• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

Health benefits of Panta bhat: গৰমৰ দিনত পঁইতা ভাত বহুতৰে প্রিয়, কিন্তু আপোনালোকে তাৰ উপকাৰিতাৰ বিষয়ে জানেনে?

জাহ্নৱী বৰুৱা, গুৱাহাটী by জাহ্নৱী বৰুৱা, গুৱাহাটী
July 12, 2022 5:16 pm
Health benefits of Panta bhat: গৰমৰ দিনত পঁইতা ভাত বহুতৰে প্রিয়, কিন্তু আপোনালোকে তাৰ উপকাৰিতাৰ বিষয়ে জানেনে?
100
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Health benefits of Panta bhat পঁইতা ভাত হৈছে সিজোৱা ভাত ওৰে ৰাতি পানীত তিয়াই ৰাখি, পিছদিনা খাবৰ বাবে ব্যৱহাৰ কৰা এক বিশেষ খাদ্য।

পানীত তিয়াই ৰখা বাবে ই সামান্য টেঙা হৈ পৰে। বিশেষকৈ গৰমৰ দিনত অসমীয়া ৰাইজৰ প্ৰিয় খাদ্য। অসমৰ বাদেও আন আন চাউল প্ৰধান খাদ্যাভ্যাসত এনে খাদ্যৰ উপস্থিতি দেখা যায়।

খাদ্যৰ বিভিন্ন ভাগ সমূহ যেনে সাত্বিক, ৰাজসিক আৰু তামসিকৰ ভিতৰত পঁইতা ভাত তামসিক খাদ্যৰ অন্তৰ্ভুক্ত।

উখুৱা চাউল বা আন সাধাৰণ চাউলৰ ভাতক প্ৰায় ১২ ঘণ্টালৈ পানীত তিয়াই ৰাখি অৰ্থাৎ ফাৰ্মেণ্টেড কৰি ৰাখি থৈ এই ভাত প্ৰস্তুত কৰা হয়।জুতিৰ বাবে ইয়াৰ লগত নিমখ, সৰিয়হ তেল আদি মিহলাই, আলু পিটিকা, বেহুৱা, দাইল বটা, জলকীয়া ইত্যাদিৰ সৈতে খোৱা হয়।

পঁইতা ভাত বনাওতে চাফ চিকুণতাৰ প্ৰতি অধিক লক্ষ্য কৰিব লাগে। ভাত পঁইতা কৰিবলৈ ১২ ঘণ্টাতকৈ অধিক সময় পানীত তিয়াই থব নালাগে, অধিক সময় পানীত তিয়াই ৰখা ভাত অপকাৰী হৈ পৰে।

পঁইতা ভাত, কেঁচা পিয়াঁজ, দাইল বটা, পালেং শাকৰ চাটনি আদিৰ প্ৰাকৃতিক সোৱাদেই বেলেগ। বেছ জুতিলগা হোৱাৰ উপৰিও ই স্বাস্থ্যসন্মত আৰু শক্তিশালীও।

ভাৰতবৰ্ষৰ যিকেইখন ৰাজ্যৰ মানুহ ভাতৰ ওপৰত নিৰ্ভৰশীল, তেওঁলোকে প্ৰায় সকলোৱেগ পঁইতা ভাতৰ কথা জানে। বিশ্ববাসীৰ আগত “কোজি ৰাইচ” নামেৰে পৰিচিত এইবিধ ভাতক পশ্চিম বংগত ‘পান্টা’ ভাত বুলি জনা যায়। নামনি অসমত ‘পন্টা’ ভাত আৰু উজনিত ‘পঁইতা’ ভাত বুলি কয়।

ইয়াক তামিলনাডুত পাজহায়া চৰু, কেৰেলাত পাজহাম কাঞ্জি, চত্তিছগড়ত পাখালা ভাত আৰু উৰিষ্যাত পোখালো বুলি কয়।

Also Read : Benefits of Curd : দৈ আমাৰ বাবে কিমান উপকাৰি আপোনালোকে জানেনে?

প্ৰাচীন কালৰ পৰা চলি অহা পঁইতা ভাত খোৱা প্ৰথা বৰ্তমানো অসমত প্ৰচলিত হৈ আছে। অসমীয়া সমজাত গৰমৰ দিনত আজিও পঁইতা ভাত যথেষ্ট জনপ্ৰিয় হৈ আছে।

প্ৰাকৃতিক সামগ্ৰীৰ আৰু পদ্ধতিৰ যিমানে বিকল্প আৱিষ্কাৰ নহওঁক লাগে, প্ৰাকৃতিকভাৱে প্ৰস্তুত কৰা, কোনো ধৰণৰ মা-মছলা ব্যৱহাৰ নকৰা খাদ্যৰ জুতিয়েই বেলেগ।

এই পঁইতা ভাতো এক প্ৰাকৃতিক ভাৱে তৈয়াৰী উপকাৰী খাদ্য। ইয়াৰ উপকাৰিতাৰ কথা পুৰণি মানুহবোৰৰ মুখত শুনিয়ে হয়তো বহুতো বিজ্ঞানীয়ে গৱেষণা কৰি ইয়াৰ উপকাৰিতাৰ সত্যতা প্ৰমাণ কৰিছে।

পঁইতা ভাতৰ বিজ্ঞান ভিত্তিক উপকাৰিতাবোৰ জানো আহক:-

ভাত সম্পূৰ্ণৰূপে কাৰ্বোহাইড্ৰেটেৰে তৈয়াৰী বাবে ই শক্তিৰ প্ৰধান উৎস। দেহত বিভিন্ন পাচন প্ৰক্ৰিয়াৰ দ্বাৰা কাৰ্বোহাইড্ৰেট  সৰল শৰ্কৰালৈ ৰূপান্তৰিত হয়।

সৰল শৰ্কৰাই গ্লুকোজ হিচাপে শৰীৰত শক্তিৰ যোগান ধৰে আৰু গ্লুকোজৰ পৰিমাণ অধিক হ’লে চৰ্বি হিচাপে সঞ্চিত কৰে। কিন্তু পঁইতাভাতৰ দ্বাৰা শৰীৰত অধিক কেলৰি অথবা চৰ্বি সঞ্চিত নহয়।

ভাতক ১২ ঘন্টালৈ পানীত তিয়াই থ’লে তাত বহুতো উপকাৰী বেক্টেৰিয়া সংশ্লেষিত হয়। তাৰোপৰি লেকটিক এচিডআৰু ভিটামিন-‘বি’ উৎপন্ন হয়। পানীত তিয়াই থোৱা ভাতত পটাচিয়াম আৰু আয়ৰণৰ মাত্ৰা দুগুণ হয়।

বিজ্ঞানীসকলৰ মতে ১০০ গ্ৰাম গৰম ভাতত ৩.৪ মিলিগ্ৰাম আয়ৰণ থাকে। আনহাতে এৰাতি তিয়াই থোৱা পঁইতা ভাতত আয়ৰণৰ মাত্ৰা ৭৩.৯১ মিলিগ্ৰাম পোৱা যায়।

Also Read : Health benefits of the Indian blackberry: এতিয়া জামু খোৱাৰ বতৰ; তাৰ কেইটামান উপকাৰিতাৰ বিষয়ে জানো আহক

উখুৱা চাউলৰ পঁইতা ভাতত পোৱা ভিটামিন ‘বি-১২’ৰ দ্বাৰা শৰীৰ মজবুত হয় তথা ভাগৰ দূৰ কৰে আৰু কৰ্ম শক্তি বঢ়ায়।

মাতৃদুগ্ধ শিশুৰ কাৰণে অতি উপযোগী বুলি সকলোৱে জানে। পঁইতা ভাতত লেক্টিক এচিড অধিক মাত্ৰাত পোৱা যায় বাবে ই মাতৃদুগ্ধ বেছিকৈ নিঃসৰণ কৰাত সহায়ক।

কোষ্ঠকাঠিন্য এবিধ মানৱ শৰীৰৰ গুৰুতৰ সমস্যা। তিনিদিনতকৈ অধিক সময় পেটত মল সঞ্চিত হৈ থাকিলে, উদৰ ৰোগ হোৱাটো নিশ্চিত।

আনহাতে কোষ্ঠকাঠিন্যৰ দৰব ব্যৱহাৰ কৰিলে পাৰ্শ্বক্ৰিয়া বা আন ৰাসায়নিক ক্ৰিয়াৰ ফলত বৃহদান্ত্ৰত মলৰ গতি অনিয়মীয়া হৈ পৰে। এনে ক্ষেত্ৰত পঁইতা ভাতত থকা লেক্টিক এচিড আৰু আন উপকাৰী বেক্টেৰিয়াবোৰে কোষ্ঠকাঠিন্য দূৰ কৰাৰ উপৰিও আন উপকাৰী বেক্টেৰিয়াবোৰে পেটৰ আন ৰোগ দূৰ কৰাতো সহায়ক হয়।

পঁইতা ভাতত উৎপন্ন হোৱা ভিটামিন-‘বি’ আৰু আন মাইক্ৰো-অৰ্গেনিজমবিলাকৰ বাবে পাকস্থলীত হোৱা ঘা নিৰাময়তো সহায়ক হয়। ই পাকস্থলীৰ pH লেভেলৰো সমতা ৰক্ষা কৰে।

পঁইতা ভাতে ছাল গঠনৰ প্ৰাথমিক প্ৰোটিন কোলাজনে তৈয়াৰ কৰাত সহায় কৰে। কোলাজনে ছালৰ সংকুচন, সম্প্ৰসাৰণ প্ৰক্ৰিয়াত সহায় কৰে। সেইবাবেই হয়তো এচিয়াৰ ন্ন লোক প্ৰকৃত বয়সতকৈ কম বয়সৰ যেন দেখা যায়।

পঁইতা ভাতে ভিটামিন-‘ই’ সংশ্লেষণেৰে ছালৰ মৃত কোষিকাবোৰ পুনৰ গঠনত সহায় কৰে, যাৰ বাবে মানুহৰ শৰীৰত সোনকালে বয়সৰ চাপ নপৰে।

 

ৰঙা চাউলৰ বা উখুৱা চাউলৰ পঁইতা ভাতত অধিক পৰিমাণৰ পটাচিয়াম থাকে। পটাচিয়াম অধিক মাত্ৰাত থকা খাদ্যৰ দ্বাৰা মানুহৰ ৰক্তচাপ নিয়ন্ত্ৰিত হৈ থাকে।

পঁইতা ভাতৰ উপকাৰী বেক্টেৰিয়াবোৰে প্ৰোবায়োটিকৰ কাম কৰে আৰু আন খাদ্য অৱশোষণত সহায় কৰে। ই সহজে হজম হোৱা খাদ্য বাবে লিভাৰক সকাহ দিয়ে। দৈনন্দিত বিভিন্ন খাদ্যশৈলীৰ দ্বাৰা নিঃসৰণ হোৱা অক্সিডেন্টবোৰক নিষ্কাশন কৰাত সহায় কৰে।

যিমানেই উপকাৰী অথবা জুতি লগা নহওক কিয়, ঠাণ্ডাৰ দিনৰ এই ভাত খোৱাটো স্বাস্থ্যৰ পক্ষে হানিকাৰক হ’ব পাৰে। অসমত এই ভাত খোৱাৰ পৰম্পৰা কেৱল

ৰঙালী বিহুৰ দিনাৰ পৰাই আৰম্ভ হয় আৰু ভাদ মাহৰ পিছৰ পৰা কোনেও পঁইতা ভাত নাখায়।

গৰমৰ দিনত বিশেষভাৱে পঁইতা ভাত বা পঁইতা ভাতৰ পানী সুস্বাদু চৰ্বতৰূপে প্ৰায় সকলো কৃষিজীৱী লোকে ব্যৱহাৰ কৰা দেখা যায়।

Also Read : Health Benefits of Garcinia : গৰমৰ দিনত থেকেৰা টেঙা খাই বৰ ভাল লাগে নহয় জানো? আহকচোন তাৰ উপকাৰিতাৰ বিষয়ে জানো

জাহ্নৱী বৰুৱা, গুৱাহাটী

জাহ্নৱী বৰুৱা, গুৱাহাটী

Stay Connected

  • 117k Fans

Recent News

ওদালগুৰিত জব্দ ২৫ লাখ টকা মূল্যৰ ৫০ কেজি গাঞ্জা

ওদালগুৰিত জব্দ ২৫ লাখ টকা মূল্যৰ ৫০ কেজি গাঞ্জা

August 15, 2025 9:30 pm
ভাঙি পৰিল দিল্লীৰ হুমায়ুনৰ স্মৃতিসৌধৰ দেৱাল : ৫ জনৰ মৃত্যু, কেইবাজনো ধ্বংসাৱশেষৰ তলত আবদ্ধ

ভাঙি পৰিল দিল্লীৰ হুমায়ুনৰ স্মৃতিসৌধৰ দেৱাল : ৫ জনৰ মৃত্যু, কেইবাজনো ধ্বংসাৱশেষৰ তলত আবদ্ধ

August 15, 2025 9:20 pm
স্বাধীনতা সংগ্ৰামীক চূড়ান্ত অপমান! লালকিল্লাৰ ভাষণত আৰ এছ এছক প্ৰশংসাৰে উপছালে নৰেন্দ্ৰ মোদীয়ে

স্বাধীনতা সংগ্ৰামীক চূড়ান্ত অপমান! লালকিল্লাৰ ভাষণত আৰ এছ এছক প্ৰশংসাৰে উপছালে নৰেন্দ্ৰ মোদীয়ে

August 15, 2025 8:15 pm
লিয়নেল মেছিৰ ভাৰত ভ্ৰমণে লাভ কৰিলে চূড়ান্ত অনুমোদন!

লিয়নেল মেছিৰ ভাৰত ভ্ৰমণে লাভ কৰিলে চূড়ান্ত অনুমোদন!

August 15, 2025 7:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ওদালগুৰিত জব্দ ২৫ লাখ টকা মূল্যৰ ৫০ কেজি গাঞ্জা

ওদালগুৰিত জব্দ ২৫ লাখ টকা মূল্যৰ ৫০ কেজি গাঞ্জা

August 15, 2025 9:30 pm
ভাঙি পৰিল দিল্লীৰ হুমায়ুনৰ স্মৃতিসৌধৰ দেৱাল : ৫ জনৰ মৃত্যু, কেইবাজনো ধ্বংসাৱশেষৰ তলত আবদ্ধ

ভাঙি পৰিল দিল্লীৰ হুমায়ুনৰ স্মৃতিসৌধৰ দেৱাল : ৫ জনৰ মৃত্যু, কেইবাজনো ধ্বংসাৱশেষৰ তলত আবদ্ধ

August 15, 2025 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd