটনা! অভিনেত্ৰীৰ ফ্লেটৰ পৰা উদ্ধাৰ যুৱ ব্যৱসায়ীৰ মৃতদেহ; তদন্ত আৰম্ভ আৰক্ষীৰ

June 25, 2026 8:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

June 25, 2026 9:27 pm
ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

June 25, 2026 9:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd