• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

চিনেমাকো চেৰ পেলাব জাদেজা-ৰিভাবাৰ প্ৰেম কাহিনীয়ে! কেনেকৈ প্ৰেমত পৰিল লাজকুৰীয়া ৰবীন্দ্ৰ?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 6, 2023 2:43 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় ক্ৰিকেটৰ উজ্জ্বল তাৰকা ৰবীন্দ্ৰ জাডেজা। আই পি এলৰ ফাইনেলত তেওঁ এবাৰ পুনৰ সেই কথা প্ৰমাণ কৰিলে। শেষৰ দুটা বলত ১০ ৰানেৰে চেন্নাই ছুপাৰ কিংছক খিতাপ আনি দিছে জাদেজাই।

ফাইনেলত চেন্নাই ছুপাৰ কিংছ আৰু গুজৰাট টাইটানছ মুখামুখি হৈছিল। আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত উত্তেজনাপূৰ্ণ মুহূৰ্ত। শেষৰ দুটা বলত ১০ ৰানৰ প্ৰয়োজন। ঠিক এই সময়তে জাদেজা ত্ৰাণকৰ্তা হিচাপে ঘূৰি আহিল। সেই দুটা বলত ছয় আৰু চাৰি মাৰি চেন্নাইৰ খিতাপ নিশ্চিত কৰিলে। খেলখনৰ পাছতে ষ্টেডিয়ামত এক নাটকীয় মুহূৰ্তৰ সৃষ্টি হয়, যাৰ সাক্ষী হৈ পৰে গেলেৰীত উপস্থিত হাজাৰ হাজাৰ ক্ৰিকেট অনুৰাগী।

খেলখনত জয়লাভ কৰাৰ পিছত চেন্নাইৰ ক্ৰিকেটাৰসকলে খেলপথাৰত গৈ উত্তেজনা প্ৰকাশ কৰিছিল। বহুতে জাদেজাক তেওঁৰ প্ৰদৰ্শনৰ বাবে অভিনন্দন জনায়। হঠাৎ এগৰাকী মহিলাই খেলপথাৰত উপস্থিত থকা সকলোৰে সন্মুখত জাদেজাৰ ভৰি চুই প্ৰণাম কৰিলে। এনে দৃশ্য সাধাৰণতে খেলপথাৰত দেখা নাযায়। কিন্তু এইবাৰৰ আই পি এলৰ অন্তিমখন মেচত এনে মুহূৰ্তই দেখা গ’ল। আচলতে এই ঘটনাৰ আঁৰত আছিল জাদেজাৰ পত্নী ৰিভাবা।

Apply Now

২০১৬ চনৰ ১৭ এপ্ৰিলত জাদেজা আৰু ৰিভাবাই বিবাহপাশত আবদ্ধ হয়। এজন ক্ৰিকেটৰ জগতখনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। আনজনৰ ক্ৰিকেটৰ জগতখনৰ লগত দূৰ দূৰলৈকে কোনো সম্পৰ্ক নাই। ৰিভাবা ৰাজনীতিৰ লগত জড়িত হৈছে। বৰ্তমান তেওঁ শাসকীয় বিজেপিৰ বিধায়ক।

জাদেজা আৰু ৰিভাবাৰ প্ৰেম কাহিনী ঠিক ৰোমান্টিক হিন্দী চিনেমাৰ দৰেই। বিবাহৰ প্ৰতি জাদেজাৰ বিশেষ হেঁপাহ নাছিল। কিন্তু ৰিভাবাৰ লগত কথা পতাৰ তিনিমাহৰ ভিতৰতে তেওঁ একেলগে জীৱন কটোৱাৰ সিদ্ধান্ত লয় ।

ৰিভাবা আছিল জাদেজাৰ ভনীয়েকৰ বান্ধৱী। ৰিভাবাক জাদেজাৰ ভগ্নীয়ে এক সামাজিক অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰিছিল। ক্ৰিকেটাৰগৰাকীক ভগ্নীয়ে ৰিভাবাৰ লগত কথা পতাই দিব বিচাৰিছিল। কিন্তু জাদেজাই প্ৰথমে এই কথাত গুৰুত্ব দিয়া নাছিল।

বাৰে বাৰে অনুৰোধ কৰাৰ পিছত জাদেজাই ভনীয়েকৰ কথা শুনিলে। অনুষ্ঠানত অতিথি হিচাপে অহা ৰিভাবাৰ সৈতে তেওঁ কথা পাতিলে। প্ৰথম বাৰ্তালাপতে জাদেজা ৰিভাবাৰ প্ৰেমত পৰিল। ক্ৰিকেটাৰগৰাকীকো ৰিভাবাৰ ভাল লাগি গ’ল।

প্ৰথম কথা-বতৰাতে যাতে সকলো শেষ হৈ নাযায়, গতিকে জাডেজা আৰু ৰিভাবাই ফোন নম্বৰ বিনিময় কৰিলে। বন্ধুত্ব গৈ লাহে লাহে প্ৰেমত পৰিণত হ’বলৈ বেছি সময় নালাগিল। প্ৰথম লগ পোৱাৰ তিনিমাহৰ ভিতৰতে বিয়াৰ সিদ্ধান্তই ল’লে।

২০১৬ চনৰ ৫ ফেব্ৰুৱাৰীত জাডেজা আৰু ৰিভাবাৰ এংগেজমেণ্ট হৈছিল। আঙঠি বিনিময়ৰ দুমাহৰ পাছত ১৭ এপ্ৰিলত তেওঁলোক বিবাহপাশত আবদ্ধ হয়। বিয়াৰ এবছৰৰ অন্তত ২০১৬ চনত ৰিভাবাই কন্যা সন্তানৰ জন্ম দিয়ে।

১৯৯০ চনৰ ২ ছেপ্টেম্বৰত গুজৰাটৰ ৰাজকোটত ৰিভাবাৰ জন্ম। স্কুলীয়া শিক্ষা সমাপ্ত কৰি গুজৰাটৰ পৰা মেকানিকেল ইঞ্জিনিয়াৰিঙৰ শিক্ষা গ্ৰহণ কৰে। কিন্তু ৰিভাবাই ইঞ্জিনিয়াৰিঙক পেছা হিচাপে বাছি লোৱা নাছিল।

ৰিভাৰ মাতৃ ৰে’লৱেৰ কৰ্মচাৰী আৰু দেউতাক ব্যৱসায়ী। ৰিভাবা সমাজ সেৱাৰ লগতো জড়িত। তেওঁ নাৰীৰ অধিকাৰৰ ওপৰত কাম কৰে। ২০১৮ চনত বিজেপিৰ হৈ কাম আৰম্ভ কৰিছিল ৰিভাবাই।

২০১৮ চনতো বিতৰ্কতো লিপ্ত হৈ পৰিছিল ৰিভাবা। শুনা গৈছিল, গুজৰাটৰ জামনগৰত এজন আৰক্ষী বিষয়াৰ বাইকত খুন্দা মাৰিছিল ৰিভাবাৰ গাড়ীয়ে। ঘটনাস্থলীত আৰক্ষীৰ সৈতে সমস্যাত পৰে ৰিভাবা।

ৰিভাবাই আৰক্ষীৰ বিৰুদ্ধে থানাত এজাহাৰ দাখিল কৰে। ঘটনাস্থলীত হোৱা অশান্তিৰ সময়ত আৰক্ষীজনে ৰিভাবাৰ চুলিত ধৰি টানিছিল বুলি অভিযোগ উত্থাপন কৰে। আনহাতে, ৰিভাবাৰ বিৰুদ্ধেও ওলোটাই এজাহাৰ দাখিল কৰে আৰক্ষী কৰ্মীজনে।

আৰক্ষীয়ে দাবী কৰিছিল যে ৰিভাবাই অসাৱধানতাৰে গাড়ী চলাইছিল। ৰিভাবাৰ এজাহাৰৰ ভিত্তিত আৰক্ষীক গ্ৰেপ্তাৰ কৰা হয়। পিছত অৱশ্যে জামিনত মুকলি কৰি দিয়া হয়।

২০২২ চনৰ নৱেম্বৰ মাহত গুজৰাট বিধানসভাৰ নিৰ্বাচনত অংশগ্ৰহণ কৰিছিল ৰিভাবাই। নিৰ্বাচনত বিজেপিৰ পৰা জয়ী হৈ বিধায়ক হয়।

জদেজা আৰু ৰিভাবাই তেওঁলোকৰ কন্যা সন্তানৰ পঞ্চম জন্মদিনত ‘সুকন্যা সমৃদ্ধি’ আঁচনিৰ অধীনত কন্যা শিশুসকলৰ বাবে ১০১টা বেংক একাউণ্ট খুলিছিল। সেই কাৰণে দুয়োজনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা প্ৰশংসাও লাভ কৰে।

সম্প্ৰতি পুনৰ আলোচনাৰ মাজলৈ আহিছে ৰিভাবা। আহমেদাবাদৰ ষ্টেডিয়ামত স্বামীৰ ভৰি চুই প্ৰণাম কৰাৰ বাবে ৰিভাবাক একাংশই সমালোচনা কৰে। তেওঁলোকৰ মতে, ষ্টেডিয়ামত ৰিভাবাৰে তেনে আচৰণ কৰা উচিত নাছিল।

কিন্তু বেছিভাগৰ মতে ৰিভাবাই ভাৰতীয় সংস্কৃতিক উজ্জ্বল কৰি তুলিছে। তেওঁলোকে দাবী কৰে যে ৰিভাবাই স্বামীৰ সফলতাক সন্মান জনাই এই পথ বাছি লৈছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

July 27, 2026 6:10 pm
বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

July 27, 2026 3:37 pm
নাম ধৰি মাতি কিছু কথা-বতৰা, তাৰ পাছতেই গুলী! কানাডাত ৰাজপথত ঢলি পৰিল ভাৰতীয় মূলৰ যুৱতী

নাম ধৰি মাতি কিছু কথা-বতৰা, তাৰ পাছতেই গুলী! কানাডাত ৰাজপথত ঢলি পৰিল ভাৰতীয় মূলৰ যুৱতী

July 27, 2026 3:21 pm
শান্তিপূৰ্ণ প্ৰতিবাদ সাংবিধানিক অধিকাৰ, কেৱল আন্দোলনৰ অজুহাতত লাঠীচালনা গ্ৰহণযোগ্য নহয়: উচ্চতম ন্যায়ালয়

শান্তিপূৰ্ণ প্ৰতিবাদ সাংবিধানিক অধিকাৰ, কেৱল আন্দোলনৰ অজুহাতত লাঠীচালনা গ্ৰহণযোগ্য নহয়: উচ্চতম ন্যায়ালয়

July 27, 2026 2:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

July 27, 2026 6:10 pm
বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

July 27, 2026 3:37 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd