গুলাব চান্দ কাটাৰিয়া: ৰাজস্থানৰ বিজেপি নেতা অসমৰ নতুন ৰাজ্যপালৰ বিষয়ে জানক সৱিশেষ

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে দেওবাৰে অসমত গুলাব চান্দ কাটাৰিয়াকে ধৰি কেইবাখনো ৰাজ্যৰ বাবে নতুন ৰাজ্যপাল নিযুক্ত কৰে। ৰাজ্যপাল হিচাপে নিযুক্তি ঘোষণা কৰাৰ পিছত কাটাৰিয়াই জয়পুৰত কয় যে তেওঁৰ এই বিষয়ে কোনো আগতীয়া জ্ঞান নাছিল। অৱশ্যে, তেওঁ কালি ফোনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে কথা পাতিছিল।

ৰাজস্থানৰ বিজেপিৰ অন্যতম ডাঙৰ নেতা গুলাব চান্দ কাটাৰিয়াক অসমৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে। ৭৮ বছৰীয়া প্ৰবীণ নেতাগৰাকীক ৰাজ্যপাল হিচাপে নিযুক্তি দিয়াৰ পিছত দলটোৱে এতিয়া ৰাজস্থান বিধানসভাত এজন নতুন বিৰোধী দলপতি নিৰ্বাচিত কৰিব লাগিব। কিয়নো কাটাৰিয়া বৰ্তমান ৰাজস্থান বিধানসভাৰ বিৰোধী দলৰ নেতা।

কাটাৰিয়া ৰাজ্যখনত অষ্টমবাৰৰ বাবে বিধায়ক নিৰ্বাচিত হৈছিল। ২০০৩ চনৰ পৰা তেওঁ উদয়পুৰ মহানগৰ বিধানসভা সমষ্টিৰ বিধায়ক হৈ আছে। তেওঁৰ দীঘলীয়া ৰাজনৈতিক কেৰিয়াৰত তেওঁ গৃহ, শিক্ষা, গ্ৰামোন্নয়ন আৰু পঞ্চায়তী ৰাজ, দুৰ্যোগ ব্যৱস্থাপনা আদি গুৰুত্বপূৰ্ণ বিভাগৰ মন্ত্ৰী আছিল। গুলাব চান্দ কাটাৰিয়া এবাৰ সাংসদো আছিল।

অসমৰ ৰাজ্যপাল হিচাপে নিযুক্তি লাভ কৰা গুলাব চান্দ কাটাৰিয়া আইনৰ স্নাতক। তেওঁৰ বি এড ডিগ্ৰীও কৰিছে।

কাটাৰিয়া ৰাজ্যখনৰ উদয়পুৰ অঞ্চলৰ পৰা আহিছে। ৰাজনৈতিক বিশেষজ্ঞসকলৰ মতে, এই বছৰৰ বিধানসভা নিৰ্বাচনৰ ঠিক আগতে ৰাজ্যপাল হিচাপে তেওঁৰ নিযুক্তিয়ে দলটোৰ ৰাজ্যিক সংগঠনক এক ডাঙৰ সংকেত দিছে।

কাটাৰিয়াক ৰাজস্থান বিজেপিৰ জ্যেষ্ঠ নেতাসকলৰ মাজত গণ্য কৰা হয়। তেওঁ এজন আৰ এছ এছ স্বেচ্ছাসেৱক আছিল আৰু তাৰ পিছত জনসংঘত যোগদান কৰিছিল। কাটাৰিয়া জনসংঘ আৰু বিজেপিৰ প্ৰাৰম্ভিক নেতাসকলৰ মাজৰ এজন আছিল।তেওঁ ৰাজস্থানত বিজেপিৰ এজন জ্যেষ্ঠ নেতা আৰু দলৰ কেন্দ্ৰীয় কাৰ্যকৰী সমিতিৰ সদস্য। তেওঁ উদয়পুৰৰ বাসিন্দা আৰু তাৰ পৰাই ৯ ম লোকসভাৰ সদস্য আছিল।

গুলাব চান্দ কাটাৰিয়াৰ জন্ম ১৯৪৪ চনৰ ৩ অক্টোবৰত ৰাজস্থানৰ উদয়পুৰ জিলাত হৈছিল। তেওঁ উদয়পুৰৰ মোহনলাল সুখাদিয়া বিশ্ববিদ্যালয়ত শিক্ষা লাভ কৰিছিল। তেওঁৰ পত্নীৰ নাম অনিতা কাটাৰিয়া। কাটাৰিয়াৰ পাঁচজনী কন্যা আছে।

অসমৰ নতুন ৰাজ্যপাল হোৱা গুলাব চান্দ কাটাৰিয়া আগতে এখন ব্যক্তিগত বিদ্যালয়ৰ শিক্ষক আছিল। ইয়াতেই তেওঁ নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। বিদ্যালয়ত শিক্ষকতা কৰি থকাৰ সময়তে কাটাৰিয়া সংঘৰ সংস্পৰ্শলৈ আহিছিল।

সংঘত কাম কৰোঁতে তেওঁৰ চিন্তা ধাৰণা আৰু প্ৰৱণতা সংঘৰ আদৰ্শ আৰু বিজেপিৰ ফালে স্থানান্তৰিত হৈছিল। তাৰ পিছত তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ সৈতে  কাম কৰিবলৈ আৰম্ভ কৰে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল যে ১৯৭৫ চনত, জৰুৰীকালীন অৱস্থাৰ সসময়ত তেওঁ ঘৰৰ ভিতৰত থাকিয়েই বহু দিন কাম কৰিছিল। গুলাব চান্দ কাটাৰিয়া বিগত ৪০ বছৰ ধৰি বিজেপিত সক্ৰিয় হৈ আছে।