• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মাধৱী বুচ কোন? তেওঁৰ স্বামী কোন? আদানী গোষ্ঠীৰ সৈতে কেনেকুৱা মিতিৰালিৰ অভিযোগ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 11, 2024 4:21 pm
মাধৱী বুচ (বৰ্তমান আৰু পূৰ্বৰ)। ফাইল ফটোঃ সংগ্ৰহীত।

মাধৱী বুচ (বৰ্তমান আৰু পূৰ্বৰ)। ফাইল ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শনিবাৰে নিশাৰ পৰা মাধৱী বুচক লৈ চলি থকা চৰ্চাৰ মাজত আন কোনো শিহৰণকাৰী ঘটনাৰ আলোড়ন নাই। কিন্তু আদানী গোষ্ঠীৰ সৈতে মাধবীৰ মিতিৰালিৰ তথা ব্যৱসায়িক লেনদেনৰ অভিযোগক লৈ উদ্যোগ মহলৰ পৰা ঘৰুৱা ৰাজনীতিলৈকে চৰ্চা বিয়পি পৰিছে।

ভাৰতৰ শ্বেয়াৰ বজাৰৰ নিয়ন্ত্ৰক সংস্থা হৈছে ছেবি (Securities and Exchange Board of India – SEBI)। এই সংস্থাটো কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ৰ অধীনস্থ এটা বিধিগত সংস্থা। এই প্ৰতিষ্ঠানটোৰ ওপৰত আছে সাধাৰণ গ্ৰাহক আৰু বিনিয়োগকাৰীৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ এক বৃহৎ দায়িত্ব। কিন্তু বৰ্তমান আমেৰিকাৰ শ্বৰ্ট চেলিং সংস্থা হিণ্ডেনবাৰ্গ ৰিচাৰ্চে ছেবিৰ অধ্যক্ষ মাধাবী বুচৰ বিৰুদ্ধে ডাঙৰ অভিযোগ উত্থাপন কৰিছে।

তেওঁলোকে আদানী গ্ৰুপ (গৌতম আদানী – আদানী গ্ৰুপ)ৰ বিৰুদ্ধে চলি থকা তদন্ত সন্দৰ্ভত ছেবি আচৰিত ধৰণে নিষ্ক্ৰিয় বুলি দাবী কৰে। অনুসন্ধান কৰি দেখা গৈছে যে এইগৰাকী মাধাবী বুচ আৰু তেওঁৰ স্বামী ধবল বুচৰ বিদেশত আদানী গোষ্ঠীৰ ভুৱা কোম্পানীত বৃহৎ বিনিয়োগ আছে। ভাৰতত কৰ ফাঁকি দিবলৈ ভুৱা সংস্থাত অবৈধ লেনদেনৰ জৰিয়তে ধন সৰবৰাহ কৰা হৈছে।

মাধৱী বুচৰ শৈক্ষিক আৰু পেছাদাৰী কেৰিয়াৰ ঈৰ্ষণীয়। তেওঁৰ জন্ম হৈছিল ১০৬৬ চনত মুম্বাইত। অংকশাস্ত্ৰ অধ্যয়ন কৰিছিল। ইয়াৰ পিছত তেওঁ আই আই এম আহমেদাবাদৰ পৰা এম বি এ পাছ কৰে। ১৯৮৯ চনৰ পৰাই বেংকিং প্ৰতিষ্ঠানৰ সৈতে তেওঁৰ সম্পৰ্ক আৰম্ভ হয়। সেই বছৰতে তেওঁ আইচিআইচিআই বেংকত যোগদান কৰে।

লগতে পঢ়কঃ আদানী সম্পৰ্কত বিস্ফোৰণ হিণ্ডেনবাৰ্গৰ : কেলেংকাৰীত নাম সাঙুৰ খাইছে ছেবীৰ অধ্যক্ষ মাধৱী বুচ

মাধৱীয়ে আইচিআইচিআই বেংকত বিভিন্ন পদত কাম কৰিছিল। পিছলৈ তেওঁ ২০০৯ চনত আইচিআইচিআই ছিকিউৰিটিজৰ চিইঅ’ হয়।

আইচিআইচিআই বেংক এৰাৰ পিছত মাধৱীয়ে চাংহাইৰ নিউ ডেভেলপমেণ্ট বেংকত যোগদান কৰে। পিছলৈ তেওঁক ব্যক্তিগত ইকুইটি প্ৰতিষ্ঠান গ্ৰেটাৰ পেচিফিক কেপিটেলৰ ছিংগাপুৰ শাখা পৰিচালনাৰ দায়িত্ব দিয়া হয়।

পিছলৈ ভাৰতলৈ উভতি আহি আইডিয়া চেলুলাৰ আৰু এন আই আই টি লিমিটেডত নন এক্সিকিউটিভ ডিৰেক্টৰ হিচাপে যোগদান কৰে। ইয়াৰ পিছত ২০১৭ চনত মাধৱী বুচক ছেবিৰ পূৰ্ণকালীন সদস্য হিচাপে নিযুক্তি দিয়া হয়। পিছত ২০২২ চনত মাধৱী ছেবিৰ অধ্যক্ষ হয়।

২০২২ চনত মাধৱীক ছেবিৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়াটো আছিল এক ঐতিহাসিক মাইলৰ খুঁটি। কাৰণ তেওঁ আছিল ছেবিৰ অধ্যক্ষ হোৱা প্ৰথমগৰাকী মহিলা। সংস্থাৰ অধ্যক্ষ হিচাপে মাধৱীয়ে প্ৰায় সকলো চোৱাচিতা কৰিছিল। কিন্তু এইবাৰ তেওঁৰ ভূমিকাক লৈ এটা ডাঙৰ প্ৰশ্ন উত্থাপন হ’ল। কাৰণ, হিণ্ডেনবাৰ্গ ৰিচাৰ্চে দাবী কৰিছে যে তেওঁৰ আদানি গ্ৰুপৰ সৈতে বাণিজ্যিক সম্পৰ্ক আছে।

মাধবীৰ স্বামী ধবল বুচো এজন প্ৰতিষ্ঠিত পেছাদাৰী ব্যক্তি। তেওঁৰ কেৰিয়াৰ মাধৱীৰ দৰে উজ্জ্বল নহয় যদিও বৰ কমো নহয়। কিন্তু হিণ্ডেনবাৰ্গ ৰিচাৰ্চে তেওঁৰ ভূমিকাক লৈও প্ৰশ্ন উত্থাপন কৰিছে।

লগতে পঢ়কঃ ম্যানমাৰৰ পৰা বাংলাদেশত প্ৰৱেশৰ চেষ্টা, ৰোহিংগীয়াৰ ওপৰত ড্ৰোন আক্ৰমণত নিহত প্ৰায় ২০০ জন

শনিবাৰে পুৱা হিণ্ডেনবাৰ্গে জনাইছিল যে ভাৰতত পুনৰ ডাঙৰ কিবা এটা ঘটিবলৈ গৈ আছে। ইয়াৰ পিছত ভাৰতীয় সময় মতে নিশা বিস্ফোৰণটো ঘটিল!

যোৱা বছৰৰ জানুৱাৰী মাহত হিণ্ডেনবাৰ্গ ৰিচাৰ্চৰ প্ৰতিবেদনত দাবী কৰা হৈছিল যে কেনেকৈ আদানীয়ে কৰ ফাঁকি দিবলৈ বিদেশত ভূৱা কোম্পানী খুলি ধন সৰকাইছিল। অভিযোগৰ তদন্তৰ দায়িত্ব দিয়া হৈছিল ছেবিক। এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰো নিৰ্দেশ আছিল।

শনিবাৰৰ হিণ্ডেনবাৰ্গৰ প্ৰতিবেদনত তীব্ৰভাৱে প্ৰকাশ পাইছে যে সৰিয়হৰ ডুলিতে ভূত আছে। যাৰ ওপৰত তদন্তৰ দায়িত্ব দিয়া হৈছে, আদানী গোষ্ঠীৰ সৈতে তেওঁৰ ভিতৰি গভীৰ সম্পৰ্ক আছে তেনে নহয়, ব্যৱসায়িক স্বাৰ্থতো জড়িত হৈ আছে মাধৱী।

হিণ্ডেনবাৰ্গে কয় যে তেওঁলোকৰ প্ৰতিবেদন প্ৰকাশৰ ১৮ মাহ পাৰ হৈ গ’ল। তথাপিও আচৰিত ধৰণে আদানীৰ অবৈধ আচৰণ আৰু মৰিচাছ আৰু বিদেশৰ অন্যান্য ভুৱা কোম্পানীত তেওঁলোকৰ লেনদেনৰ প্ৰতি ছেবিয়ে কোনো আগ্ৰহ প্ৰকাশ কৰা নাই।

লগতে পঢ়কঃ দেশৰ প্ৰাক্তন বৈদেশিক মন্ত্ৰী কে নটৱৰ সিঙৰ ৯৩ বছৰ বয়সত দেহাৱসান

হিণ্ডেনবাৰ্গে দাবী কৰে যে মাধৱী বুচ আৰু তেওঁৰ স্বামী ধবল বুচে মৰিচাছ আৰু বাৰ্মুডাত ভুৱা বিদেশী কোম্পানীত বিনিয়োগ কৰিছিল যাৰ সৈতে গৌতম আদানীৰ ভাতৃ বিনোদ আদানী প্ৰত্যক্ষভাৱে জড়িত আছিল। এই সকলোবোৰ বিনিয়োগ ২০১৫ চনত কৰা হৈছিল। ইয়াৰ পিছত ২০১৭ চনত মাধৱীয়ে ছেবিৰ পূৰ্ণকালীন সদস্য হিচাপে নিযুক্তি লাভ কৰে।

হিণ্ডেনবাৰ্গৰ প্ৰতিবেদনত এইটোও কোৱা হৈছে যে মাধৱী ছেবিৰ সদস্য হোৱাৰ ঠিক আগতেই তেওঁৰ স্বামীয়ে এই বিদেশী কোম্পানীবোৰত পত্নীৰ সকলো বিনিয়োগ নিজৰ নামত কৰি লৈছিল। যাতে মাধৱীৰ ওপৰত কোনো ধৰণৰ তদন্তৰ প্ৰশ্নই উত্থাপন নহয়। হিণ্ডেনবাৰ্গে দাবী কৰে যে এই বিনিয়োগসমূহ বহুস্তৰীয় আৰু জটিলভাৱে কৰা হৈছিল। বহুতে ইচ্ছাকৃতভাৱে কৰা বুলিও বিশ্বাস কৰে।

হিণ্ডেনবাৰ্গ ইয়াতেই ৰৈ যোৱা নাই। তেওঁলোকৰ দাবী, ৰিয়েল ইষ্টেট ইনভেষ্টমেণ্ট ট্ৰাষ্টত মাধৱীৰ ভূমিকাক লৈও প্ৰশ্ন উত্থাপন হৈছে। কোম্পানীটোৱে ব্লেকষ্টোন নামৰ কোম্পানী এটাক সহায় কৰিছিল, য’ত তেওঁৰ স্বামী পৰামৰ্শদাতা আছিল।

লগতে পঢ়কঃ ছাত্ৰ প্ৰতিবাদকাৰীৰ তীব্ৰ হেচাঁ! বাংলাদেশৰ মুখ্য ন্যায়াধীশ অ’বাইদুল হাছানৰ পদত্যাগ

এই হিণ্ডেনবাৰ্গ প্ৰতিবেদনক আহিলা হিচাপে ব্যৱহাৰ কৰি বিৰোধীয়ে দেওবাৰৰ পৰা মোডী চৰকাৰৰ বিৰুদ্ধে নামিবলৈ প্ৰস্তুতি আৰম্ভ কৰিছে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

September 18, 2025 8:31 pm
কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

September 18, 2025 8:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd