NORTHEAST NOW (Assamese)

এইবাৰ আইপিএলৰ নিলামত সকলোৰে দৃষ্টি কাঢ়ি নিয়া কোন এইগৰাকী সুন্দৰী যুৱতী?

February 21, 2021 11:04 am · এন ই নাও নিউজ
Updated: February 21, 2021 11:08 am
কাব্যা মাৰান।

ভাৰতৰ আটাইতকৈ জনপ্রিয় ক্রিকেট টুর্নামেন্ট টী-২০ লীগ আইপিএলৰ প্ৰস্তুতি পৰ্ব আৰম্ভ হৈ গৈছে।  যোৱা বৃহস্পতিবাৰে ফ্ৰেন্সাইজীসকলে তেওঁলোকৰ দল নিৰ্বাচন কৰি নিছে।

সেইদিনা নিলামত হায়দৰাবাদ ছানৰাইজাৰ্ছে মাত্ৰ তিনিগৰাকী ক্ৰিকেটাৰকহে ক্ৰয় কৰে। সেয়েহে, হায়দৰাবাদৰ টেবুলত বিশেষ উত্তেজনা দেখা যোৱা নাছিল।

কিন্তু তথাপি হায়দৰাবাদৰ টেবুলখনে সকলোৰে দৃষ্টি কাঢ়ি নিলে। কিয়নো তাত বহি আছিল এগৰাকী সুন্দৰী যুৱতী। ছচিয়েল মিডিয়াত ব্যাপক চৰ্চা লাভ কৰা এই যুৱতীগৰাকীনো কোন?

ছানৰাইজাৰ্ছ হায়দৰাহবাদৰ টেবুলত বহি থকা সুন্দৰী যুৱতীগৰাকীৰ নাম হৈছে কাব্যা মাৰান। মাত্ৰ ২৯ বছৰীয়া কাব্যা দেশৰ ধনাঢ্য ব্যক্তিসকলৰ ভিতৰত অন্যতম।

তেওঁ ছান টিভি নেটৱৰ্কৰ মালিক তথা প্ৰতিষ্ঠাপক কলানিধি মাৰানৰ কন্যা। এয়াই প্ৰথম নহয়, ইয়াৰ পূৰ্বেও আইপিএলৰ নিলামত কাব্যাক দেখা গৈছিল। যোৱা ছিজনত তেওঁ হায়দৰাবাদৰ হৈ ক্ৰিকেটাৰসকলৰ বাবে মূল্যৰ ডাক দিছিল।

হায়দৰাবাদৰ মেচ চলি থকাৰ সময়তো তেওঁ ষ্টেডিয়ামত উপস্থিত হৈ দলক উৎসাহিত কৰা দেখা গৈছিল।

পিতৃ ছান টিভিৰ মালিক কলানিধিৰ ব্যৱসায় বৰ্তমান কাব্যাই চলায়। ক্ৰিকেটক লৈ কাব্যা যথেষ্ট উৎসাহিত।

এইবাৰ ছানৰাইজাৰ্ছ হায়দৰাবাদে মাত্ৰ তিনিজন ক্ৰিকেটাৰক ক্ৰয় কৰিছে যাৰ ভিতৰত আছে দেশৰ অভিজ্ঞ অলৰাউণ্ডাৰ কেদাৰ যাজৱ, আফগানিস্তানৰ স্পীনাৰ মজিবুৰ ৰহমান আৰু কৰ্ণাটকৰ অলৰাউণ্ডাৰ জগদীশ সুচিত।

Related News