• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

চাৰ্ভাইকেল স্পণ্ডাইল’ছিছ কি জানো আহক

ডাঃ শাহানুৰ ৰহমান by ডাঃ শাহানুৰ ৰহমান
November 29, 2022 7:21 pm
91
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমাৰ ৰাজহাঁড়দাল মগজুৰ তলৰ পৰা বা ঠিক গলধনৰ উপৰিভাগৰ পৰাই আৰম্ভ হয়। এই আৰম্ভণিৰ অংশটিকেই চিকিৎসা বিজ্ঞানৰ ভাষাত চাৰ্ভাইকেল (cervical) বুলি কোৱা হয়। ৰাজহাড়দাল এনেদৰেই কঁকালৰ নিম্নাংশ পৰ্যন্ত ব্যাপি থাকে। এই ৰাজহাঁড়দাল, বহুসংখ্যক আঙুঠিৰ আকৃতিত মেৰ খাই থকা হাড়ৰ সমষ্টি। ইয়াৰে মাজৰ খণ্ডবিলাক ডিস্ক বুলি কোৱা হয়। এই সমগ্ৰ ৰাজহাঁড়দালৰে অংশ বিশেষত সময়-পৰিস্থিতি সাপেক্ষে ভিন্ন সমস্যা বা জটিলতাৰ সৃষ্টি হ’ব পাৰে। পূৰ্বে এবাৰ শ্লিপ ডিস্কৰ বিষয়ে লিখা হৈছে। এইবাৰ পিছে,ৰাজহাড়ৰ আটাইতকৈ ওপৰৰ অংশ চাৰ্ভাইকেলৰ এক সমস্যা বা ৰোগ, চাৰ্ভাইকেল স্পণ্ডাইল’ছিছ বিষয়ে জনাব বিচাৰিছো। এইবিধ ৰোগৰ আচলতে বয়সৰ লগত সম্পৰ্ক আছে। বৰ্দ্ধিত বয়সৰ লগত এই ৰোগৰ সম্ভাৱনা বাঢ়ি যায়।

বৰ্দ্ধিত বয়সৰ সমান্তৰালকৈ মেৰুদণ্ডদালৰ বিভিন্ন অংশত প্ৰভাৱ পৰিবলৈ আৰম্ভ কৰে। তেনে এক প্ৰভাৱেই হৈছে মেৰুদণ্ডদালৰ ডিঙি বা গলধনৰ অংশ কিছু কিছু পৰিমাণে ক্ষয় যাবলৈ আৰম্ভ কৰে। আৰু এনেদৰে ক্ষয় যোৱাৰ ফলতেই এই চাৰ্ভাইকেল অংশত বিভিন্ন সমস্যাৰ সৃষ্টি হয়। এনে কিছুমান সমস্যাৰ বা লক্ষণকে চাৰ্ভাইকেল স্পণ্ডাইল’ছিছ বুলি কোৱা হয়। চাৰ্ভাইকেল স্পণ্ডাইল’ছিছত মেৰুদণ্ড বা ৰাজহাড়ত থকা ডিস্কৰ জুলীয়া অংশ শুকাবলৈ বা সংকুচিত হ’বলৈ আৰম্ভ কৰে। ফলস্বৰূপে ডিস্ক স্পেছ কমি আহে আৰু মেৰুদণ্ডৰ হাড়ৰ মাজৰ জয়েন্টবোৰ বেছি ঘহনি খাব আৰম্ভ কৰে, এই অৱস্থাক চাৰ্ভাইকেল অষ্টিঅ’আৰ্থাৰাইটিছ  আৰম্ভ হোৱাৰ প্ৰাৰম্ভিক পৰ্যায় বুলিব পাৰি। লাহে লাহে চাৰ্ভাইকেল ডিস্ক প্ৰলাপ্ছ হয় । এই অষ্টিঅ’আৰ্থাৰাইটিছ আৰু ডিস্ক প্ৰলাপ্ছ হোৱা বাবে না‌ৰ্ভ ৰুট ইৰিটেশন হয়। 

Apply Now

এনেদৰেই ক্ৰমশঃ চাৰ্ভাইকেল স্পণ্ডাইল’ছিছ আৰম্ভ হয়। চাৰ্ভাইকেল স্পণ্ডাইল’ছিছ এবিধ সচৰাচৰ হ’ব পৰা বিধৰে ৰোগ যদিও,জীৱনকালৰ যিকোনো সময়তো এই ৰোগ কেতিয়াবা আৰম্ভ হ’লেও,বয়স বঢ়াৰ লগে লগে ইয়াৰ জটিলতাও বেছি হ’বলৈ ধৰে। ৬০বছৰ বয়সৰ উৰ্দ্ধৰ প্ৰায় ৮৫% লোকেই এই ৰোগত আক্ৰান্ত হোৱা দেখা যায়। সাধাৰণতে চাৰ্ভাইকেল স্পণ্ড’লছিছৰ তেনে কোনো লক্ষণ সহজে দেখা নিদিয়ে যদিও,যদিহে ইয়াৰ লক্ষণসমূহে দেখা দিবলৈ আৰম্ভ কৰে,তেন্তে অস্ত্ৰোপচাৰ অবিহনেও ইয়াৰ চিকিৎসা সম্ভৱ। বিভিন্ন কাৰণবশতঃ যেতিয়া মেৰুদণ্ড অথবা সীৰাসমূহৰ গুৰিত অত্যধিক চাপ পৰিবলৈ আৰম্ভ কৰে,তেতিয়া এই অংশবোৰ মুচৰ খোৱাৰ দৰে এক অৱস্থাৰ সৃষ্টি হয়। এনে অৱস্থাতেই চাৰ্ভাইকেল স্পণ্ডাইল’ছিছ ভোগা ব্যক্তিসকলে তলত উল্লেখ কৰা লক্ষণসমূহ অনুভৱ কৰিব পাৰে-

১) হাত, কান্ধ, ভৰি আৰু ভৰিৰ পতাত জিনজিননি, সাৰসুৰ নোহোৱা হোৱা বা দুৰ্বলতা অনুভৱ কৰা,

২) খোজ কাঢ়োতে ভাৰসাম্য ৰক্ষা কৰাত সমস্যা আৰু জটিলতাৰ সৃষ্টি হোৱা,

৩) শৌচ-প্ৰস্ৰাৱ নিয়ন্ত্ৰণ কৰাত জটিলতাৰ সৃষ্টি হোৱা ইত্যাদি।

এতিয়া আহিছো এই চাৰ্ভাইকেল স্পণ্ডাইল’ছিছ ৰোগ কিয় হয়,তাৰ কিছুমান কাৰণৰ কথালৈ।  বয়স বৃদ্ধিৰ সমান্তৰালকৈ,মেৰুদণ্ড আৰু ডিঙিৰ যি গঠন থাকে,সেই গঠনত ক্ষয়িষ্ণুতা আৰম্ভ হয়। আৰু এই ক্ষয়িষ্ণুতাৰ ফলতেই নিম্নোক্ত কিছুমান সমস্যাৰ সৃষ্টি হয়-

১) সাধাৰণতে ৪০বছৰ বয়সৰ পিছত মেৰুদণ্ডৰ ডিস্ক অৰ্থাৎ আঙুঠিৰ আকৃতিৰ হাড়ৰ অংশবিলাক ক্ৰমশঃ শুকাবলৈ আৰম্ভ কৰে। অৰ্থাৎ ইয়াত থাকিবলগীয়া তৰল পদাৰ্থসমূহ কমি আহে। ইয়াৰ ফলত এই ডিস্কবিলাক শুকাবলৈ আৰু সংকুচিত হ’বলৈ আৰম্ভ কৰে, যাৰবাবে কশেৰুকাত হাড়ৰ লগত হাড় বেছিকৈ ঘঁ‌হনি খাবলৈ আৰম্ভ কৰে। ই চাৰ্ভাইকেল স্পণ্ড’লছিছৰ এটা মূখ্য কাৰণ।

২) মেৰুদণ্ডত হোৱা ক্ষয়ৰ ফলত,মেৰুদণ্ডৰ ডিস্কসমূহৰ বাহিৰৰ অংশতো ফাট মেলিবলৈ আৰম্ভ কৰে,আৰু এনেদৰে ডিস্কৰ বাহিৰত মেলা ফাটৰ ফলত ডিস্কৰ ভিতৰৰ কোমল অংশটোত চাপ পৰি ই ফাট মেলা অংশৰে বাহিৰলৈ ওলাই আহিব পাৰে। এনে অৱস্থাত, এই বাহিৰ হোৱা কোমল অংশবিলাকে মেৰুদণ্ড আৰু সীৰাসমূহৰ গুৰিত হেঁ‌চা বা চাপ পেলায়। ই আন এক কাৰণ, চাৰ্ভাইকেল স্পণ্ডাইল’ছিছৰ।

৩) মেৰুদণ্ডৰ ডিস্কসমূহ ভাঙিবলৈ ধৰাৰ ফলত, শৰীৰটোৱে মেৰুদণ্ডক শক্তিশালী কৰি ৰাখিবৰ বাবে নিজস্বভাৱে কিছুমান হাড়ৰ সৃষ্টি কৰে, যি শৰীৰৰ স্বাভাৱিক প্ৰক্ৰিয়া নহয়। এনেদৰে অস্বাভাৱিকভাৱে সৃষ্টি হোৱা হাড়বিলাকেও বহু সময়ত মেৰুদণ্ড আৰু সীৰাৰ গুৰিবিলাকত চাপৰ সৃষ্টি কৰে, ইয়াৰ ফলস্বৰূপে চাৰ্ভাইকেল স্পণ্ডাইল’ছিছ হ’ব পাৰে।

৪) মানুহৰ দেহৰ অংশবিশেষে এনে কিছুমান কোষৰ সমষ্টিৰ তন্ত্ৰী থাকে, যিবিলাকে এডাল হাড়ক আন এডাল হাড়ৰ লগত সংযুক্ত কৰি ৰাখে। মেৰুদণ্ডত থকা এনে তন্ত্ৰীবিলাক (লিগামেন্ট) বৰ্দ্ধিত বয়সৰ সমান্তৰালকৈ ঠৰঙা লাগিবলৈ আৰম্ভ কৰে, যাৰফলত ডিঙিৰ অংশটিৰ নমনীয়তা কম কৰে। ই আন এক কাৰণ চাৰ্ভাইকেল স্পণ্ডাইল’ছিছ।

  চাৰ্ভাইকেল স্পণ্ডাইল’ছিছ হোৱাৰ ক্ষেত্ৰত আন কিছুমান বিশেষ কাৰক হৈছে-

১) দীঘলীয়া সময়ৰ বাবে এনেধৰণৰ কাম কৰা,য’ত ডিঙিৰ গতিবিধি বেছি থাকে,

২) ডিঙি আঘাতপ্ৰাপ্ত হ’লে,

৩) পৰিয়ালকেন্দ্ৰিক কাৰণ,অৰ্থাৎ পৰিয়ালত কাৰোবাৰ চাৰ্ভাইকেল স্পণ্ডাইল’ছিছ থাকিলে,বংশানুক্ৰমে পিছৰ প্ৰজন্মও এই ৰোগৰ চিকাৰ হ’ব পাৰে,

৪) ধূম্ৰপান আন এক বিশেষ কাৰণ হ’ব পাৰে চাৰ্ভাইকেল স্পণ্ডাইল’ছিছ হোৱাৰ।

আপোনাৰ দেহত উপৰোক্ত লক্ষণসমূহে দেখা দিলে,ততালিকে স্নায়ুৰোগ বিশেষজ্ঞৰ কাষ চাপক। চিকিৎসকে আপোনাৰ সমস্যাসমূহ শুনাৰ পিছত এক্স-ৰে, এম আৰ আই, অথবা চি টি স্কেন  আদি বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ মাজেৰে এই ৰোগ নিৰ্ধাৰণ কৰি, যাৱতীয় চিকিৎসা প্ৰক্ৰিয়া আগবঢ়াব। চাৰ্ভাইকেল স্পণ্ডাইল’ছিছৰ চিকিৎসা এই ৰোগৰ জটিলতাৰ ভিত্তিত কৰা হয়। এই চিকিৎসাৰ মূল লক্ষ্য হৈছে ৰোগীজনক বিষৰ পৰা মুক্ত কৰা আৰু গতানুগতিক দৈনন্দিন কাম-কাজবিলাক সহজভাৱে কৰিব পৰাকৈ সক্ষম কৰি তোলা। বিভিন্নধৰণৰ দৰৱ আৰু কিছুমান আসন আদিৰ জড়িয়তে প্ৰথমেই চিকিৎসা প্ৰদান কৰা হয়।

এই ৰোগবিধৰ প্ৰাৰম্ভিক পৰ্যায়তে ধৰা পৰিলে, এইখিনি চিকিৎসাৰ সহায়ত ৰোগীজন সুস্থ হৈ উঠা সম্ভৱ। পিছে,এইখিনি চিকিৎসাতো সুস্থ নহ’লে,বা ইয়াতকৈ অধিক জটিল অৱস্থাত থাকিলে অস্ত্ৰোপচাৰৰ প্ৰয়োজনো হ’ব পাৰে। গতিকেই সামান্য এনে অসুবিধাৰ সন্মুখীন হ’লেই যিমান পাৰে সোনকালে চিকিৎসকৰ কাষ চাপক।

(ডাঃ শাহানুৰ ৰহমান, এম বি বি এছ, এম এছ (জি এম চি এইচ), এম চি এইচ নিউৰ’চাৰ্জাৰী (হাইদৰাবাদ), স্নায়ু-শৈল্যৰোগ বিশেষজ্ঞ, গুৱাহাটী মেট্ৰ’ হস্পিটেল।)

ডাঃ শাহানুৰ ৰহমান

ডাঃ শাহানুৰ ৰহমান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিবিচিত বৃহৎ সংখ্যক কৰ্মচাৰীক অব্যাহতিৰ প্ৰস্তুতি! চাকৰি হেৰুৱাব ২,০০০ কৰ্মচাৰীয়ে

বিবিচিত বৃহৎ সংখ্যক কৰ্মচাৰীক অব্যাহতিৰ প্ৰস্তুতি! চাকৰি হেৰুৱাব ২,০০০ কৰ্মচাৰীয়ে

June 15, 2026 5:46 pm
দিল্লীৰ আই ভি এফ কেন্দ্ৰৰ ভয়ংকৰ কাণ্ড : ডি এন এ পৰীক্ষাত পোহৰলৈ আহিল পিতৃ-মাতৃৰ নহয় যমজ কন্যা সন্তান

দিল্লীৰ আই ভি এফ কেন্দ্ৰৰ ভয়ংকৰ কাণ্ড : ডি এন এ পৰীক্ষাত পোহৰলৈ আহিল পিতৃ-মাতৃৰ নহয় যমজ কন্যা সন্তান

June 15, 2026 5:26 pm
নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কৰাৰ নামত কোটি টকীয়া প্ৰৱঞ্চনা : ৰাজস্থানৰ পৰা দুজনক গ্ৰেপ্তাৰ কৰিলে আহমেদাবাদ আৰক্ষীয়ে

নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কৰাৰ নামত কোটি টকীয়া প্ৰৱঞ্চনা : ৰাজস্থানৰ পৰা দুজনক গ্ৰেপ্তাৰ কৰিলে আহমেদাবাদ আৰক্ষীয়ে

June 15, 2026 4:40 pm
মুম্বাইৰ সমীপত জনপ্ৰিয় টেলিভিছন অভিনেত্ৰী সঞ্চিতা উগালেৰ কৰুণ মৃত্যু, ২২ বছৰ বয়সতে বাচি ল’লে চৰম পথ

মুম্বাইৰ সমীপত জনপ্ৰিয় টেলিভিছন অভিনেত্ৰী সঞ্চিতা উগালেৰ কৰুণ মৃত্যু, ২২ বছৰ বয়সতে বাচি ল’লে চৰম পথ

June 15, 2026 4:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিবিচিত বৃহৎ সংখ্যক কৰ্মচাৰীক অব্যাহতিৰ প্ৰস্তুতি! চাকৰি হেৰুৱাব ২,০০০ কৰ্মচাৰীয়ে

বিবিচিত বৃহৎ সংখ্যক কৰ্মচাৰীক অব্যাহতিৰ প্ৰস্তুতি! চাকৰি হেৰুৱাব ২,০০০ কৰ্মচাৰীয়ে

June 15, 2026 5:46 pm
দিল্লীৰ আই ভি এফ কেন্দ্ৰৰ ভয়ংকৰ কাণ্ড : ডি এন এ পৰীক্ষাত পোহৰলৈ আহিল পিতৃ-মাতৃৰ নহয় যমজ কন্যা সন্তান

দিল্লীৰ আই ভি এফ কেন্দ্ৰৰ ভয়ংকৰ কাণ্ড : ডি এন এ পৰীক্ষাত পোহৰলৈ আহিল পিতৃ-মাতৃৰ নহয় যমজ কন্যা সন্তান

June 15, 2026 5:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd