• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

HMPV ভাইৰাছ কেনেকৈ বিয়পে, ইয়াৰ লক্ষণ কি? আতংকিত নহৈ জানি লওক সবিশেষ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 4, 2025 9:34 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নতুন বছৰৰ আৰম্ভণিতে নতুন বেমাৰক লৈ আতংকৰ সৃষ্টি হৈছে। এইবাৰো উৎস চীন। ২০২০ ৰ কৰোনাৰ পিছত এইবাৰ আতংকৰ নাম হ‘ল হিউমেন মেটানিউমো ভাইৰাছ (HMPV)। ইতিমধ্যে ছ’চিয়েল মিডিয়া আৰু বিভিন্ন বাতৰিত দাবী কৰা হৈছে যে এই ভাইৰাছৰ বাবে চীনত মৃত্যু মিছিল আৰম্ভ হৈ গৈছে! চিকিৎসালয় আৰু শ্মশানবোৰতো চাপ বৃদ্ধি পাইছে। লগতে বিভিন্ন ভিডিঅ’ ভাইৰেল হ’বলৈ আৰম্ভ কৰিছে য’ত চিকিৎসালয়ত ব্যাপক ভিৰ দেখা গৈছে।

কোভিডকালৰ ৫ বছৰ হ’ল। ২০২০-২১ বৰ্ষৰ সেই ভয়াবহ স্মৃতিয়ে আজিও বিশ্ববাসীক খেদি ফুৰিছে। শেহতীয়াকৈ চীনৰ ভিডিঅ’ চোৱাৰ পিছত সকলোৰে মনত প্ৰশ্ন উত্থাপন হৈছে, ‘২০২০’ পুনৰ ঘূৰি আহিল নেকি? এই কাৰণেই নিশাৰ ভিতৰতে নতুন ভাইৰাছৰ বিষয়ে সকলোতে চৰ্চা আৰম্ভ হৈছে। এই ভাইৰাছ কি, ইয়াৰ লক্ষণ, সকলোকে লৈ চৰ্চা আৰম্ভ হৈছে।

Apply Now

হিউমেন মেটা নিউমোভাইৰাছ (HMPV) কি?

২০০১ চনত প্ৰথমবাৰৰ বাবে এই ভাইৰাছ চিনাক্ত কৰা হৈছিল। এই ভাইৰাছে প্ৰধানকৈ শ্বাসতন্ত্ৰক ক্ষতিগ্ৰস্ত কৰে আৰু শ্বাস-প্ৰশ্বাসজনিত তীব্ৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। শিশু বা প্ৰাপ্তবয়স্কই নহয়, যিকোনো বয়সৰ মানুহক কম সময়ৰ ভিতৰতে দুৰ্বল কৰি তোলাৰ ক্ষমতা আছে। বিশেষকৈ যিসকলৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কম তেওঁলোকৰ বাবে এই ভাইৰাছ মাৰাত্মক ক্ষতিকাৰক।

কি কি লক্ষণ দেখা যায়?

সাধাৰণতে কৰ’না ভাইৰাছৰ দৰে এই ভাইৰাছে চৰ্দি সদৃশ লক্ষণৰ সৃষ্টি কৰে। সাধাৰণ লক্ষণসমূহ হ’ল কাহ, জ্বৰ, নাকৰ সমস্যা, উশাহ লোৱাত কষ্ট। কিন্তু গুৰুতৰ ৰূপত যিকোনো ৰোগীৰ ব্ৰংকাইটিছ বা নিউমোনিয়া হ’ব পাৰে। এই ভাইৰাছত আক্ৰান্ত হোৱাৰ ৩ৰ পৰা ৬ দিনৰ ভিতৰত লক্ষণ দেখা দিয়ে।

এইচ এম পি ভি কেনেকৈ বিয়পে?

ইনফ্লুৱেঞ্জা, কোভিড-১৯ ৰ দৰে ভাইৰাছ বিয়পি পৰাৰ দৰেই এই ভাইৰাছ সংক্ৰমিত হয়। কাহ বা হাঁচিৰ বীজাণুৰ পৰাই হওক বা, ৰোগীৰ কাষলৈ অহা, হাত মিলোৱা, সংক্ৰমিত অংশ স্পৰ্শ কৰা ইত্যাদি।

এইচ এম পি ভি ভাইৰাছৰ প্ৰাদুৰ্ভাৱ কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি?

গৱেষকসকলে কয় যে কৰ’না ভাইৰাছৰ সময়ত মানুহ যিদৰে সতৰ্ক আছিল, এইবাৰো তেওঁলোকে একে পদ্ধতিকে গ্ৰহণ কৰিব লাগিব। সময়মতে কমেও ২০ ছেকেণ্ড ধৰি হাত ধোৱা, বাহিৰলৈ ওলাই যাওঁতে লেতেৰা হাত দুখন মুখত নিদিয়া, ৰোগীৰ পৰা দূৰত্ব বজাই ৰখাৰ দৰে সাৱধানতা অৱলম্বন কৰিব লাগিব।

ইয়াৰ চিকিৎসা কি?

এতিয়ালৈকে এইচ এম পি ভি ভাইৰাছ প্ৰতিৰোধৰ কোনো চিকিৎসা নাই। কোনো ঔষধ বা ভেকচিন ওলোৱা নাই। ৰোগীৰ ধৰা পৰা লক্ষণ অনুসৰি চিকিৎসা কৰা হ’ব। ঠিক যেনেকৈ কৰোনাৰ সময়ত কৰা হৈছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘মূৰ্খ সজোৱা হৈছে, মই পুতলা হৈ পৰিছিলো’, বাদশ্বাহক লৈ বিস্ফোৰক ঈশা

‘মূৰ্খ সজোৱা হৈছে, মই পুতলা হৈ পৰিছিলো’, বাদশ্বাহক লৈ বিস্ফোৰক ঈশা

September 17, 2026 7:52 pm
হিংসা-বিধ্বস্ত মণিপুৰত ২৫ ৰহস্যজনক মৃত্যুত চৰকাৰক তীব্ৰ ভৎৰ্সনা উচ্চতম ন্যায়ালয়ৰ, বিচাৰিলে প্ৰতিবেদন

হিংসা-বিধ্বস্ত মণিপুৰত ২৫ ৰহস্যজনক মৃত্যুত চৰকাৰক তীব্ৰ ভৎৰ্সনা উচ্চতম ন্যায়ালয়ৰ, বিচাৰিলে প্ৰতিবেদন

September 17, 2026 7:02 pm
ঊনৈছ ছেপ্টেম্বৰৰ দিনা চৌদিশে শুনোঁ আহক জুবিনৰ গীতৰ প্ৰতিধ্বনিঃ অসম নাগৰিক সন্মিলন

ঊনৈছ ছেপ্টেম্বৰৰ দিনা চৌদিশে শুনোঁ আহক জুবিনৰ গীতৰ প্ৰতিধ্বনিঃ অসম নাগৰিক সন্মিলন

September 17, 2026 6:09 pm
যমৰাজৰ বেশত বীৰেন্দ্ৰ ছেহৱাগ; ক্ৰিকেট এৰি নতুন ইনিংছ আৰম্ভ প্ৰাক্তন ভাৰতীয় তাৰকাৰ

যমৰাজৰ বেশত বীৰেন্দ্ৰ ছেহৱাগ; ক্ৰিকেট এৰি নতুন ইনিংছ আৰম্ভ প্ৰাক্তন ভাৰতীয় তাৰকাৰ

September 17, 2026 5:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘মূৰ্খ সজোৱা হৈছে, মই পুতলা হৈ পৰিছিলো’, বাদশ্বাহক লৈ বিস্ফোৰক ঈশা

‘মূৰ্খ সজোৱা হৈছে, মই পুতলা হৈ পৰিছিলো’, বাদশ্বাহক লৈ বিস্ফোৰক ঈশা

September 17, 2026 7:52 pm
হিংসা-বিধ্বস্ত মণিপুৰত ২৫ ৰহস্যজনক মৃত্যুত চৰকাৰক তীব্ৰ ভৎৰ্সনা উচ্চতম ন্যায়ালয়ৰ, বিচাৰিলে প্ৰতিবেদন

হিংসা-বিধ্বস্ত মণিপুৰত ২৫ ৰহস্যজনক মৃত্যুত চৰকাৰক তীব্ৰ ভৎৰ্সনা উচ্চতম ন্যায়ালয়ৰ, বিচাৰিলে প্ৰতিবেদন

September 17, 2026 7:02 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd