Anger Management: আপোনাৰো বৰ খং উঠে নেকি? খং নোহোৱা কৰাৰ উপায় জানেনে?

প্রতিনিধিত্বমূলক ফটো।

Anger Management মানুহৰ ভাল, বেয়াৰ দৰেই খং এটা মানসিক অৱস্থা। কিন্তু এই খঙক কোনেও সুস্থ মানসিকতা বুলি স্বীকাৰ নকৰে। খঙৰ বাবেই ঘটে বহুতো ঘটনা।

মহাত্মা গান্ধীয়ে কৈছিল, “খং এনে এবিধ এচিড ইয়াক যি পাত্ৰতে থোৱা যায়, সেই পাত্রটিকে ধ্বংস কৰি পেলায়”।

আপোনালোকে জানেনে এই খঙৰ সৃষ্টি কেনেকৈ হয় ?

বিভিন্নজনৰ বিভিন্ন কাৰণত খং উঠে। মনে বিচৰাটো নোপোৱা, আকাংক্ষা অপূৰণ, নিজৰ মতে সকলোকে চলাব খুজি বিফল আৰু অতিপাত অসন্তুষ্ট হোৱা আদি এশ এটা কাৰণতে খঙৰ সৃষ্টি হয়।

খঙৰ কোনো সীমা নাই তথা আদি অন্তও নাই। সক্ষম মানুহ সময়ত অক্ষম হৈ পৰিলেও হৈ পৰে খঙাল। বয়স্কসকলৰ খঙৰ কাৰণ হ’ল সৰুৰ লগত মন নিমিলা ইত্যাদি।

প্ৰতিনিধিত্বমূলক ফটো।

এসময়ত প্ৰতাপী হৈ থাকি আন সময়ত সেই প্রতাপ হ্রাস পালেও উৎকট খঙৰ চিকাৰ হোৱা দেখা যায়।

খং দুই ধৰণে প্রকাশ পায়। এক শ্রেণীৰ লোকৰ খং উঠে, কিন্তু সেইসকলে খং লুকুৱাই ৰাখে। যাৰ বাবে এইসকল লোক এসময়ত আলচাৰ, হৃদৰোগ, উচ্চ ৰক্তচাপ, মধুমেহ, মূৰৰ বিষ, থাইৰয়েড ৰোগৰ চিকাৰ হয়।

আন এচামে বাহ্যিকভাৱে খং প্রকাশ কৰি নিজৰ, আনৰ ওচৰত, সামাজিকভাৱে, অভব্য আচৰণ কৰি পুতৌৰ পাত্ৰ হৈ পৰে। হত্যা, আত্মহত্যা, শাৰীৰিক আৰু মানসিক নিগ্ৰহৰ দৰে ঘটনাও খঙৰ চৰম বহিঃপ্রকাশ।

আমি তাতেই বুজি পাও যে খং কিমান ভয়াৱহ। খং মানুহৰ মাজত সোমাই থকা এনে এবিধ বিষাক্ত আচৰণ যে যিসকলৰ মাজত ই এশ শতাংশই বিৰাজমান, সেইসকলক দুৰ্ভগীয়া লোক বুলিব পাৰি।

প্ৰতিনিধিত্বমূলক ফটো।

খং কমাবলৈ উপায় বহুত আছে তাৰেই মাজত কেইটামান হল:-

১.বিৰক্তি আৰু খং এৰাই চলাটো এটা অভ্যাসত পৰিণত কৰক অৰ্থাৎ বিৰক্তি বা খং মনলৈ অহাৰ সময়ত তাক দমন কৰাৰ বহু পদ্ধতি আছে যদিও এই পদ্ধতিবোৰ আপোনাৰ মনৰ ওপৰত নিৰ্ভৰশীল। গতিকে খং মনলৈ অহাৰ সময়ত সেইবোৰ প্ৰয়োগ কৰাৰ কথা আপোনাৰ মনলৈ নাহিবও পাৰে বা আহিলেও আপুনি তাক ভালকৈ প্ৰয়োগ কৰিব নোৱাৰিবও পাৰে। গতিকে সেই মুহূৰ্তটোলৈ ৰৈ থকাতকৈ আগৰে পৰাই ইয়াক এটা অভ্যাসত পৰিণত কৰক ।

২.শান্তিপূৰ্ণ জীৱনৰ অভ্যাস কৰক অৰ্থাৎ দৈনন্দিন জীৱনৰ বহু কাজিয়া পেচাল বা তৰ্ক বিতৰ্কত জয়ী হৈ আপোনাৰ বিশেষ লাভ নহয় আৰু এইবোৰ আওকাণ কৰিলে আপুনি সৰু হৈ নাযায় অথবা আপোনাৰ কোনো অনিষ্টও নহয় । এনেধৰণৰ সংঘাতত লিপ্ত হৈ নিজৰ শক্তি আৰু সময়ৰ অপচয় কৰাতকৈ নিজৰ মানসিক শক্তিখিনি বচাই ৰাখক তাতকৈ ডাঙৰ কামৰ বাবে ।

প্ৰতিনিধিত্বমূলক ফটো।

৩.মন কেন্দ্ৰীভূত কৰাৰ অভ্যাস কৰক মানে মন কেন্দ্ৰীভূত কৰাৰ বাবে আপুনি নিজ পচন্দৰ যিকোনো কাম বা ধ্যানৰ সহায় লব পাৰে। ধ্যান মানেই যে ভগৱানৰ চিন্তন বা আধ্যাত্মিক অথবা ধাৰ্মিক কাৰ্য তেনে নহয়। আপুনি আস্তিক, নাস্তিক যিয়েই নহওক ধ্যানৰ সহায় আপুনি ল’ব পাৰে ।

৪.আনৰ সহায় লওক অৰ্থাৎ বিৰক্তি, মানসিক অশান্তি বা খঙৰ সময়ত কোনো বন্ধু অথবা আত্মীয়ৰ সৈতে কথা পাতক। হয়তো তেওঁ আপোনাক আমনি কৰি থকা বিষয়টো সন্দৰ্ভত এটা নতুন দিশ আপোনাক দেখুৱাব পাৰিব আৰু ই আপোনাৰ মন ফৰকাল হোৱাত সহায় কৰিব ।