• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কেনেদৰে সোণ সৰবৰাহ কৰিছিল কানাড়া অভিনেত্ৰীয়ে? তদন্তত কি তথ্য পোহৰলৈ আহিল?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 7, 2025 1:09 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা ৩ মাৰ্চত সোণ সৰবৰাহৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল কানাড়া অভিনেত্ৰী ৰান্যা ৰাওক। অভিনেত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰাৰ পিছতে কানাড়া চলচ্চিত্ৰ জগতত চাঞ্চল্যৰ সৃষ্টি হৈছে।

ইপিনে, বিমানবন্দৰত যাত্ৰীসকলে যি ধৰণৰ নিৰাপত্তা আৰু নিৰীক্ষণৰ মাজেৰে পাৰ হ’বলগীয়া হয়, সেই ধৰণৰ নিৰাপত্তা আৰু নিৰীক্ষণৰ পৰা হাত সাৰি অভিনেত্ৰীগৰাকীয়ে কেনেকৈ সোণৰ চোৰাং সৰবৰাহ কৰিছিল তাক লৈও প্ৰশ্ন উত্থাপন হ’বলৈ আৰম্ভ কৰিছে।

Apply Now

যোৱা ৩ মাৰ্চত বেংগালুৰুৰ কেম্পেগৌড়া আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা ১৪ কেজি ৮০০ গ্ৰাম সোণসহ গ্ৰেপ্তাৰ কৰা হৈছিল ৰান্যাক। ইয়াৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য প্ৰায় ১৩ কোটি টকা।

কানাড়া অভিনেত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰাৰ পিছৰে পৰা কেইবাটাও প্ৰশ্ন উত্থাপন হৈছে। তেওঁ কেনেকৈ সোণৰ চোৰাং সৰবৰাহ কৰিছিল? তদন্তকাৰীয়ে দাবী কৰিছে যে তেওঁ এবছৰত ৩০ বাৰ ডুবাই ভ্ৰমণ কৰিছিল। গতিকে প্ৰতিবাৰেই সৰবৰাহৰ বাবেই গৈছিল নেকি? যদি তেওঁ চোৰাং সৰবৰাহ কৰিছিল তেন্তে ইমান দিন ধৰা নপৰিল কিয়? ৰাজহ চোৰাংচোৱা সঞ্চালকালয় (ডি আৰ আই)ৰ সূত্ৰ অনুসৰি ৰান্যাই সোণৰ চোৰাং সৰবৰাহত কেতবোৰ কৌশল ব্যৱহাৰ কৰিছিল।

তদন্তৰ এক সূত্ৰই জনোৱা মতে, অভিনেত্ৰীগৰাকীয়ে ভালদৰেই জানিছিল যে সোণখিনি তেওঁৰ শৰীৰৰ এনে এটা অংশত ৰাখিব লাগিব যিটো সহজে ধৰা নপৰে। তাৰোপৰি নাৰী হোৱাৰ বাবে ভালদৰে পৰীক্ষা কৰা নহ’ব। আৰু সেই সুযোগকে কামত লগাইছি তেওঁ। সোণৰ বিস্কুটবোৰ তেওঁ টেপ আৰু ক্ৰেপ বেণ্ডেজেৰে উৰুত বান্ধি নিছিল। ৩ মাৰ্চতো তেওঁ একে কৌশল ব্যৱহাৰ কৰি সোণ সৰবৰাহ কৰিছিল। কিন্তু শেষ ৰক্ষা নহ’ল।

তদন্তকাৰীয়ে জনোৱা মতে, আগতে ৰান্যাৰ হাতত সোণৰ চোৰাং সৰবৰাহৰ বাবে বিশেষভাৱে তৈয়াৰী কাপোৰ আছিল। তেওঁ কেইবাটাও জেকেট তৈয়াৰ কৰিছিল যিবোৰৰ সহায়ত চকুত নপৰাকৈয়ে সহজে সোণৰ সৰবৰাহ কৰিব পৰা যায়। আনকি তেওঁ এক বিশেষ ধৰণৰ ‘ৰিষ্ট বেল্ট’ পৰিধান কৰে। তদন্তৰ এক সূত্ৰই দাবী কৰে তেওঁ তাৰ জৰিয়তেও চোৰাং সোণৰ সৰবৰাহ কৰিছিল।

সূত্ৰটোৱে লগতে দাবী কৰে যে বিমানবন্দৰৰ একাংশ কৰ্মচাৰীয়ে হয়তো ৰান্যাক চোৰাং সৰবৰাহত সহায় কৰিছিল। প্ৰথম অৱস্থাত বিমানবন্দৰৰ নিৰাপত্তাৰক্ষী কনিষ্টবল বাসবৰাজুৰ নাম পোহৰলৈ আহিছিল। অৱশ্যে তদন্তকাৰীয়ে সন্দেহ কৰিছে যে এই গোচৰৰ সৈতে কেৱল বাসৱৰাজুৱেই নহয়, আন বহু লোক জড়িত। আৰক্ষীয়ে বাসৱৰাজুক গ্ৰেপ্তাৰ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নতুন ভোটাৰৰ পঞ্জীয়ন প্ৰক্ৰিয়াক লৈ নিৰ্বাচন আয়োগত সংঘাত! কেন্দ্ৰীয় চৰকাৰৰ জাননী অবিহনেই সলনি হ’ল নেকি ‘প্ৰ-পত্ৰ ৬’?

নতুন ভোটাৰৰ পঞ্জীয়ন প্ৰক্ৰিয়াক লৈ নিৰ্বাচন আয়োগত সংঘাত! কেন্দ্ৰীয় চৰকাৰৰ জাননী অবিহনেই সলনি হ’ল নেকি ‘প্ৰ-পত্ৰ ৬’?

September 24, 2026 10:32 am
পুৱতি নিশা চলন্ত বাছত দাওদাওকৈ জ্বলি উঠিল জুই : নিদ্ৰামগ্ন অৱস্থাতে জীৱন্তে অগ্নিদগ্ধ কেইবাজনো পৰ্যটক

পুৱতি নিশা চলন্ত বাছত দাওদাওকৈ জ্বলি উঠিল জুই : নিদ্ৰামগ্ন অৱস্থাতে জীৱন্তে অগ্নিদগ্ধ কেইবাজনো পৰ্যটক

September 24, 2026 10:10 am
নিৰ্বাচন আয়োগ সম্পূৰ্ণৰূপে চৰকাৰৰ নিয়ন্ত্ৰণত নেকি? নিৰ্বাচন আয়ুক্ত নিযুক্তি প্ৰক্ৰিয়াক লৈ উদ্বেগ উচ্চতম ন্যায়ালয়ৰ

নিৰ্বাচন আয়োগ সম্পূৰ্ণৰূপে চৰকাৰৰ নিয়ন্ত্ৰণত নেকি? নিৰ্বাচন আয়ুক্ত নিযুক্তি প্ৰক্ৰিয়াক লৈ উদ্বেগ উচ্চতম ন্যায়ালয়ৰ

September 24, 2026 9:20 am
মহিলাৰ কাপোৰ খোলাৰ চেষ্টা মানেই ধৰ্ষণৰ চেষ্টা নহয় : উচ্চতম ন্যায়ালয়

মহিলাৰ কাপোৰ খোলাৰ চেষ্টা মানেই ধৰ্ষণৰ চেষ্টা নহয় : উচ্চতম ন্যায়ালয়

September 24, 2026 8:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নতুন ভোটাৰৰ পঞ্জীয়ন প্ৰক্ৰিয়াক লৈ নিৰ্বাচন আয়োগত সংঘাত! কেন্দ্ৰীয় চৰকাৰৰ জাননী অবিহনেই সলনি হ’ল নেকি ‘প্ৰ-পত্ৰ ৬’?

নতুন ভোটাৰৰ পঞ্জীয়ন প্ৰক্ৰিয়াক লৈ নিৰ্বাচন আয়োগত সংঘাত! কেন্দ্ৰীয় চৰকাৰৰ জাননী অবিহনেই সলনি হ’ল নেকি ‘প্ৰ-পত্ৰ ৬’?

September 24, 2026 10:32 am
পুৱতি নিশা চলন্ত বাছত দাওদাওকৈ জ্বলি উঠিল জুই : নিদ্ৰামগ্ন অৱস্থাতে জীৱন্তে অগ্নিদগ্ধ কেইবাজনো পৰ্যটক

পুৱতি নিশা চলন্ত বাছত দাওদাওকৈ জ্বলি উঠিল জুই : নিদ্ৰামগ্ন অৱস্থাতে জীৱন্তে অগ্নিদগ্ধ কেইবাজনো পৰ্যটক

September 24, 2026 10:10 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd