প্ৰকৃত সেনানী! কৰমণ্ডলত মোবাইলৰ পোহৰত উদ্ধাৰ কাৰ্য আৰম্ভ কৰা সেই নায়কসকলৰ কথা জানেনে?

এগৰাকী সাধাৰণ কৃষক পূৰ্ণচন্দ্ৰ মালিক। বাৰীকপুৰ বজাৰৰ পৰা উভতি আহিছিল মাত্ৰ। এনে সময়ত শুনিলে সেই প্ৰচণ্ড শব্দ। চেন্নাই অভিমুখী কৰমণ্ডল এক্সপ্ৰেছ ৰে’লখন তেতিয়া এক ভয়ংকৰ দুৰ্ঘটনাৰ সন্মুখীন হৈছে। প্ৰতি ঘণ্টাত ১৩০ কিলোমিটাৰ বেগত চলা ৰে’লখন লাইনচ্যুত হৈ পৰিছে।

অলপো পলম কৰা নাছিল পূৰ্ণচন্দ্ৰই। তেওঁ দৌৰিবলৈ ধৰিলে। হাতত মোবাইলৰ পোহৰ। দবাবোৰ ওলোটাকৈ পৰি ৰৈছে। তেওঁ এটা এটাকৈ দবাবোৰৰ গ্লাছ ভাঙিবলৈ ধৰিলে। তেওঁলোকক ৰক্ষা কৰিবই লাগিব। ভাঁহি আহিছে চিঞৰ, কান্দোন, আৰ্তনাদ। এক মৃত্যুমুখী আতংকই সকলোকে আগুৰি ধৰিছে। কিন্তু ৰৈ থাকিলে  নহ’ব।

লগতে পঢ়ক: উৰিষ্যাঃ  নিজে বাচিল কিন্তু বচাব নোৱাৰিলে ১৮ বছৰীয়া পুত্ৰক, ঘৰলৈ ফোন কৰি নিজেই দিলে পুত্ৰৰ মৃত্যু সংবাদ

পূৰ্ণচন্দ্ৰই কয়, ‘’কোঠাটোত সোমাই গ’লো। কিন্তু দেখিলো বহুতৰে হাত-ভৰি কাটি গৈছে। তেজে তুমৰলি হৈ পৰিছে। মোৰ কাপোৰকানি তেজেৰে তিতি গ’ল। কমেও ৩০টা দেহ উলিয়াই আনিলো।‘’

সুদৰ্শন দাস নামৰ এজন শ্ৰমিকে কয় যে মই জখলা লৈ দবাটোলৈ উঠিছিলোঁ। তাৰ পিছত এজন এজনকৈ আহতসকলক উলিয়াই আনিছিলোঁ।

ৰঞ্জন মুৰ্মুৱে প্ৰথমেই উদ্ধাৰৰ কাৰ্যত জপিয়াই পৰিছিল। তেওঁ কয় যে চকুৰ সন্মুখত কিমান মানুহৰ মৃত্যু হ’ল। মই তেওঁলোকক শেষত পানীও দিব পৰা নাছিলো। চৌদিশে ইমানবোৰ মানুহ আহত। কি কৰিম মই বুজি পোৱা নাছিলো যদিও মই হাৰ মনা নাছিলো।

লগতে পঢ়ক: চাৰি বছৰীয়া হ’ব স্নাতকৰ পাঠ্যক্ৰম : নতুন শিক্ষানীতি উদ্বোধন কৰি ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে

এগৰাকী প্ৰাক্তন আৰক্ষী বিষয়া গণেশ প্ৰসাদ নায়ক। বৰ্তমান ইস্কনৰ কৃষ্ণ ভক্ত। তেওঁ কয় যে ইস্কন ভক্তসকলক লগত লৈ উদ্ধাৰ কাৰ্যত জপিয়াই পৰিলো। মুঠতে ৭১ টা মৃতদেহ উলিয়াই লৈ আনিলো। এগৰাকী মহিলাই ক’লে মোৰ ১৮ বছৰীয়া ল’ৰাটো দবাটোত আছে। মোবাইলৰ টৰ্চটো জ্বলাই ভিতৰলৈ গৈ দেখিলো মৃত অৱস্থাত পৰি আছে ল’ৰাটো।

স্থানীয় লোকৰ লগতে এনডিআৰএফ, অ’ডিআৰএফ, ওড়িশা অগ্নিনিৰ্বাপক সেৱা, ভাৰতীয় বায়ুসেনাই উদ্ধাৰ অভিযানত জপিয়াই পৰে। সেনাবাহিনীৰ এজন অধিনায়কে জনোৱা মতে, দুটা দবা খাৱৈত বাগৰি পৰে। তাৰ পৰা ক্ৰেন আনি উদ্ধাৰ কৰাটো অসম্ভৱ। কিন্তু আমি চেষ্টা কৰি আছো।

ইফালে বালাছোৰ আৰু ভদ্ৰাত ৰক্তদানৰ বাবে যুৱকসকলে ৰক্তাদানৰ বাবে শাৰী পাতি ৰৈ থকা দেখা গৈছিল। ওড়িশাৰ মুখ্য সচিব প্ৰদীপ কুমাৰ জেনাই তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰে। বালাছোৰত এৰাতিতে ৫০০ ইউনিট তেজ সংগ্ৰহ কৰা হয়।

লগতে পঢ়ক: প্ৰতিবাদী মল্লযুঁজাৰুৰ সমৰ্থনত দীঘলীপুখুৰীৰ পাৰত প্ৰতিবাদ ৰাইজৰ দলৰ

দৰাচলতে পূৰ্ণচন্দ্ৰ, ৰঞ্জন মুৰ্মু, ৰক্তদানৰ বাবে শাৰী পাতি থিয় হৈ থকা অসংখ্য যুৱক, গণেশ প্ৰসাদ নায়ক আদিয়েই প্ৰকৃত নায়ক, প্ৰকৃত সেনানী। সেই প্ৰকৃত নায়কসকলৰ মানৱতাৰ আগত সকলো ক্ষুদ্ৰ হৈ পৰে।