ইতিহাসৰ আটাইতকৈ ডাঙৰ ফুটবল বিশ্বকাপে দুৱাৰত টুকুৰিয়াইছে। ফুটবলৰ জগতৰ আটাইতকৈ ডাঙৰ এই শ্ব’পিছ ইভেণ্ট ১১ জুনৰ পৰা আৰম্ভ হ’ব। কাপৰ বাবে ৪৮টা দলৰ এই যুঁজখন সমগ্ৰ আমেৰিকা, মেক্সিকো আৰু কানাডাত চলিব। প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি বহু পৰিয়ালৰ সদস্যসকলে কেৱল নিজৰ বহা কোঠাৰ পৰা বা ষ্টেডিয়ামৰ গেলেৰীত বিশ্বকাপ উপভোগ কৰাই নহয়, বিশ্বকাপতো অংশগ্ৰহণ কৰি আহিছে।
১৯৩০ চনত এই আন্তঃৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতা আৰম্ভ হোৱাৰ পিছৰে পৰা বহু পিতৃ-পুত্ৰ যুটিয়ে বিশ্বকাপত খেলিছে। তেওঁলোকে বিৰল সৌভাগ্য লাভ কৰিছে। যদিও পিতৃ-পুত্ৰ দুয়োজনেই খেলুৱৈ হিচাপে বিশ্বকাপ জয়ৰ কৃতিত্ব অৰ্জন কৰিব পৰা নাই, তথাপিও কেইবাটাও উল্লেখযোগ্য যুটিয়ে নিজৰ সুকীয়া ছাপ ৰাখি থৈ গৈছে। চাও আহক তালিকাখন-
লিলিয়ান থুৰাম আৰু মাৰ্কাছ থুৰাম (ফ্ৰান্স)
লিলিয়ান(পিতৃ): ৩খন বিশ্বকাপত ১৬খন খেল (১৯৯৮, ২০০২ আৰু ২০০৬)
মাৰ্কাছ (পুত্ৰ) : ২০২২ চনৰ বিশ্বকাপত ৫ খন খেল খেলিছে।
ক্লাউডিঅ‘ ৰেইনা আৰু জিওভানি ৰেইনা (আমেৰিকা)
ক্লাউডিঅ'(পিতৃ): ৪খন বিশ্বকাপত ১০খন খেল (১৯৯৪, ১৯৯৮, ২০০২ আৰু ২০০৬)
জিওভানি(পুত্ৰ): ২০২২ চনৰ বিশ্বকাপত ২ খন খেল খেলিছে।
পিটাৰ শ্বমাইকেল আৰু কেছপাৰ শ্বমাইকেল (ডেনমাৰ্ক)
পিটাৰ(পিতৃ) : ১৯৯৮ চনৰ বিশ্বকাপত ৫ খন খেল
কেছপাৰ(পুত্ৰ): ২খন বিশ্বকাপত ৭খন খেল (২০১৮ আৰু ২০২২) খেলিছে।
ডেনি ব্লাইণ্ড আৰু ডেলি ব্লাইণ্ড (নেদাৰলেণ্ড)
ডেনি(পিতৃ): ২ খন বিশ্বকাপত কোনো মেচ খেলা (১৯৯০ আৰু ১৯৯৪) নাই
ডেলি(পুত্ৰ): ২খন বিশ্বকাপত ১২খন খেল (২০১৪ আৰু ২০২২) খেলিছে।
মাজিনহো (ব্ৰাজিল) আৰু থিয়াগো (স্পেইন)
মাজিনহো(পিতৃ): দুখন বিশ্বকাপত ছয়খন খেল (১৯৯০ আৰু ১৯৯৪)
থিয়াগো(পুত্ৰ) : ২০১৮ চনৰ বিশ্বকাপত দুখন খেল খেলিছে।
আলেকজেণ্ডাৰ গুইমাৰেছ আৰু চেলছ‘ বৰ্জেছ (কোষ্টা ৰিকা)
গুইমাৰেছ (পিতৃ): ১৯৯০ চনৰ বিশ্বকাপত তিনিখন খেল
বৰ্জেছ(পুত্ৰ): তিনিখন বিশ্বকাপত ১১খন খেলত (২০১৪, ২০১৮ আৰু ২০২২) খেলিছে।
ভ্লাদিমিৰ ৱেইছ (চেকোস্লোভাকিয়া) আৰু ভ্লাদিমিৰ ৱেইছ (শ্লোভাকিয়া)
ভ্লাদিমিৰ (পিতৃ): ১৯৯০ চনৰ বিশ্বকাপত তিনিখন খেল
ভ্লাদিমিৰ (পুত্ৰ): ২০১০ চনৰ বিশ্বকাপত তিনিখন খেল খেলিছে।
জান কোজাক (চেকোস্লোভাকিয়া) আৰু জান কোজাক (শ্লোভাকিয়া)
জান কোজাক (পিতৃ): ১৯৮২ চনৰ বিশ্বকাপত কোনো মেচত অংশগ্ৰহণ নাছিল
জান কোজাক (পুত্ৰ): ২০১০ চনৰ বিশ্বকাপত এখন খেল খেলিছে।
জেভিয়াৰ হাৰ্নাণ্ডেজ আৰু জেভিয়াৰ হাৰ্নাণ্ডেজ (মেক্সিকো)
জেভিয়াৰ (পিতৃ): ১৯৮৬ চনৰ বিশ্বকাপত কোনো মেচত খেলা নাছিল
জেভিয়াৰ (পুত্ৰ) তিনিখন বিশ্বকাপত (২০১০, ২০১৪ আৰু ২০১৮) ১২খন মেচ খেলি ৪টা গ’ল দিছে।
ওলোডিমিয়েজ স্মোলাৰেক আৰু এ বি স্মোলাৰেক (পোল্যান্ড)
ওলডিমিয়েজ(পিতৃ): দুখন বিশ্বকাপ (১৯৮২ আৰু ১৯৮৬)ত ১০খন মেচ খেলি ২টা গ’ল।
এবি(পুত্ৰ): ২০০৬ চনৰ বিশ্বকাপত ৩খন খেল খেলিছে।
মিগুৱেল ৰেইনা আৰু পেপে ৰেইনা (স্পেইন)
মিগুৱেল(পিতৃ): ১৯৬৬ চনৰ বিশ্বকাপত ১খন মেচ।
পেপে(পুত্ৰ): চাৰিখন বিশ্বকাপত (২০০৬, ২০১০, ২০১৪ আৰু ২০১৮) ১খন মেচ খেলিছে।
মিগেল এঞ্জেল এল‘নছ‘ আৰু জাভি এল‘নছ‘ (স্পেইন)
মিগেল(পিতৃ): ১৯৮২ চনৰ বিশ্বকাপত ৫খন মেচ।
জাভি(পুত্ৰ): তিনিখন বিশ্বকাপত (২০০৬, ২০১০ আৰু ২০১৪) ১৩খন খেল খেলিছে। ২০১০ চনত বিশ্বকাপ বিজয়ী।
এণ্ডাৰছ লিণ্ডাৰথ আৰু টবিয়াছ লিণ্ডাৰথ (ছুইডেন)
এণ্ডাৰছ (পিতৃ) : ১৯৭৮ চনৰ বিশ্বকাপত তিনিখন খেল।
টবিয়াছ(পুত্ৰ): দুখন বিশ্বকাপত (২০০২ আৰু ২০০৬) আঠখন খেল খেলিছে।
পাবলো ফৰ্লান আৰু ডিয়েগো ফৰ্লান (উৰুগুৱে)
পাবলো(পিতৃ): দুখন বিশ্বকাপত (১৯৬৬ আৰু ১৯৭৪) তিনিখন খেল।
ডিয়েগো(পুত্ৰ) : তিনিখন বিশ্বকাপত (২০০২, ২০১০ আৰু ২০১৪) ১০খন খেল খেলি ৬টা গ’ল দিছে।
চা বুমকুন আৰু চা ডুৰি (দক্ষিণ কোৰিয়া)
বুমকুন(পিতৃ): ১৯৮৬ চনৰ বিশ্বকাপত তিনিখন খেল।
ডুৰি(পুত্ৰ): দুখন বিশ্বকাপত (২০০২ আৰু ২০১০) সাতখন খেল খেলিছে।
ৰয় এণ্ডাৰছন আৰু ডেনিয়েল এণ্ডাৰছন (ছুইডেন)
ৰয়(পিতৃ) : ১৯৭৮ চনৰ বিশ্বকাপত তিনিখন খেল।
ডেনিয়েল(পুত্ৰ): দুখন বিশ্বকাপত (২০০২ আৰু ২০০৬) এখন খেল খেলিছে।
ৰয় এণ্ডাৰছন আৰু পেট্ৰিক এণ্ডাৰছন (ছুইডেন)
ৰয়(পিতৃ): ১৯৭৮ চনৰ বিশ্বকাপত তিনিখন খেল।
পেট্ৰিক(পুত্ৰ) : ১৯৯৪ চনৰ বিশ্বকাপত ৭খন খেল খেলিছে।
জুলিও মন্টেৰো কাষ্টিলো আৰু পাউলো মণ্টেৰো (উৰুগুৱে)
কাষ্টিলো(পিতৃ) : দুখন বিশ্বকাপত ৭খন খেল। (১৯৭০ আৰু ১৯৭৪)
মণ্টেৰো(পুত্ৰ): ২০০২ চনৰ বিশ্বকাপত তিনিখন খেল খেলিছে।
নিকোলাই লুপেস্কু আৰু ইৱান লুপেস্কু (ৰোমানিয়া)
নিকোলাই(পিতৃ): ১৯৭০ চনৰ বিশ্বকাপত তিনিখন খেল
ইৱান(পুত্ৰ): দুখন বিশ্বকাপত আঠখন খেল (১৯৯০ আৰু ১৯৯৪) খেলিছে।
জান ভেৰহেয়েন আৰু গেৰ্ট ভেৰহেয়েন (বেলজিয়াম)
জান(পিতৃ): ১৯৭০ চনৰ বিশ্বকাপত কোনো খেলত অংশগ্ৰহণ কৰা নাছিল
গেৰ্ট(পুত্ৰ): দুখন বিশ্বকাপত পাঁচখন খেল (১৯৯৮ আৰু ২০০২) খেলিছে।
জাঁ জৰ্কায়েফ আৰু ইউৰি জৰ্কায়েফ (ফ্ৰান্স)
জাঁ(পিতৃ): ১৯৬৬ চনৰ বিশ্বকাপত তিনিখন খেল
ইউৰি(পুত্ৰ): দুখন বিশ্বকাপত (১৯৯৮ আৰু ২০০২) ৯খন খেল আৰু এটা গ’ল দিছে।
মেনুৱেল ছাঞ্চিছ আৰু মানোলো ছাঞ্চিছ (স্পেইন)
মেনুৱেল(পিতৃ) : ১৯৬৬ চনৰ বিশ্বকাপত তিনিখন খেল আৰু এটা গ’ল
মানোলো(পুত্ৰ): ১৯৯০ চনৰ বিশ্বকাপত চাৰিখন খেল খেলিছে।
চেজাৰ মালডিনি আৰু পাওলো মালডিনি (ইটালী)
চেজাৰ(পিতৃ): ১৯৬২ চনৰ বিশ্বকাপত ২ খন খেল
পাওলো(পুত্ৰ): ৪খন বিশ্বকাপত ২৩খন খেল (১৯৯০, ১৯৯৪, ১৯৯৮ আৰু ২০০২) খেলিছে।
ডমিংগোছ দা গুইয়া আৰু আডেমিড দা গুইয়া (ব্ৰাজিল)
ডমিংগোছ(পিতৃ): ১৯৩৮ চনৰ বিশ্বকাপত ৪ খন খেল
আডেমিড(পুত্ৰ): ১৯৭৪ চনৰ বিশ্বকাপত ১ খন খেল খেলিছে।
ৰজাৰ ৰিঅ‘ আৰু পেট্ৰিচ ৰিঅ‘ (ফ্ৰান্স)
ৰজাৰ(পিতৃ): ১৯৩৪ চনৰ বিশ্বকাপত ১ খন খেল
পেট্ৰিচ(পুত্ৰ): ১৯৭৮ চনৰ বিশ্বকাপত ১ খন খেল খেলিছে।
মাৰ্টি ভাণ্টোলৰা (স্পেইন) আৰু জোচে ভেণ্টোলৰা (মেক্সিকো)
মাৰ্টি(পিতৃ): ১৯৩৪ চনৰ বিশ্বকাপত ১ খন খেল
জোচে(পুত্ৰ) : ১৯৭০ চনৰ বিশ্বকাপত ৪ খন খেল খেলিছে।
লুইচ পেৰেজ আৰু মাৰিঅ‘ পেৰেজ (মেক্সিকো)
লুইচ(পিতৃ): ১৯৩০ চনৰ বিশ্বকাপত ২ খন খেল
মাৰিঅ’ (পুত্ৰ): ১৯৫০ চনৰ বিশ্বকাপত ২ খন খেল খেলিছে।





