• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

HMPV ভাইৰাছ কেনেকৈ বিয়পে, ইয়াৰ লক্ষণ কি? আতংকিত নহৈ জানি লওক সবিশেষ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 4, 2025 9:34 am
1.7k
VIEWS
Share on FacebookShare on Twitter

নতুন বছৰৰ আৰম্ভণিতে নতুন বেমাৰক লৈ আতংকৰ সৃষ্টি হৈছে। এইবাৰো উৎস চীন। ২০২০ ৰ কৰোনাৰ পিছত এইবাৰ আতংকৰ নাম হ‘ল হিউমেন মেটানিউমো ভাইৰাছ (HMPV)। ইতিমধ্যে ছ’চিয়েল মিডিয়া আৰু বিভিন্ন বাতৰিত দাবী কৰা হৈছে যে এই ভাইৰাছৰ বাবে চীনত মৃত্যু মিছিল আৰম্ভ হৈ গৈছে! চিকিৎসালয় আৰু শ্মশানবোৰতো চাপ বৃদ্ধি পাইছে। লগতে বিভিন্ন ভিডিঅ’ ভাইৰেল হ’বলৈ আৰম্ভ কৰিছে য’ত চিকিৎসালয়ত ব্যাপক ভিৰ দেখা গৈছে।

কোভিডকালৰ ৫ বছৰ হ’ল। ২০২০-২১ বৰ্ষৰ সেই ভয়াবহ স্মৃতিয়ে আজিও বিশ্ববাসীক খেদি ফুৰিছে। শেহতীয়াকৈ চীনৰ ভিডিঅ’ চোৱাৰ পিছত সকলোৰে মনত প্ৰশ্ন উত্থাপন হৈছে, ‘২০২০’ পুনৰ ঘূৰি আহিল নেকি? এই কাৰণেই নিশাৰ ভিতৰতে নতুন ভাইৰাছৰ বিষয়ে সকলোতে চৰ্চা আৰম্ভ হৈছে। এই ভাইৰাছ কি, ইয়াৰ লক্ষণ, সকলোকে লৈ চৰ্চা আৰম্ভ হৈছে।

হিউমেন মেটা নিউমোভাইৰাছ (HMPV) কি?

২০০১ চনত প্ৰথমবাৰৰ বাবে এই ভাইৰাছ চিনাক্ত কৰা হৈছিল। এই ভাইৰাছে প্ৰধানকৈ শ্বাসতন্ত্ৰক ক্ষতিগ্ৰস্ত কৰে আৰু শ্বাস-প্ৰশ্বাসজনিত তীব্ৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। শিশু বা প্ৰাপ্তবয়স্কই নহয়, যিকোনো বয়সৰ মানুহক কম সময়ৰ ভিতৰতে দুৰ্বল কৰি তোলাৰ ক্ষমতা আছে। বিশেষকৈ যিসকলৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কম তেওঁলোকৰ বাবে এই ভাইৰাছ মাৰাত্মক ক্ষতিকাৰক।

কি কি লক্ষণ দেখা যায়?

সাধাৰণতে কৰ’না ভাইৰাছৰ দৰে এই ভাইৰাছে চৰ্দি সদৃশ লক্ষণৰ সৃষ্টি কৰে। সাধাৰণ লক্ষণসমূহ হ’ল কাহ, জ্বৰ, নাকৰ সমস্যা, উশাহ লোৱাত কষ্ট। কিন্তু গুৰুতৰ ৰূপত যিকোনো ৰোগীৰ ব্ৰংকাইটিছ বা নিউমোনিয়া হ’ব পাৰে। এই ভাইৰাছত আক্ৰান্ত হোৱাৰ ৩ৰ পৰা ৬ দিনৰ ভিতৰত লক্ষণ দেখা দিয়ে।

এইচ এম পি ভি কেনেকৈ বিয়পে?

ইনফ্লুৱেঞ্জা, কোভিড-১৯ ৰ দৰে ভাইৰাছ বিয়পি পৰাৰ দৰেই এই ভাইৰাছ সংক্ৰমিত হয়। কাহ বা হাঁচিৰ বীজাণুৰ পৰাই হওক বা, ৰোগীৰ কাষলৈ অহা, হাত মিলোৱা, সংক্ৰমিত অংশ স্পৰ্শ কৰা ইত্যাদি।

এইচ এম পি ভি ভাইৰাছৰ প্ৰাদুৰ্ভাৱ কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি?

গৱেষকসকলে কয় যে কৰ’না ভাইৰাছৰ সময়ত মানুহ যিদৰে সতৰ্ক আছিল, এইবাৰো তেওঁলোকে একে পদ্ধতিকে গ্ৰহণ কৰিব লাগিব। সময়মতে কমেও ২০ ছেকেণ্ড ধৰি হাত ধোৱা, বাহিৰলৈ ওলাই যাওঁতে লেতেৰা হাত দুখন মুখত নিদিয়া, ৰোগীৰ পৰা দূৰত্ব বজাই ৰখাৰ দৰে সাৱধানতা অৱলম্বন কৰিব লাগিব।

ইয়াৰ চিকিৎসা কি?

এতিয়ালৈকে এইচ এম পি ভি ভাইৰাছ প্ৰতিৰোধৰ কোনো চিকিৎসা নাই। কোনো ঔষধ বা ভেকচিন ওলোৱা নাই। ৰোগীৰ ধৰা পৰা লক্ষণ অনুসৰি চিকিৎসা কৰা হ’ব। ঠিক যেনেকৈ কৰোনাৰ সময়ত কৰা হৈছিল।

Recent News

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ ৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ ৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ মৰাণাস্ত্ৰ : এজনক গ্ৰেপ্তাৰ

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ মৰাণাস্ত্ৰ : এজনক গ্ৰেপ্তাৰ

“ঘৰ ঘৰ সংযোগ কাৰ্যসূচী ” ঘোষণা আপৰ : অক্টোবৰত গুৱাহাটীত বিশাল সমাৱেশ, আহিব অৰবিন্দ কেজৰীৱাল

“ঘৰ ঘৰ সংযোগ কাৰ্যসূচী ” ঘোষণা আপৰ : অক্টোবৰত গুৱাহাটীত বিশাল সমাৱেশ, আহিব অৰবিন্দ কেজৰীৱাল

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd