NORTHEAST NOW (Assamese)

সাৱধান হওক, সতৰ্ক থাকক! দৈনন্দিন এই পাঁচটা কামে ৰক্তচাপ বৃদ্ধি কৰে; সময় থাকোতেই বন্ধ কৰক

June 1, 2025 1:18 pm · এন ই নাও নিউজ, গুৱাহাটী

উচ্চ ৰক্তচাপ এটা নিৰৱ ঘাতক। প্ৰাৰম্ভিক পৰ্যায়ত কোনো লক্ষণ নাথাকিলেও ই ভিতৰৰ পৰা হৃদযন্ত্ৰ, বৃক্ক, আনকি মগজুকো ক্ষতি কৰিবলৈ আৰম্ভ কৰে। বহুতে ভাবে যে অত্যধিক নিমখ খোৱাৰ ফলত বা বংশগত কাৰণতহে এই সমস্যাৰ সৃষ্টি হয়। কিন্তু বাস্তৱত আমাৰ দৈনন্দিন জীৱনৰ কিছুমান সাধাৰণ অভ্যাসেও অজানিতে ৰক্তচাপ বৃদ্ধি কৰিব পাৰে।

জানি লওক এনে পাঁচটা দৈনন্দিন অভ্যাস, যিবোৰ সলনি নকৰিলে ক্ৰমান্বয়ে উচ্চ ৰক্তচাপৰ সম্ভাৱনা বৃদ্ধি পাব।

) অত্যধিক কেফেইন সেৱন

ৰাতিপুৱা কফি একাপ নোহোৱাকৈয়ে দিনটো আৰম্ভ নহয়? অথবা আপুনি আপোনাৰ পঢ়া টেবুলত চাহ-কফি খাই ঘণ্টাৰ পিছত ঘণ্টা সময় কটায়? সাৱধান হওক। যদিও কেফেইনে মগজুক সাময়িকভাৱে উজ্জীৱিত কৰে, একাধিক গৱেষণাৰ পৰা দেখা গৈছে যে অত্যধিক কেফেইন সেৱনে হঠাতে চিষ্টোলিক ৰক্তচাপ ১০-১৫ পইণ্ট বৃদ্ধি কৰিব পাৰে। বিশেষকৈ যিসকলৰ উচ্চ ৰক্তচাপৰ আশংকাত আছে তেওঁলোকৰ বাবে দীৰ্ঘকালীনভাৱে এইটো বিপদজনক হ’ব পাৰে।

) অপৰ্যাপ্ত টোপনি

দেৰিলৈকে ছিৰিজ চাই জাগি থাকে নেকি? নে অত্যধিক কামৰ বোজাৰ বাবে তিনি-চাৰি ঘণ্টাৰ অধিক শুবলৈ নাপায়? কিন্তু শৰীৰে এই অনিয়ম সহজে মানি নলয়। যদি আপুনি পৰ্যাপ্ত পৰিমাণে শুব নাপায় তেন্তে শৰীৰত কৰ্টিছল আৰু এড্ৰিনেলিন হৰম’নৰ মাত্ৰা বৃদ্ধি পায়, যিয়ে প্ৰত্যক্ষভাৱে ৰক্তচাপ বৃদ্ধি কৰাত সহায় কৰে। অধ্যয়নত দেখা গৈছে যে যিসকলে নিয়মিতভাৱে ৬ ঘণ্টাৰ কম সময় শুৱে তেওঁলোকৰ উচ্চ ৰক্তচাপৰ সম্ভাৱনা দুগুণ বেছি।

৩) দীৰ্ঘ সময় বহি থকা

ৱৰ্ক ফ্ৰম হোম কালচাৰত লেপটপৰ সন্মুখত ঘণ্টাৰ পিছত ঘণ্টা সময় কটোৱাটো এতিয়া দৈনন্দিন পৰিঘটনা হৈ পৰিছে। কিন্তু এই বহি থকা জীৱনশৈলী ৰক্তচাপৰ অন্যতম অনুঘটক। যেতিয়া ৰক্ত সঞ্চালন লেহেমীয়া হয় তেতিয়া হৃদযন্ত্ৰৰ ওপৰত চাপ বাঢ়ি যায়, যাৰ ফলত উচ্চ ৰক্তচাপ হয়। বিশেষজ্ঞসকলে কয় যে প্ৰতি ৩০ মিনিটৰ মূৰে মূৰে কমেও ৫ মিনিট খোজ কাঢ়িব লাগে।

৪) নিমখৰ অত্যধিক ব্যৱহাৰ

চোডা, মুৰি, আলুৰ ভাজি বা ৰেষ্টুৰেণ্টৰ প্ৰিয় বিৰিয়ানী – ‘ছডিয়াম’ সকলোতে লুকাই আছে, যাৰ মূল উৎস নিমখ। অতিৰিক্ত নিমখে শৰীৰত পানী ধৰি ৰাখে, যাৰ ফলত ৰক্তনলীৰ চাপ বৃদ্ধি পায়। চিকিৎসকে দৈনিক ছডিয়ামৰ পৰিমাণ ৫ গ্ৰামৰ ভিতৰত ৰাখিবলৈ পৰামৰ্শ দিয়ে, যিটো মাত্ৰ এচামুচ নিমখৰ সমান। গতিকে বেছিকৈ নিমখ খালে উচ্চ ৰক্তচাপৰ সম্ভাৱনা বৃদ্ধি পাব।

) মানসিক চাপ আৰু উদ্বেগ

মন ভালে নাথাকিলে, শৰীৰটোও ভাল নাথাকে—এয়া কেৱল কোৱা কথা নহয়। দীৰ্ঘদিনীয়া মানসিক চাপ উচ্চ ৰক্তচাপৰ অন্যতম ডাঙৰ কাৰণ। কাৰ্টিছল আৰু এড্ৰিনেলিনৰ মাত্ৰা বৃদ্ধি হ’লে ৰক্তবাহী নলী সংকুচিত হৈ পৰে, হৃদযন্ত্ৰই অধিক কষ্ট কৰিবলগীয়া হয় আৰু ফলত ৰক্তচাপও ভয়ংকৰভাৱে বৃদ্ধি পায়। নিয়মীয়া ধ্যান, প্ৰাণায়াম, বা মন ভৰাই তোলা সৃষ্টিশীল কামত নিজকে ব্যস্ত কৰি ৰখাটো প্ৰয়োজনীয়। অন্যথা ৰক্তচাপ বৃদ্ধি পাব পাৰে।

অভ্যাসৰ সৰু সৰু পৰিৱৰ্তনে ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰিব পাৰে। দৈনিক চাহ-কফি খোৱাৰ পৰিমাণ নিয়ন্ত্ৰণ কৰা, সময়মতে শুই থকা, মাজে মাজে উঠি খোজ কঢ়া, খাদ্যত থকা নিমখৰ পৰিমাণ কমোৱা, মানসিক স্বাস্থ্য বজাই ৰখা—এই পাঁচটা সহজ অভ্যাস ৰক্তচাপ হ্ৰাস কৰাৰ মূল চাবিকাঠি হ’ব পাৰে।

Related News