• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভাৰতীয় আৰু বাৰ্মা প্লেটৰ সংঘৰ্ষ, ম্যানমাৰ-থাইলেণ্ডৰ ভূমিকম্পৰ আঁৰত ‘গ্ৰেট নাইফ কাট’

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 29, 2025 10:21 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় আৰু ছুণ্ডা (বাৰ্মা) প্লেটৰ মাটিৰ তলত সংঘৰ্ষৰ ফলত গঠিত ‘ছাগাইং চ্যুতি’ বা ‘ফল্ট’ শুকুৰবাৰে বিয়লি হোৱা প্ৰবল ভূমিকম্পৰ উৎস। ভূতত্ত্ববিদসকলে ইয়াক ‘গ্ৰেট নাইফ কাট’ বুলিও কয়। উল্লেখ্য যে ৰিখটাৰ স্কেলত ৭তকৈ অধিক প্ৰাবল্যৰ এই বিধ্বংসী ভূমিকম্পই ম্যানমাৰ আৰু থাইলেণ্ডৰ লগতে ভাৰতৰ এক বিশাল অঞ্চল কঁপাই তুলিছিল।

ভূতত্ত্ববিদসকলে কয় যে ম্যানমাৰৰ উত্তৰ-দক্ষিণ দিশলৈ যোৱা এই ফল্টটোৱে প্ৰায় ১২০০ কিলোমিটাৰ অঞ্চল সামৰি লৈছে। যাৰ এটা বৃহৎ অংশ হৈছে ইৰাৱতী নদীৰ অৱবাহিকা। ভাৰত-ম্যানমাৰ সীমান্তলৈকে ছাগাইং ফল্ট আছে। ইয়াৰ পৰাই বৃহৎ ভূমিকম্পৰ সৃষ্টি হয়। ইয়াৰ পূৰ্বেও ইয়াত ভয়াৱহ প্ৰাবল্যৰ কেইবাটাও বিধ্বংসী ভূমিকম্প সংঘটিত হৈছে। যাৰ প্ৰভাৱ কেৱল ম্যানমাৰেই নহয় উত্তৰ-পূব ভাৰততো পৰিছে।

Apply Now

মাটিৰ তলৰ দুখন প্লেটৰ সংঘৰ্ষৰ ফলত সৃষ্টি হোৱা ফল্টত হোৱা ভূমিকম্প অধিক তীব্ৰ হোৱাৰ প্ৰৱণতা থাকে। ভাৰত আৰু নেপালৰ হিমালয় অঞ্চলত শক্তিশালী ভূমিকম্পৰ কাৰণ হ’ল ভাৰত আৰু ইউৰেছিয়ান প্লেটৰ অহৰহ সংঘৰ্ষ।

প্লেটৰ মাজত সংঘৰ্ষৰ ফলত সৃষ্টি হোৱা ফল্টৰ ফলতো ভূমিকম্পৰ সৃষ্টি হয়। কিন্তু বেছিভাগ ক্ষেত্ৰতে ইয়াৰ তীব্ৰতা তুলনামূলকভাৱে কম। দেশৰ বিভিন্ন প্ৰান্তত ভূগৰ্ভত এনে ধৰণৰ ফল্ট সৃষ্টি হৈছে। কিছুদিন পূৰ্বে দিল্লীৰ সমীপত এনে এটা ফল্টৰ পৰা মজলীয়া ভূমিকম্প (ৰিখটাৰ স্কেলত ৫তকৈ অধিক) সংঘটিত হৈছিল।

ভূতত্ত্ববিদসকলে কয় যে দুখন প্লেটৰ সংঘৰ্ষ হ’লে এখন আনখনৰ ওপৰত উঠি পৰে। আকৌ কাষে কাষে থাকিও সংঘাত অব্যাহত থাকে। শুকুৰবাৰে ম্যানমাৰৰ মণ্ডলয় চহৰৰ সমীপত সংঘটিত হোৱা ভূমিকম্পৰ মূল কাৰণ হৈছে ভাৰতীয় আৰু ছুণ্ডা প্লেটৰ সংঘৰ্ষ (ষ্ট্ৰাইক-স্লিপ ফল্ট)। কেইঘণ্টামানৰ ভিতৰতে ৭.৭ৰ পৰা ৬.৪ প্ৰাবল্যৰ একাধিক ভূমিকম্প সংঘটিত হয়। তাৰ পিছত ৪ বা তাতকৈ অধিক মাত্ৰাৰ একাধিক আফটাৰশ্বক অনুভুত হৈছিল।

ভূতত্ত্ববিদসকলে কয় যে ছাগাইং ফল্টৰ কাষৰ দুখন প্লেটৰ মাজত সংঘৰ্ষ প্ৰক্ৰিয়া অতি দ্ৰুত গতিত সংঘটিত হৈছে। এইদৰে প্লেট দুখনৰ সংঘৰ্ষৰ আনুমানিক অগ্ৰগতি বছৰি ১১ৰ পৰা ১৮ মিলিমিটাৰ। ভূতাত্বিকসকলৰ মতে এই ক্ষেত্ৰত এই পৰিমাণ যথেষ্ট বেছি। এই অহৰহ সংঘাতৰ ফলত নিৰ্গত শক্তি জমা হয়, যাৰ ফলত এই অঞ্চলত মাজে মাজে প্ৰবল ভূমিকম্পৰ সৃষ্টি হয়।

ভূতত্ত্ববিদসকলে কয় যে সৰু আৰু মজলীয়া আকাৰৰ ভূমিকম্পৰ নিয়মিত কম্পনে উচ্চ তীব্ৰতাসম্পন্ন ভূমিকম্পৰ সংখ্যা কিছু পৰিমাণে নিয়ন্ত্ৰণ কৰে। কাৰণ দুখন প্লেটৰ সংঘৰ্ষৰ পৰা অহৰহ যি শক্তি নিৰ্গত হয়, সেই শক্তি সৰু আৰু মজলীয়া আকাৰৰ ভূমিকম্পৰ যোগেদি নিৰ্গত হয়। কিন্তু কেতিয়াবা ডাঙৰ ভূমিকম্পও হয়। সেইটো কেতিয়া হ’ব সেই কথা বিশেষজ্ঞসকলে আগতীয়াকৈ নাজানে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পৰিশোধ কৰিব লাগিব ১০০ কোটি টকাৰ ঋণ; নীৰৱ মোদীক লণ্ডনৰ আদালতৰ নিৰ্দেশ

পৰিশোধ কৰিব লাগিব ১০০ কোটি টকাৰ ঋণ; নীৰৱ মোদীক লণ্ডনৰ আদালতৰ নিৰ্দেশ

June 25, 2026 3:34 pm
হঠাৎ বাঢ়ি গ’ল পানীৰ সোঁত : কাবেৰী নদীত ফটো উঠিবলৈ গৈ একেটা পৰিয়ালৰ ৫ জনৰ সলিল সমাধি

হঠাৎ বাঢ়ি গ’ল পানীৰ সোঁত : কাবেৰী নদীত ফটো উঠিবলৈ গৈ একেটা পৰিয়ালৰ ৫ জনৰ সলিল সমাধি

June 25, 2026 3:20 pm
পাকিস্তানৰ আকাশমাৰ্গত প্ৰৱেশ কৰিলে এয়াৰ ইণ্ডিয়াৰ বিমান : তদন্তৰ নিৰ্দেশ কৰ্তৃপক্ষৰ

পাকিস্তানৰ আকাশমাৰ্গত প্ৰৱেশ কৰিলে এয়াৰ ইণ্ডিয়াৰ বিমান : তদন্তৰ নিৰ্দেশ কৰ্তৃপক্ষৰ

June 25, 2026 3:15 pm
আজিৰ ৰাজনীতি হৈ পৰিছে “যাদুকৰী বাস্তৱতা”

আজিৰ ৰাজনীতি হৈ পৰিছে “যাদুকৰী বাস্তৱতা”

June 25, 2026 2:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পৰিশোধ কৰিব লাগিব ১০০ কোটি টকাৰ ঋণ; নীৰৱ মোদীক লণ্ডনৰ আদালতৰ নিৰ্দেশ

পৰিশোধ কৰিব লাগিব ১০০ কোটি টকাৰ ঋণ; নীৰৱ মোদীক লণ্ডনৰ আদালতৰ নিৰ্দেশ

June 25, 2026 3:34 pm
হঠাৎ বাঢ়ি গ’ল পানীৰ সোঁত : কাবেৰী নদীত ফটো উঠিবলৈ গৈ একেটা পৰিয়ালৰ ৫ জনৰ সলিল সমাধি

হঠাৎ বাঢ়ি গ’ল পানীৰ সোঁত : কাবেৰী নদীত ফটো উঠিবলৈ গৈ একেটা পৰিয়ালৰ ৫ জনৰ সলিল সমাধি

June 25, 2026 3:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd