• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

Migraines: মাইগ্ৰেইনৰ সমস্যাত ভূগিছে নেকি? আহকচোন তাৰ বিষয়ে জানি লওঁ কেইটামান গুৰুত্বপূৰ্ণ কথা

জাহ্নৱী বৰুৱা, গুৱাহাটী by জাহ্নৱী বৰুৱা, গুৱাহাটী
July 25, 2022 1:31 pm
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Remedies to relieve migraines পৰিৱৰ্তিত জীৱনশৈলী আৰু ভুল খাদ্যাভ্যাসৰ বাবে আমাৰ স্বাস্থ্য দিনকদিনে অৱনতি ঘটিবলৈ ধৰিছে। এনে অৱস্থাত বহু ৰোগে সকলোকে অশান্তি কৰিবলৈ আৰম্ভ কৰিছে।

তাৰেই ভিতৰত এনে এটা ৰোগ হ’ল-মাইগ্ৰেইন। মাইগ্ৰেইনত ভুগি থকা ব্যক্তিজনৰ ভয়ংকৰ তীব্ৰ মূৰৰ বিষ হয়। চিকিৎসকৰ মতে মাইগ্ৰেইনৰ এটা ট্ৰিগাৰ থাকে, যিটো আপোনাৰ বাবে চিনি পোৱাটো গুৰুত্বপূৰ্ণ আৰু ইয়াৰ বাবে সাৱধানতা অৱলম্বন কৰাটো অতিকৈ গুৰুত্বপূৰ্ণ।

অৰ্থাৎ মাইগ্ৰেইন ৰোগীয়ে প্ৰথমে এই কথা জানিবলৈ চেষ্টা কৰা উচিত যে  কিহৰ বাবে তেওঁৰ মাইগ্ৰেইনৰ সমস্যা বৃদ্ধি পায়। প্ৰতিজন ব্যক্তিৰ ট্ৰিগাৰ পইণ্ট বেলেগ বেলেগ। এনে অৱস্থাত প্ৰথমে আপুনি জানি লোৱা উচিত কিহৰ কাৰণে মাইগ্ৰেইন হয়।

Apply Now

ইয়াৰ বহু কেইটা কাৰণ থাকিব পাৰে। তাৰেই ভিতৰত কেইটামান হৈছে:-

১) এচিড বা গেছ থকা:-কিছুমান মানুহৰ এচিড গঠন হোৱাৰ বাবে মাইগ্ৰেইনৰো সমস্যা হয়। এনে লোকে মূৰৰ বিষৰ সময়ত নিশ্চিতভাৱে বমি কৰে, যাৰ ফলত এচিড নিৰ্গত হয় আৰু বিষৰ পৰা উপশম পায়।

একে সময়তে কিছুমান লোকৰ পেটত হোৱা গেছৰ ফলত মূৰৰ বিষ হ’বলৈ ধৰে। মূৰত গেছ বাঢ়ি যোৱাৰ লগে লেগ বিষো বাঢ়ি যায়। এনে লোকে খালী পেটত থাকিব নালাগে নহ’লে মাইগ্ৰেইনৰ সমস্যা বৃদ্ধি হ’ব পাৰে।

২) উদ্বেগ আৰু মানসিক চাপ:- সকলো ৰোগৰে মূলতে হৈছে উদ্বেগ আৰু মানসিক চাপ। ইয়াৰ বাবে মাইগ্ৰেইনৰ বিষো বৃদ্ধি পায়।

মানসিক চাপ বা অফিচৰ অত্যধিক কামৰ টেনচনৰ বাবে কিছুমান লোকৰ মূৰৰ বিষ হয়। ই মাইগ্ৰেইনৰো কাৰণ হ’ব পাৰে।

৩) নিদ্ৰাহীনতা:- কিছু লোকৰ টোপনি নোযোৱাৰ সমস্যা হয়। এনে অৱস্থাত দীৰ্ঘ সময় টোপনিৰ অভাৱত মূৰৰ বিষৰ সমস্যা বাঢ়িবলৈ আৰম্ভ কৰে।

টোপনিৰ অভাৱত ক্লান্তি আৰু দুৰ্বলতা দেখা দিয়ে। খাদ্য সঠিকভাৱে হজম নহয় আৰু শৰীৰত বহু ধৰণৰ সমস্যা হ’বলৈ ধৰে। এনে অৱস্থাত মাইগ্ৰেইনৰ সমস্যাও বাঢ়ি যায়।

৪) ৰুটিনত হোৱা বিঘিনি:- মাইগ্ৰেইনৰ এটা প্ৰধান কাৰণ হ’ল ৰুটিনত হোৱা বিঘিনি। কিছুমান মানুহৰ জীৱনশৈলী সলনি কৰাৰ পাছত মূৰৰ বিষৰ সমস্যা হ’বলৈ ধৰে।

খাদ্যাভ্যাসত বিঘিনি, টোপনিৰ অভাৱ, উদ্বেগ আৰু মানসিক চাপ বৃদ্ধি বা আনকি ভ্ৰমণৰ বাবেও এনে লোকৰ মূৰৰ বিষ অৰ্থাৎ মাইগ্ৰেইন হয়।

৫) প্ৰবল সূৰ্য্যৰ পোহৰ আৰু গৰম:- গ্ৰীষ্মকালত মাইগ্ৰেইনৰ সমস্যা বহু পৰিমাণে বৃদ্ধি পায়। প্ৰচণ্ড সূৰ্য্যৰ পোহৰত বাহিৰলৈ ওলাই যোৱাৰ পাছতে মূৰৰ বিষ আৰম্ভ হয়।

হঠাতে এ চিৰ পৰা গৰমলৈ গৈ তাপমাত্ৰা সলনি হয় আৰু মাইগ্ৰেইন আৰম্ভ হয়। ইয়াৰ বাহিৰেও অত্যধিক গৰমৰ বাবে মূৰৰ বিষৰ সমস্যা বাঢ়ি যায়।

কাৰক যিয়েই নহ’লেও মাইগ্ৰেইন নে আন কাৰণত মূৰৰ বিষ হৈছে তাক থিৰাং কৰিবলৈ চিকিৎসকৰ পৰামৰ্শ অনুযায়ী মস্তিষ্কৰ চি টি স্কেন অথবা এম আৰ আই কৰিব লাগে। মাইগ্ৰেইনৰ কোনো নিৰ্দিষ্ট চিকিৎসা নাই।

মাত্ৰ মাইগ্ৰেইনৰ উপসৰ্গবিলাক কমাবলৈ চিকিৎসকে কিছুমান দৰব দিয়ে। মূৰৰ বিষ কমাবলৈ বিষনাশক দৰব, বমি কমাবলৈ আৰু টোপনি আহিবলৈ দৰব আদি দিয়া হয়। মাইগ্ৰেইন আৰম্ভ হোৱাৰ লগে লগে ৰোগীয়ে প্ৰচুৰ পৰিমাণে পানী খাব লাগে।

আন্ধাৰ ঘৰত পৰ্যাপ্ত জিৰণি ল’ব লাগে। মূৰত ঠাণ্ডা কাপোৰ দিব লাগে। হুলস্থূলীয়া পৰিৱেশৰ পৰা আঁতৰি আহিব লাগে। যি কাৰক আৰু পৰিৱেশৰ সন্মুখীন হ’লে ব্যক্তি এজনে মাইগ্ৰেইনত ভোগে, ব্যক্তিজনে সেই কাৰক আৰু পৰিৱেশবোৰৰ পৰা আঁতৰি থাকিব লাগে।

মাইগ্ৰেইন অনুভূত হোৱাৰ আগে আগে যিবোৰ পৰিৱেশ আৰু কাৰকৰ সন্মুখীন হৈছিল সেই পৰিৱেশ আৰু কাৰকবোৰৰ কথা লিখি থৈ দি পিছলৈ তেনে পৰিৱেশ আৰু কাৰকবোৰৰ পৰা আঁতৰি থাকিব লাগে।

মাইগ্ৰেইন প্ৰতিৰোধ কৰিবলৈ ব্যক্তি এজনে ব্ৰেথিং এক্সাৰচাইজ, ধ্যান আৰু যোগ কৰিব পাৰে। পুষ্টিকৰ আহাৰ খাব লাগে। মাজে-সময়ে পৰিৱেশ সলনি কৰিব লাগে। 

জাহ্নৱী বৰুৱা, গুৱাহাটী

জাহ্নৱী বৰুৱা, গুৱাহাটী

Stay Connected

  • 117k Fans

Recent News

বামুণীমৈদামত বুলড’জাৰে ভাঙিলে ৬০টা ঘৰ, আশ্ৰয় বিচাৰি হাহাকাৰ পৰিয়ালৰ

বামুণীমৈদামত বুলড’জাৰে ভাঙিলে ৬০টা ঘৰ, আশ্ৰয় বিচাৰি হাহাকাৰ পৰিয়ালৰ

August 24, 2026 3:08 pm
প্ৰভাৱশালীসকলৰ ভুৱা গোচৰত সাধাৰণ মানুহৰ ন্যায়ত বিলম্ব! জৰিমনা বিহি এশিকনি উচ্চতম ন্যায়ালয়ৰ

প্ৰভাৱশালীসকলৰ ভুৱা গোচৰত সাধাৰণ মানুহৰ ন্যায়ত বিলম্ব! জৰিমনা বিহি এশিকনি উচ্চতম ন্যায়ালয়ৰ

August 24, 2026 2:46 pm
পত্নী-সন্তানসহ অৱসৰপ্ৰাপ্ত শিক্ষকৰ পৰিয়ালৰ ৪ জন সদস্যক হত্যা! বাংলাদেশত আন এক সংখ্যালঘু হত্যাকাণ্ড

পত্নী-সন্তানসহ অৱসৰপ্ৰাপ্ত শিক্ষকৰ পৰিয়ালৰ ৪ জন সদস্যক হত্যা! বাংলাদেশত আন এক সংখ্যালঘু হত্যাকাণ্ড

August 24, 2026 12:31 pm
ছেপ্টেম্বৰ মাহত ৪ দিনৰ বাবে বেংক ঘৰ্মঘটৰ আহ্বান; বন্ধ থাকিব ATM! গ্ৰাহকৰ দুৰ্দশাৰ আশংকা

ছেপ্টেম্বৰ মাহত ৪ দিনৰ বাবে বেংক ঘৰ্মঘটৰ আহ্বান; বন্ধ থাকিব ATM! গ্ৰাহকৰ দুৰ্দশাৰ আশংকা

August 24, 2026 11:31 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বামুণীমৈদামত বুলড’জাৰে ভাঙিলে ৬০টা ঘৰ, আশ্ৰয় বিচাৰি হাহাকাৰ পৰিয়ালৰ

বামুণীমৈদামত বুলড’জাৰে ভাঙিলে ৬০টা ঘৰ, আশ্ৰয় বিচাৰি হাহাকাৰ পৰিয়ালৰ

August 24, 2026 3:08 pm
প্ৰভাৱশালীসকলৰ ভুৱা গোচৰত সাধাৰণ মানুহৰ ন্যায়ত বিলম্ব! জৰিমনা বিহি এশিকনি উচ্চতম ন্যায়ালয়ৰ

প্ৰভাৱশালীসকলৰ ভুৱা গোচৰত সাধাৰণ মানুহৰ ন্যায়ত বিলম্ব! জৰিমনা বিহি এশিকনি উচ্চতম ন্যায়ালয়ৰ

August 24, 2026 2:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd