NORTHEAST NOW (Assamese)

অখিল গগৈৰ ভূতে এতিয়া খেদি ফুৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক: কৃষক মুক্তিৰ বিস্ফোৰণ

July 11, 2021 5:27 pm · পার্শ্বজোতি গগৈ
শিৱসাগৰত দেওবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সংবাদমেল। ফটো: নৰ্থইষ্ট নাও।

খাওতেও অখিল গগৈ, শুৱতেও অখিল গগৈ। অখিল গগৈৰ ছাঁটোৱে এতিয়া হিমন্ত বিশ্ব শৰ্মাক খেদি ফুৰিছে।

বিধান সভাৰ অধিৱেশনত নিৰ্দলীয় বিধায়কে বক্তব্য ৰাখিবলৈ মাত্ৰ দুই মিনিট সময় পাব বুলি মুখ্যমন্ত্ৰীয়ে কোৱা মন্তব্যক তীব্ৰ সমালোচনা কৰি আজি শিৱসাগৰত অনুষ্ঠিত এক সংবাদ মেলত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক ধৈৰ্য কোঁৱৰে এই বিস্ফোৰক মন্তব্য কৰে।

বিধান সভাৰ অধিৱেশনৰ প্ৰাকক্ষণত মূল্যবৃদ্ধি ৰোধ কৰা আৰু ক’ভিড সংক্ৰমণ ৰোধত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বধীন চৰকাৰ সম্পূৰ্ণ ব্যৰ্থ হোৱা বুলি কয় কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।

ফাঁচি বজাৰৰ বনিয়াৰ পৰা বিগত নিৰ্বাচনত বিজেপি দলে চান্দা লোৱাৰ বাবেই আজি ব্যৱসায়ীসকলক নিয়ন্ত্ৰণ কৰিব পৰা নাই বুলিও এক গুৰুতৰ অভিযোগ কৰে সংগঠনটোৱে।

ইপিনে মূল্য বৃদ্ধি ৰোধ কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱা মুখ্যমন্ত্ৰীৰ লগতে যোগান মন্ত্ৰী ৰঞ্জিত দাসৰো তীব্ৰ সমালোচনা কৰে কৃষক মুক্তিৰ নেতা জনে।

ক’ভিড পৰিস্থিতিৰ সময়ত ৰাজ্যত হোৱা মূল্য বৃদ্ধিৰ সময়ত যোগান মন্ত্ৰী ৰঞ্জিত দাসে পুৱা দৌৰা আৰু শৰীৰ চৰ্চাৰ ফটো ফেচবুকত দিয়ে। মন্ত্ৰী ৰঞ্জিত দাসে এনে ধৰণৰ বেপেৰুৱা কাম কাজ কৰা বুলি কটাক্ষ কৰে কৃষক মুক্তিয়ে।

আনহাতে, ক’ভিড সংক্ৰমণ ৰোধ কৰাত চৰকাৰ সম্পূৰ্ণ ব্যৰ্থ বুলি অভিযোগ কৰি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে কয়, ‘’চৰকাৰে যিমানেই ঢাক ঢোল নবজাওক, কিন্তু এইটো সত্য যে বৰ্তমান অসমত দুই কোটিৰো অধিক লোকক ভেকচিন দিব পৰা নাই।‘’

ইয়াৰোপৰি সংবাদ মেলত লকডাউন, সান্ধ্য আইনৰ ফলত ক্ষতিগ্ৰস্ত প্ৰতিটো পৰিয়ালক ক্ষকিপূৰণ দিয়াৰ দাবী জনায় সংগঠনটোৱে।

এই বিষয় সমুহৰ ওপৰত আগন্তুক বিধান সভাৰ অধিৱেশনত সঠিক পদক্ষেপ নল’লে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৰাজ্যজুৰি তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিয়ে সংগঠনটোৱে।

Related News