Benefits of the raw mangoes আম হ’ল গ্ৰীষ্মকালীন ফল। সৰু-বৰ সকলো বয়সৰ মানুহে আম খাই বৰ ভাল পায়। বিশেষকৈ কেঁচা আম চকলিয়াই কাটি তাতে নিমখ মিঠা তেল, জলকীয়া আদি সানি খাই বৰ তৃপ্তি লাগে।
কেঁচা আমৰ সুগন্ধত দেহ মন সতেজতাৰে ভৰি পৰে। কিন্তু কেঁচা আমৰ স্বাস্থ্যৰ পক্ষে উপকাৰিতাৰ কথা আপুনি জানেনে?
কেঁচা আমত প্রটিন, কার্ব’হাইড্রেট, ভিটামিন চি, মিনাৰেল থকাৰ ওপৰিও প্ৰচুৰ পৰিমাণে পানী থাকে যাৰ ফলত বহু ৰোগ নোহোৱা হয়।
Also Read: Benefits of Mother’s milk : মাকৰ গাখীৰ সন্তানৰ বাবে কিমান উপযোগী আপুনি জানেনে?
কেঁচা আমে আপোনাৰ শৰীৰৰ বাবে প্রয়োজনীয় ভিটামিন চিৰ যোগান ধৰে। স্কার্ভি, এনেমিয়া আৰু দাঁতৰ আলুৰ পৰা তেজ ওলোৱা ৰোধ কৰে।ই দাঁতৰ আলুৰ পৰা তেজ ওলোৱা বন্ধ কৰাৰ উপৰিও নিঃশ্বাসৰ সময়ত দুর্গন্ধ আৰু দাঁতৰ ক্ষয় ৰোধ কৰে।
বিশেষ কৰি গর্ভৱতী মহিলাৰ পুৱাই শুই উঠি পোৱা অসুস্থতা দূৰ কৰাত সহায় কৰে কেঁচা আমে।
Also Read: Health Benefits of Cucumber : উপকাৰিতাৰ বিষয়ে জানেনে? আহকচোন চাওঁ কিমান উপকাৰী তিয়ঁহ
গ্রীষ্মকালত চালৰ প্ৰধান শত্রু হল ঘামচি। ঘামচিৰ বিৰুদ্ধে যুদ্ধ কৰাৰ সকলোতকৈ ভাল উপায় হল কেঁচা আম, কাৰণ কেঁচা আম খালে ঘামৰ মাত্রা কমি যায়। অতিৰিক্ত ঘামি যোৱাৰ ফলত শৰীৰত ছ’ডিয়াম ক্লোৰাইড আৰু আয়ৰণ কমি যায় সেয়েহে এই প্রক্রিয়াক প্রতিৰোধ কৰিবলৈ কেঁচা আম খোৱাটো জৰুৰী।
কাৰোবাৰ যদি লিভাৰৰ ৰোগ আছে তেনেহলে লিভাৰ ৰোগ নিৰাময় কৰা প্ৰাকৃতিক উপায় হ’ল কেঁচা আম। কেঁচা আমত আলফা কেৰ’টিন ও বিটা কেৰ’টিনৰ দৰে ফ্লেভানয়েড সমৃদ্ধ হৈ থাকে। এই সকলো উপাদানে দৃষ্টিশক্তি ভালে ৰখাৰ ওপৰিও দৃষ্টিশক্তিৰ উন্নতি ঘটায়।
তদুপৰি, পকা আমতকৈ কেঁচা আমত মিঠা কম থাকে বাবে ই কেলৰি কমোৱাত সহায় কৰে। কেঁচা আম মধুমেহ ৰোগীসকলৰ বাবেও কার্যকৰী। ইয়াক খালে মধুমেহ ৰোগৰ স্তৰ নিয়ন্ত্রণত থাকে।
কেঁচা আম নিয়মিত খালে চুলিৰ ৰং ক’লা ৰাখে আৰু ছালক দাগহীন আৰু উজ্জ্বল কৰি ৰখাত সহায় কৰে।