Mobile Phones overheat and remedies: স্মাৰ্টফোনটো অত্যাধিক গৰম হৈ পৰিছে নেকি? জানি লওক এইকেইটা উপায়

Mobile Phones overheat and remedies চেমনীয়াৰ পৰা বৃদ্ধলৈকে সকলো লোকৰ হাততে এতিয়া স্মাৰ্টফোন। সামাজিক মাধ্যমতেই হওঁক বা গেম খেলাই হওঁক, বেছিভাগেই কামৰ ব্যস্ততাৰ মাজতে সময় উলিয়াই মোবাইলত ব্যস্ত হৈ পৰা দেখা যায়। ফলস্বৰূপে, কম বেছি পৰিমাণে সকলোৱে ফোনটো গৰম হৈ পৰা সমস্যাৰ সন্মুখীন হ’ব লগা হয়।

কিছুমান আকৌ ফোনটো ঠাণ্ডা হ’বলৈ ততাতৈয়াকৈ ৰেফ্ৰিজেৰেটৰত সুমুৱাই দিয়ে। কিন্তু জানেনে ফোনটো কেনেকৈ সহজে ঠাণ্ডা হ’ব? আহক জানি থওঁ কেইটামান দিহা।

ক) ৰ’দৰ পৰা সাৱধান হওক: – ৰিপ’ৰ্ট অনুসৰি, যিকোনো ম’বাইল ফোনে পোনপটীয়াকৈ সূৰ্যৰ তাপ শোষণ কৰে। তদুপৰি, ৰাতিপুৱা ৰ’দত ব্যৱহাৰ কৰাৰ সময়ত ফোনৰ ব্ৰাইটনেছ বঢ়াই দিয়া হয়। ফলত বেটাৰিৰ অধিক খৰচ হয়। তাৰফলত ফোনটো গৰম হৈ পৰে। গতিকে যিমান সম্ভৱ ৰ’দত ফোনটো ব্যৱহাৰ নকৰাই ভাল। ই সমস্যাটো অলপ হ’লেও হ্ৰাস কৰিব।

খ) তুলনামূলকভাৱে কমকৈ ব্যৱহাৰ: – যিমান ব্যৱহাৰ কৰা হ’ব সিমানেই অধিক গৰম হোৱাৰ সম্ভাৱনা বেছি। তদুপৰি, ভিডিঅ’ৰ বাবেও বহুসময়ত ম’বাইলটো গৰম হৈ পৰে। একে সময়তে ব্লুটুথ আৰু হটস্পট একেলগে ব্যৱহাৰ কৰাটোও গৰম হৈ পৰাৰ কাৰণ। গতিকে এই ক্ষেত্ৰত কিছু সময়ৰ বাবে ব্লুটুথ আৰু হটস্পট অফ কৰক আৰু ফোনটো চুইচ অফ কৰি ৰাখক।

গ) কেছটো অৰ্থাৎ ক’ভাৰটো খুলি ৰাখক: – ফোনটোৰ সুৰক্ষাৰ বাবে ক’ভাৰটো অতি প্ৰয়োজনীয়। গতিকে প্ৰায় সকলোৱে এইটো ব্যৱহাৰ কৰে। কিন্তু অত্যাধিক গৰম হোৱাৰ এটা কাৰণ হ’ল এই ক’ভাৰ। গতিকে যদি ফোনটো অত্যাধিক গৰম হয় তেতিয়া ক’ভাৰটো অলপ সময়ৰ বাবে খুলি ৰাখিব।

ঘ) ল’ পাৱাৰ মোড: – ৰিপ’ৰ্ট কোৱা হৈছে যে ল’ পাৱাৰ মোড অন কৰিলে গৰম হ্ৰাস হয়। কিয়নো সেই ক্ষেত্ৰত বহুতো ফিচাৰ ৰেষ্ট্ৰিক্টেড থাকে।

গতিকে যদি কেতিয়াবা ফোনটো গৰম হৈ পৰে তেন্তে এই উপায়বোৰ প্ৰয়োগ কৰি চাওক।