• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

Health Benefits of Garcinia : গৰমৰ দিনত থেকেৰা টেঙা খাই বৰ ভাল লাগে নহয় জানো? আহকচোন তাৰ উপকাৰিতাৰ বিষয়ে জানো

জাহ্নৱী বৰুৱা,গুৱাহাটী by জাহ্নৱী বৰুৱা,গুৱাহাটী
July 9, 2022 5:07 pm
health benefit of garcinia
79
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰাচীন কালৰে পৰা পৰম্পৰাগত অসমীয়া খাদ্যসম্ভাৰ আৰু থলুৱা চিকিৎসা পদ্ধতিত কেতবোৰ ঔষধি গুণসম্পন্ন থলুৱা দ্ৰব্যৰ ব্যৱহাৰ হৈ আহিছে। তাৰে ভিতৰত থেকেৰাও অন্যতম। অসমত বৰ থেকেৰা, কুজি থেকেৰা, ৰূপহী থেকেৰা আদি কেইবাপ্ৰকাৰৰো থেকেৰা পোৱা যায়। ইয়াৰ ভিতৰত ঔষধি হিচাবে কুজি থেকেৰা সাধাৰণতে বেছিকৈ ব্যৱহাৰ হয়।

ইয়াক সংৰক্ষণ কৰিবলৈও সহজ। অতীত কালত থেকেৰাৰ ব্যৱহাৰ বেছি আছিল যেন অনুমান হয়, কাৰণ আমাৰ পূৰ্বপুৰুষসকলে থেকেৰা বিচাৰি আনি ৰ’দত শুকুৱাই ওৰে বছৰটোৰ বাবে সংৰক্ষণ কৰি ৰাখিছিল। সেই সংৰক্ষণ কৰি ৰখা থেকেৰাখিনি তেওঁলোকে বিভিন্ন ব্যঞ্জন বনাওতে আৰু কেতবোৰ ৰোগৰ চিকিৎসাত ঔষধি হিচাপে ব্যৱহাৰ কৰিছিল।

Apply Now

থেকেৰা দিয়া মগু দাইল আৰু সৰু গুটি আলুৰ আঞ্জাখন, থেকেৰাৰে মাছৰ আঞ্জা, থেকেৰা দিয়া পদিনাৰ চাটনিখন অতি তৃপ্তিদায়ক, প্ৰতিজন অসমীয়াৰে প্রিয়। কাঁহুদি বা পানিটেঙা বনাওতে থেকেৰা অকণ লাগিবই।

ইয়াৰ উপৰিও আমাৰ খিলঞ্জীয়া জনজাতিসকলৰ বিভিন্ন ঔষধি ব্যঞ্জনত থেকেৰা ব্যৱহাৰ হোৱা দেখা যায়।

Also Read : Health Benefits Of Bryophyllum: আপোনাৰ পদূলিৰ কাষতে থকা দুপৰ টেঙাৰ আছে অনেক ঔষধি গুণ: জানো আহক এনে ঔষধি গুণৰ বিষয়ে

থেকেৰা যিমানে পুৰণি হয় তাৰ ঔষধি গুণাগুণো বেছি হয়। পুৰণি কুজি থেকেৰা বহু ৰোগৰ চিকিৎসাত ব্যৱহাৰ হয়। আমাৰ ককা-আইতাহঁতে থেকেৰাৰ ‘জুৰণি’ খাইছিল। গুৰ আৰু থেকেৰাৰে বনোৱা চৰবত (জুৰণি) খাই তেওঁলোকে গৰম দিনত হোৱা বিভিন্ন ৰোগৰ পৰা উপশম পাইছিল।

কুজি থেকেৰা গছৰ ফলবোৰ জেঠ আহাৰ মহীয়া পুৰঠ হয়। এই পকা ফলবোৰ পাৰি আনি তাৰ ভিতৰৰ গুটিবোৰ উলিয়াই লৈ ওপৰৰ বাকলিবোৰ ভালকৈ ধুই লব লাগে। আঠাজাতীয় পদাৰ্থ থকাৰ বাবে অলপ সময় পানীত তিয়াই ৰাখিব লাগে।

তাৰ পিছত সৰু সৰুকৈ কাটি বাঁহৰ চালনী বা খৰাহীত মেলি লৈ চোকা ৰ’দত কিছুদিন শুকুৱাব লাগে। তাৰ পিছত শুকান থেকেৰা খিনি আইনা বা চিচাৰ বটলত ভৰাই ৰাখিব লাগে।

এনেদৰে থ’লে বহুত বছৰলৈ সেইখিনি থেকেৰা ব্যৱহাৰ কৰিব পাৰি। প্ৰাচীন আয়ুৰ্বেদ চিকিৎসাত কুজি থেকেৰা গ্ৰহণী আদি পেটৰ ৰোগত ব্যৱহাৰ হৈ আহিছে। পৃথিৱীৰ বিভিন্ন দেশৰ বিভিন্ন ব্যঞ্জনত থেকেৰা ব্যৱহাৰ হয়। প্ৰধানকৈ টেঙা ব্যঞ্জন বনাওতে ইয়াৰ ব্যৱহাৰ হয়।

সকলোৰে পৰিচিত কুজি থেকেৰাই কিদৰে স্বাস্থ্য ৰক্ষা আৰু বিভিন্ন ৰোগ নিৰাময় কৰে তাৰ বিষয়ে থুলমূলকৈ উল্লেখ কৰা হৈছে:-

পুৰণি সঞ্চিত গ্ৰহণীত বা ক্ৰনিক ডিচেন্টেৰী, কৌষ্ঠকাঠিন্য, পেট কামোৰণি আদি পেটৰ যিকোনো সমস্যাত কুজি থেকেৰা বৰ উপকাৰী।

ইয়াৰ বাবে দুই এচকল থেকেৰা এগিলাচ পানীত অকণমান তালমিছিৰি দি এৰাতি তিয়াই থব লাগে। পুৱা খালিপেটত চেকনিৰে চেকি লৈ সেইখিনি খাব লাগে। কিছুদিন এনেকৈ খালে পেটৰ ৰোগ নিৰাময় হয়।

প্ৰসাৱ জ্বলা পোৰা কৰা, সঘনাই প্ৰসাৱ হোৱা বা প্ৰসাৱৰ সংক্ৰমণজনীত ৰোগত পুৰণি কুজি থেকেৰা মহৌষধ। দুই তিনি ফুটা পুৰণি থেকেৰা এগিলাচ পানীত তালমিছিৰি দি এৰাতি তিয়াই পিছদিনা খালিপেটত কেইদিনমান চৰবত হিচাবে সেৱন কৰিলে পেচাবৰ যিকোনো সমস্যা সমাধান হয়।

উচ্চ ৰক্তচাপত কুজি থেকেৰা উপকাৰী। উচ্চ ৰক্তচাপ ৰোগীয়ে মাজে মাজে থেকেৰা চৰবত সেৱন কৰা উচিত। ইয়াৰোপৰি দাইল বা অন্য আঞ্জাৰ লগত দুই এফুটা থেকেৰা দি সেৱন কৰিলেও উপকৃত হব।

Also Read : Health benefits of the Indian blackberry: এতিয়া জামু খোৱাৰ বতৰ; তাৰ কেইটামান উপকাৰিতাৰ বিষয়ে জানো আহক

এন্টিঅক্সিডেন্টযুক্ত কুজি থেকেৰাই ফ্ৰি ৰেদিকেলৰ ক্ষতিকাৰক প্ৰভাৱৰ পৰা আমাৰ শৰীৰক ৰক্ষা কৰে। ইয়াত থকা ভিটামিন চি- এ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।

ডায়েবেটিচ ৰোগীয়েও মাজে সময়ে থেকেৰা দিয়া ব্যঞ্জন সেৱন কৰি থাকিব পাৰে। কাৰণ ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন চি আৰু অন্য এন্টিঅক্সিডেন্ট আছে যি শৰীৰৰ বাবে উপকাৰী।

ফেতি লিভাৰ সমস্যাতো থেকেৰা খুব উপকাৰী। পুৱা খালি পেটত থেকেৰাৰ চৰবত সেৱন কৰিলে বহু উপকৃত হ’ব।

প্ৰচুৰ পৰিমাণে ভিটামিন চি থকাৰ বাবে দাঁতৰ সুস্বাস্থ্যৰ বাবে উপকাৰী।

শৰীৰৰ জমা হোৱা অপকাৰী টকচিন্স বা অলাগতিয়াল বৰ্জিত পদাৰ্থ নিষ্কাশন কৰি শৰীৰ শোধন কৰে থেকেৰাৰ চৰবতে। শালমন, ব্ৰন আদি বিভিন্ন ছালৰ সমস্যা থকা লোকে মাজে মাজে থেকেৰা চৰবত সেৱন কৰিলে সুফল পাব।

আমাৰ খাদ্যত প্ৰধানকৈ মিঠা, টেঙা, নিমখীয়া, তিতা, জ্বলা, কেঁহা আদি ছটা ৰস থাকে। প্ৰতিটো ৰসৰে নিজস্ব ঔষধি গুণাগুণ আছে। সেয়েহে আমাৰ থলুৱা খাদ্যসম্ভাৰত প্ৰতিটো ৰসৰ বিবিধ ব্যঞ্জন আছে যিবোৰে আমাৰ শৰীৰৰ ভাৰসাম্য ৰক্ষা কৰি আমাক নিৰোগী কৰি ৰাখে।

থলুৱা খাদ্যসম্ভাৰত থেকেৰা টেঙাৰ দৰে ঔষধি গুণসমৃদ্ধ থলুৱা গৌণ ফলৰ অন্তৰ্ভুক্তিয়ে আমাৰ খাদ্যসম্ভাৰ চহকী কৰি তুলিছে।

Also Read : Hair Loss: চুলি সৰা বা চুলিৰ সমস্যাত ভূগিছে নেকি? তেনেহ’লে চাওক কেনেকৈ নিজৰ চুলি যতনাই ৰাখিব পাৰি

জাহ্নৱী বৰুৱা,গুৱাহাটী

জাহ্নৱী বৰুৱা,গুৱাহাটী

Stay Connected

  • 117k Fans

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

June 4, 2026 8:46 pm
সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

June 4, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd