• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

কেন্সাৰৰ বিষয়ে জানো আহক

ডাঃ বিক্ৰম কুমাৰ ডেকা by ডাঃ বিক্ৰম কুমাৰ ডেকা
February 1, 2023 7:52 am
Cancer
12
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্সাৰ- আমি সকলোৱেই জনা শুনা বা পৰিচিত এটি শব্দ। দুৰাৰোগ্য ৰোগ বুলিলেই সৰ্বপ্ৰথম সকলোৰে মনলৈ কেন্সাৰ বা কৰ্কট ৰোগৰ কথাই আহে। আজিৰ এই লেখা দুৰাৰোগ্য বুলি সৰ্বজনবিদিত কেন্সাৰ ৰোগ সম্পৰ্কেই। প্ৰকৃততে কেন্সাৰ কি আৰু কিদৰে মানৱ দেহত ইয়াৰ সৃষ্টি হয়, এই সকলোবোৰ বিষয় সম্পৰ্কে কিছু কথা সহজভাৱে জনাবলৈ ওলাইছো। কেন্সাৰ প্ৰকৃততে এক বৃহৎ সংখ্যক ৰোগৰ সমষ্টি। আমাৰ দেহটি অলেখ-অসংখ্য কোষৰ সমষ্টি বুলি আমি জানো। এই কোষসমূহেই এক স্বাভাৱিক বা নিয়ন্ত্ৰিত মাত্ৰাত বিভক্ত বা বিভাজন হৈ দেহৰ বৃদ্ধি ঘটায়। লগতে দেহৰ অভ্যন্তৰৰ কিছু অংশ, যেনে-খাদ্যনলী, হাঁওফাওঁৰ শ্বাস-প্ৰশ্বাস প্ৰক্ৰিয়াক চলোৱাৰ যি অংশ এনে কিছুমান অংশৰ প্ৰয়োজন সাপেক্ষে স্বাভাৱিক ৰূপত মেৰামতি কৰাৰ প্ৰক্ৰিয়াতো কোষসমূহে নিজ ভূমিকা পালন কৰি থাকে।

এনেদৰে হোৱা কোষ বিভাজন আৰু প্ৰসাৰণৰ এক নিৰ্দ্দিষ্ট তথা স্বাভাৱিক মাত্ৰা থাকে। পিছে, এই কোষসমূহেই কেতিয়াবা হঠাৎ এই স্বাভাৱিক মাত্ৰা হেৰুৱাই অনিয়ন্ত্ৰিত ৰূপত বৃদ্ধি পাবলৈ আৰম্ভ কৰে। এনেদৰে অনিয়ন্ত্ৰিত ৰূপত বৃদ্ধি পোৱা অৱস্থাই কেন্সাৰৰ ৰূপ লয় বা ইয়াকেই কৰ্কটীয় কোষ বা কেন্সাৰাছ চেল বুলি কোৱা হয়। কেন্সাৰজনিত কোষৰ অনিয়ন্ত্ৰিত ৰূপত, মাত্ৰাধিক হাৰত বৃদ্ধি হোৱাৰ পিছত, এই বৃদ্ধিয়েই ক্ৰমশঃ এটি অংগৰ পৰা আন অংগলৈ সম্প্ৰসাৰিত হ’বলৈ আৰম্ভ কৰে। এই অস্বাভাৱিক কোষৰ বৃদ্ধি শৰীৰৰ যিকোনো অংগতে হ’ব পাৰে।

Apply Now

কেন্সাৰ বা কৰ্কট ৰোগৰ কাৰক বহুত। অৰ্থাৎ ভিন্ন ধৰণৰ কাৰকৰ ফলত এজন ব্যক্তি কৰ্কট ৰোগত আক্ৰান্ত হ’ব পাৰে। অতিকৈ পৰিতাপৰ কথা যে- বৰ্তমান সময়ত সমগ্ৰ বিশ্বতেই কেন্সাৰ ৰোগত আক্ৰান্ত ব্যক্তিৰ সংখ্যা খুবেই চকুত লগা হাৰত বৃদ্ধি পাইছে, আৰু ই এতিয়াও ক্ৰমবৰ্দ্ধমান। যিহেতু কেন্সাৰ প্ৰাণঘাটী ৰোগ হ’ব পাৰে, গতিকেই ইয়াৰ কাৰকসমূহৰ বিষয়ে আমি অৱগত হ’লে বা জানিলে, কেন্সাৰৰ পৰা নিজকে দূৰৈত ৰখাত নিশ্চয়কৈ কিছু সহজ হ’ব। এনে কেইটিমান কাৰক হৈছে-
১)পৰিবেশ কেন্দ্ৰিকঃ অৰ্থাৎ, চৌপাশৰ পৰিবেশে এজন ব্যক্তিৰ ওপৰত পেলোৱা ভিন্ন ধৰণৰ মানসিক, শাৰিৰীক প্ৰভাৱ। এইক্ষেত্ৰত ধঁ‌পাত জাতীয় সামগ্ৰী সেৱন বা ধূম্ৰপান, বৰ্দ্ধিত প্ৰদূষণ আদি একো একোটা পৰিবেশ কেন্দ্ৰিক কাৰক।
২)অ-স্বাস্থ্যসন্মত খাদ্যাভাষঃ বৰ্তমান সময়ৰ জীৱনচৰ্যাৰ খুবেই স্বাভাৱিক এক অংশ হৈছে অ-স্বাস্থ্যসন্মত খাদ্যাভাষ। অৰ্থাৎ, যি খাদ্য আমাৰ শৰীৰৰ বাবে উপযোগী নহয়। ফাষ্ট ফুড, জাংক ফুড বা পুৰা খাদ্য আদিৰ প্ৰচলন আৰু জনপ্ৰিয়তা অতিকেই বৃদ্ধি পাইছে। এনে অ-স্বাস্থ্যসন্মত খাদ্যাভাষো কেন্সাৰ ৰোগৰ এক অন্যতম কাৰক।

৩)মেদবহুলতাঃ মেদবহুলতাও কেন্সাৰ ৰোগ সৃষ্টিৰ অন্য এক কাৰক। শাৰিৰীক পৰিশ্ৰম বা ব্যায়াম আদিৰ অভাৱ আৰু খাদ্যাভাষৰ ফলত, অনিয়ন্ত্ৰিত ৰূপত এজন ব্যক্তিৰ ওজন বৃদ্ধি পায়। ই এক জীৱনচৰ্যা কেন্দ্ৰিক(লাইফষ্টাইল)অৱস্থাই। এই অৱস্থাৰ ফলতো এজন ব্যক্তি কেন্সাৰৰ চিকাৰ হ’ব পাৰে।

৫)বৰ্দ্ধিত বয়সঃ এজন ব্যক্তিৰ বাঢ়ি অহা বয়স, তেওঁ‌ৰ কেন্সাৰ ৰোগত আক্ৰান্ত হোৱাৰ আন এক কাৰক। বৰ্দ্ধিত বয়সৰ লগে লগেই মানুহৰ দেহত এনেয়ো আন কিছুমান আনুষংগিক ৰোগেও দেখা দিয়ে। এই ৰোগসমূহৰ লগতেই কেন্সাৰ ৰোগে দেখা দিয়াৰ সম্ভাৱনাও প্ৰবল। উল্লেখনীয় যে, বৰ্তমান সময়ত সমগ্ৰ বিশ্বতেই আকৌ মানুহৰ জীৱনকালৰ ব্যাস বা বয়সকাল বৃদ্ধি পাইছে। ই এক ইতিবাচক কথা যদিও, লগতে ই কেন্সাৰৰ বৃদ্ধি ক্ষেত্ৰতো প্ৰাবল্য বৃদ্ধি কৰিছে।

৬)বংশানুক্ৰমিক কাৰকঃ যদিওবা উচ্চ ৰক্তচাপ, মধুমেহ আদি ৰোগৰ দৰে কৰ্কট ৰোগৰ বংশানুক্ৰমিক প্ৰৱণতা যথেষ্ট কম, তথাপিও কিছু কিছু ক্ষেত্ৰত আৰু কিছু বিশেষ অংগৰ কেন্সাৰ ৰোগ বংশানুক্ৰমিক হোৱাৰ সম্ভাৱনাও থাকে।

উপৰোক্ত কাৰকসমূহ আমি জানিব পাৰিলো, যিসমূহ কেন্সাৰ ৰোগৰ কাৰক হ’ব পাৰে। গতিকে, এতিয়া এই কাৰকসমূহৰ পৰা নিজকে আঁতৰাই ৰাখি বা প্ৰয়োজনীয় সাৱধানতা অৱলম্বন কৰিলে কেন্সাৰ ৰোগৰ পৰা হাত সাৰি থাকিব পৰাত সহায়ক হ’ব। কাৰক হ’ব পৰা সামগ্ৰী সেৱনৰ পৰা বিৰত থকা, পুষ্টিদায়ক বা সুষম খাদ্য গ্ৰহণ কৰা, শাৰিৰীক ব্যায়াম বা পৰিশ্ৰম কৰা, বৰ্দ্ধিত বয়সৰ লগত সৃষ্ট ৰোগবিলাকৰ পৰা বাচি থাকিব পৰাকৈ বা নিয়ন্ত্ৰণ কৰি ৰাখিব পৰাকৈ পূৰ্বৱৰ্তী প্ৰয়োজনীয় সতৰ্কতা অৱলম্বন কৰা আৰু পৰিয়াল-পৰিজনৰ নিকটাত্মীয় কাৰোবাৰ কৰ্কট ৰোগ হোৱাৰ ইতিহাস থাকিলে, মাজে-সময়ে আনুষংগিক পৰীক্ষণ আদি কৰি থাকিলে কেন্সাৰৰ পৰা হাত সাৰি থকাত যথেষ্ট সহায়ক হয়।

আমাৰ ভাৰতবৰ্ষতেই ২০২০ চনত কৰ্কট ৰোগত আক্ৰান্ত হোৱা ব্যক্তিৰ সংখ্যা আছিলে ১,৩৯২,১৭৫ জন। ই খুব এক ভাল লগা বিধৰ পৰিসংখ্যা নহয়। আৰু এই পৰিসংখ্যাত ধঁ‌পাত জাতীয় সামগ্ৰী সেৱন কৰাৰ ফলস্বৰূপে হোৱা কৰ্কট ৰোগীৰ শতাংশ- ২৭•১। এইবিলাক যদিও আশাব্যঞ্জক ছবি নহয়, পিছে আশাব্যঞ্জক কথা এটাই যে- কেন্সাৰ ৰোগত আক্ৰান্ত হোৱা মানেই জীৱনৰ শেষ নহয়। বৰ্তমান সময়ত কেন্সাৰৰ ভিন্ন ন-ন চিকিৎসা পদ্ধতি ওলাইছে আৰু প্ৰাৰম্ভিক পৰ্যায়ত এই ৰোগ ধৰা পৰিলেও চিকিৎসাৰ আগবঢ়াই নিয়াত অধিক সহায়ক হয়। কেন্সাৰৰ বিষয়ে আৰু বহু কথা আছে-যিবিলাক পৰৱৰ্তী সময়ত আপোনালোকক জনাই যোৱাৰ প্ৰয়াস অব্যাহত থাকিব।

(লেখক ডাঃ বিক্ৰম কুমাৰ ডেকা কেন্সাৰ ৰোগ বিশেষজ্ঞ, ৰ’ব’টিক শল্য চিকিৎসক, বি এল কে মেক্স হাস্পতাল, দিল্লী। লেখকৰ ফোন: ৯৫৬০৬৩০২০৫)

ডাঃ বিক্ৰম কুমাৰ ডেকা

ডাঃ বিক্ৰম কুমাৰ ডেকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

July 5, 2026 8:51 am
বিপদত ত্ৰাণকৰ্তা এমবাপে, পেৰাগুৱেৰ প্ৰত্যাহ্বান নেওচি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স

বিপদত ত্ৰাণকৰ্তা এমবাপে, পেৰাগুৱেৰ প্ৰত্যাহ্বান নেওচি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স

July 5, 2026 8:34 am
মেলবৰ্ণত মোডীক হত্যাৰ ষড়যন্ত্ৰ! ভ্ৰমণৰ পূৰ্বে অনলাইনত ভাবুকি; অষ্ট্ৰেলিয়া প্ৰশাসনে দিলে নিৰাপত্তাৰ আশ্বাস

মেলবৰ্ণত মোডীক হত্যাৰ ষড়যন্ত্ৰ! ভ্ৰমণৰ পূৰ্বে অনলাইনত ভাবুকি; অষ্ট্ৰেলিয়া প্ৰশাসনে দিলে নিৰাপত্তাৰ আশ্বাস

July 5, 2026 7:37 am
মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

July 5, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

July 5, 2026 8:51 am
বিপদত ত্ৰাণকৰ্তা এমবাপে, পেৰাগুৱেৰ প্ৰত্যাহ্বান নেওচি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স

বিপদত ত্ৰাণকৰ্তা এমবাপে, পেৰাগুৱেৰ প্ৰত্যাহ্বান নেওচি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স

July 5, 2026 8:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd