• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

Anger Management: আপোনাৰো বৰ খং উঠে নেকি? খং নোহোৱা কৰাৰ উপায় জানেনে?

জাহ্নৱী বৰুৱা, গুৱাহাটী by জাহ্নৱী বৰুৱা, গুৱাহাটী
June 23, 2022 3:53 pm
প্রতিনিধিত্বমূলক ফটো।

প্রতিনিধিত্বমূলক ফটো।

7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Anger Management মানুহৰ ভাল, বেয়াৰ দৰেই খং এটা মানসিক অৱস্থা। কিন্তু এই খঙক কোনেও সুস্থ মানসিকতা বুলি স্বীকাৰ নকৰে। খঙৰ বাবেই ঘটে বহুতো ঘটনা।

মহাত্মা গান্ধীয়ে কৈছিল, “খং এনে এবিধ এচিড ইয়াক যি পাত্ৰতে থোৱা যায়, সেই পাত্রটিকে ধ্বংস কৰি পেলায়”।

আপোনালোকে জানেনে এই খঙৰ সৃষ্টি কেনেকৈ হয় ?

বিভিন্নজনৰ বিভিন্ন কাৰণত খং উঠে। মনে বিচৰাটো নোপোৱা, আকাংক্ষা অপূৰণ, নিজৰ মতে সকলোকে চলাব খুজি বিফল আৰু অতিপাত অসন্তুষ্ট হোৱা আদি এশ এটা কাৰণতে খঙৰ সৃষ্টি হয়।

Apply Now

খঙৰ কোনো সীমা নাই তথা আদি অন্তও নাই। সক্ষম মানুহ সময়ত অক্ষম হৈ পৰিলেও হৈ পৰে খঙাল। বয়স্কসকলৰ খঙৰ কাৰণ হ’ল সৰুৰ লগত মন নিমিলা ইত্যাদি।

প্ৰতিনিধিত্বমূলক ফটো।

এসময়ত প্ৰতাপী হৈ থাকি আন সময়ত সেই প্রতাপ হ্রাস পালেও উৎকট খঙৰ চিকাৰ হোৱা দেখা যায়।

খং দুই ধৰণে প্রকাশ পায়। এক শ্রেণীৰ লোকৰ খং উঠে, কিন্তু সেইসকলে খং লুকুৱাই ৰাখে। যাৰ বাবে এইসকল লোক এসময়ত আলচাৰ, হৃদৰোগ, উচ্চ ৰক্তচাপ, মধুমেহ, মূৰৰ বিষ, থাইৰয়েড ৰোগৰ চিকাৰ হয়।

আন এচামে বাহ্যিকভাৱে খং প্রকাশ কৰি নিজৰ, আনৰ ওচৰত, সামাজিকভাৱে, অভব্য আচৰণ কৰি পুতৌৰ পাত্ৰ হৈ পৰে। হত্যা, আত্মহত্যা, শাৰীৰিক আৰু মানসিক নিগ্ৰহৰ দৰে ঘটনাও খঙৰ চৰম বহিঃপ্রকাশ।

আমি তাতেই বুজি পাও যে খং কিমান ভয়াৱহ। খং মানুহৰ মাজত সোমাই থকা এনে এবিধ বিষাক্ত আচৰণ যে যিসকলৰ মাজত ই এশ শতাংশই বিৰাজমান, সেইসকলক দুৰ্ভগীয়া লোক বুলিব পাৰি।

প্ৰতিনিধিত্বমূলক ফটো।

খং কমাবলৈ উপায় বহুত আছে তাৰেই মাজত কেইটামান হল:-

১.বিৰক্তি আৰু খং এৰাই চলাটো এটা অভ্যাসত পৰিণত কৰক অৰ্থাৎ বিৰক্তি বা খং মনলৈ অহাৰ সময়ত তাক দমন কৰাৰ বহু পদ্ধতি আছে যদিও এই পদ্ধতিবোৰ আপোনাৰ মনৰ ওপৰত নিৰ্ভৰশীল। গতিকে খং মনলৈ অহাৰ সময়ত সেইবোৰ প্ৰয়োগ কৰাৰ কথা আপোনাৰ মনলৈ নাহিবও পাৰে বা আহিলেও আপুনি তাক ভালকৈ প্ৰয়োগ কৰিব নোৱাৰিবও পাৰে। গতিকে সেই মুহূৰ্তটোলৈ ৰৈ থকাতকৈ আগৰে পৰাই ইয়াক এটা অভ্যাসত পৰিণত কৰক ।

২.শান্তিপূৰ্ণ জীৱনৰ অভ্যাস কৰক অৰ্থাৎ দৈনন্দিন জীৱনৰ বহু কাজিয়া পেচাল বা তৰ্ক বিতৰ্কত জয়ী হৈ আপোনাৰ বিশেষ লাভ নহয় আৰু এইবোৰ আওকাণ কৰিলে আপুনি সৰু হৈ নাযায় অথবা আপোনাৰ কোনো অনিষ্টও নহয় । এনেধৰণৰ সংঘাতত লিপ্ত হৈ নিজৰ শক্তি আৰু সময়ৰ অপচয় কৰাতকৈ নিজৰ মানসিক শক্তিখিনি বচাই ৰাখক তাতকৈ ডাঙৰ কামৰ বাবে ।

প্ৰতিনিধিত্বমূলক ফটো।

৩.মন কেন্দ্ৰীভূত কৰাৰ অভ্যাস কৰক মানে মন কেন্দ্ৰীভূত কৰাৰ বাবে আপুনি নিজ পচন্দৰ যিকোনো কাম বা ধ্যানৰ সহায় লব পাৰে। ধ্যান মানেই যে ভগৱানৰ চিন্তন বা আধ্যাত্মিক অথবা ধাৰ্মিক কাৰ্য তেনে নহয়। আপুনি আস্তিক, নাস্তিক যিয়েই নহওক ধ্যানৰ সহায় আপুনি ল’ব পাৰে ।

৪.আনৰ সহায় লওক অৰ্থাৎ বিৰক্তি, মানসিক অশান্তি বা খঙৰ সময়ত কোনো বন্ধু অথবা আত্মীয়ৰ সৈতে কথা পাতক। হয়তো তেওঁ আপোনাক আমনি কৰি থকা বিষয়টো সন্দৰ্ভত এটা নতুন দিশ আপোনাক দেখুৱাব পাৰিব আৰু ই আপোনাৰ মন ফৰকাল হোৱাত সহায় কৰিব ।

জাহ্নৱী বৰুৱা, গুৱাহাটী

জাহ্নৱী বৰুৱা, গুৱাহাটী

Stay Connected

  • 117k Fans

Recent News

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

October 13, 2026 10:12 pm
গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

October 13, 2026 9:00 pm
কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা এল মুৰুগনৰ পদত্যাগ, ২০২৯ৰ লক্ষ্যৰে তামিলনাডুত বিজেপি শক্তিশালী কৰাত মন

কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা এল মুৰুগনৰ পদত্যাগ, ২০২৯ৰ লক্ষ্যৰে তামিলনাডুত বিজেপি শক্তিশালী কৰাত মন

October 13, 2026 7:58 pm
নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱত মাদকবিৰোধী কৰ্মীক গুলীয়াই হত্যা! আপ চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধী

নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱত মাদকবিৰোধী কৰ্মীক গুলীয়াই হত্যা! আপ চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধী

October 13, 2026 6:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

October 13, 2026 10:12 pm
গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

October 13, 2026 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd