একে বয়সৰ সন্তানক একেলগে ডাঙৰ-দীঘল কৰাটো এগৰাকী মাতৃৰ বাবে ৰোলাৰ ক’ষ্টাৰ ৰাইডৰ দৰেই। এটা শিশুক চম্ভালি থাকোতে আনটোলৈও সম্পূৰ্ণ মনোযোগৰ দিয়াৰ প্ৰয়োজন হয়। আজিকালি ব্যস্ত জীৱনশৈলীৰ বাবে দুটা সন্তানৰ মাজত ২ বা ৫ বছৰ নহয়, আনকি ১০ বছৰ ব্যৱধানো দেখা যায়। ৫ৰ পৰা ১০ বছৰৰ ব্যৱধানত দ্বিতীয় সন্তান জন্ম দিয়াৰ সুবিধাসমূহৰ বিষয়ে জানো আহক।
দ্বিতীয় সন্তান ডাঙৰ-দীঘল কৰিবলৈ সময় পোৱা যায়
দুটা সন্তানৰ মাজত প্ৰায় ১০ বছৰৰ ব্যৱধান ৰাখিলে দ্বিতীয় সন্তানক ডাঙৰ-দীঘল কৰাত সম্পূৰ্ণ সময় উচৰ্গা কৰিব পাৰি। যেতিয়া আপোনাৰ প্ৰথম সন্তানে স্কুললৈ যায় তেতিয়া আপুনি দ্বিতীয় সন্তানক চোৱাচিতা কৰাত আপোনাৰ পূৰ্ণ সময় দিব পাৰে। প্ৰথম সন্তানে নিজে খাই বই স্কুলৰ বাবে নিজকে প্ৰস্তুত কৰিব। এই সকলোবোৰ কথাই আপোনাক বহুত সহায় কৰিব।
ডাঙৰ সন্তানে নিজৰ দায়িত্ব ল’ব
যেতিয়ালৈকে আপুনি এগৰাকী একক সন্তানৰ মাতৃ আছিল তেতিয়ালৈকে শিশুটি সম্পূৰ্ণৰূপে আপোনাৰ ওপৰত নিৰ্ভৰশীল আছিল। দ্বিতীয় সন্তান অহাৰ পিছত প্ৰথম সন্তানে নিজৰ দায়িত্বৰ প্ৰতি সচেতন হৈ পৰে। ৯ৰ পৰা ১০ বছৰীয়া শিশুৱে নিজৰ সৰু সৰু কামবোৰ নিজেই কৰিবলৈ আৰম্ভ কৰে।
গুণগত সময় পোৱা যায়
প্ৰথম সন্তান জন্ম হোৱাৰ পিছত পিতৃ-মাতৃয়ে গুণগত মানসম্পন্ন সময় হেৰুৱাই পেলায়। যদি দুটা সন্তানৰ মাজত ৫ৰ পৰা ১০ বছৰৰ ব্যৱধান থাকে তেন্তে পিতৃ-মাতৃয়ে একেলগে মানসম্পন্ন সময় কটাব পাৰে। কেইবছৰমানৰ ব্যৱধানত দ্বিতীয় সন্তান জন্ম দিলে সন্তান লালন-পালনত বহু সময় কটাব লাগিব।
বি:দ্ৰ: WHO ৰ মতে দুটা শিশুৰ মাজত কমেও ২৪ মাহৰ ব্যৱধান থাকিব লাগে। যদি আপুনি কোনো বিশেষ কাৰণত ২ বছৰৰ পিছত দ্বিতীয় সন্তান নিবিচাৰে তেন্তে কিছু সময় অপেক্ষা কৰিব পাৰে। বয়সত প্ৰসৱৰ পাৰ্শ্বক্ৰিয়াৰ বিষয়ে চিকিৎসকৰ পৰামৰ্শ লওক।