• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিশুৰ পেটৰ অসুখ: কেইটামান জানিবলগীয়া কথা

ডা: জ্ঞানেন্দ্ৰ শৰ্মা by ডা: জ্ঞানেন্দ্ৰ শৰ্মা
July 11, 2023 3:28 pm
219
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিশুৰ পেটৰ অসুখ এটা মাৰাত্মক ৰোগ বুলি পৰিগণিত আছিল। এটা বৃহৎ সংখ্যক শিশুৰ এই ৰোগত মৃত্যু হৈছিল। বৰ্তমান সেই পৰিস্থিতি নাই । শিশুৰ পেটৰ অসুখৰ ফলত হোৱা মৃত্যুৰ হাৰ যদিও নিম্নগামী হ’ল, তথাপি আজিও বহু শিশুৱে পেটৰ অসুখত ভোগে। উল্লেখযোগ্য যে বাৰে বাৰে পেটৰ অসুখত ভুগি থাকিলে শিশুৰ পুষ্টিহীনতা হয়। পুষ্টিহীনতাৰ ফলত শিশুৰ আন ৰোগত ভোগাৰ আশঙ্কা বাঢ়ে।

শিশুৰ প্ৰধানকৈ ৫ প্ৰকাৰৰ পেটৰ অসুখ হোৱা দেখা যায়।

১) পনীয়া শৌচ, লগত বমি আৰু জ্বৰ।

Apply Now

২) অকল তেজ আৰু শাঁও মিহলি শৌচ লগত জ্বৰ আৰু খামোচ মৰা পেটৰ বিষ।

৩) তেজ আৰু শাঁও মিহলি শৌচ আৰু শৌচ কৰাৰ আগে আগে তল পেটত খামোচ মৰা বিষ। জ্বৰ নাই ।

৪) পনীয়া, বগা ৰঙৰ পানী আৰু শাঁও মিহলি শৌচ আৰু পেটৰ বিষ, জ্বৰ নাই।

৫) শৰীৰৰ আন কোনো অঙ্গত বীজানুৰ সংক্ৰমণ, লগত পনীয়া শৌচ।

১) পনীয়া শৌচ, লগত বমি আৰু জ্বৰ:

এই প্ৰকাৰৰ পেটৰ অসুখ শিশুৰ প্ৰধানকৈ দেখা যায়। প্ৰথমে মধ্যমীয়া জ্বৰ আৰু বমি হয়। ২-৩ দিনৰ পিছত জ্বৰ আৰু বমি কমি যায় আৰু পানী সদৃশ শৌচ হয়। ৩-৪ বাৰ কৈ আৰম্ভ হৈ ১৫ – ২০ বা ততোধিক বাৰ হ’ব পাৰে। ইয়াৰ ফলত শৰীৰৰ পৰা পানী আৰু দৰকাৰী ৰাসায়নিক দ্ৰব্য ওলাই যায়। ফলত শিশুৰ শৰীৰ শুকাই যায় আৰু দুৰ্বল হয়। বৰ বেছি হ’লে পেচাব কমি যায় বা পেচাব কৰা বন্ধ হৈ যাব পাৰে।

এই ৰোগ সাধাৰণতে ৰ’টা ভাইৰাচৰ নামৰ বীজানুৰ দ্বাৰা সংক্ৰমণ হ’লে হয়। মন কৰিবলগীয়া কথাটো হ’ল যে এই ভাইৰাচ নাশ কৰিব পৰা তেনে কোনো ঔষধ আজিও আবিস্কাৰ হোৱা নাই। গতিকে ইয়াৰ একমাত্ৰ চিকিৎসা হৈছে WHO ৰ দ্বাৰা অনুমোদিত ORS আৰু অতি বেছি পনীয়া শৌচ হোৱাৰ ফলত দেহত পানী বেছি কমি গ’লে বেজীৰ সহায়ত চেলাইন।

প্ৰথমৰে পৰা প্ৰত্যেক বাৰ পনীয়া শৌচ হোৱাৰ পিছে পিছে শিশুৱে যিমান বিচাৰে সিমান মুখেৰে ORS দিব লাগে। আৰম্ভণিতে ORS পিবলৈ নিবিচাৰিলে সুদা পানী দিলেও হয়। ORS পিব নিবিচাৰিলে পিতৃ মাতৃয়ে চিন্তা কৰে। মনত ৰাখিবলগীয়া কথাটো হ’ল যে ORS হৈছে লোন আৰু পানীৰ মিশ্ৰণ। যেতিয়ালৈকে শৰীৰৰত পৰ্যাপ্ত পৰিমানৰ লোন আৰু পানী কমি নেযায় শিশুৱে ORS পিব নোখোজে। জোৰকৈ খুৱাব নেলাগে কাৰণ জোৰ কৰিলে বমি কৰি উলিয়াই দিয়ে। এই ৰোগ সাধাৰণতে ৫-৭ দিনৰ ভিতৰত নিজে নিজে কমি যায়। ORS খুৱাওঁতে সাৱধানে খুৱাব লাগে। নিয়ম মতে তৈয়াৰ কৰিব লাগে। কিনোতে সদায় WHO ORS কিনিব লাগে। ORS গুড়ি বজাৰত দুই প্ৰকাৰ টোপোলাত উপলব্ধ। সৰু টোপোলা এটা ২০০ মি: লি: আৰু এটা ডাঙৰ টোপোলা ১ লিটাৰ খোৱা পানীত এনেদৰে মিহলাব লাগে যাতে পাত্ৰৰ তলত এটা গুৰিও নেথাকে। এই মিশ্ৰন ২৪ ঘন্টালৈ ব্যৱহাৰ কৰিব পাৰি। এই সময়ৰ ভিতৰত ব্যৱহাৰ নহ’লে বাকী থকা খিনি পেলাই দিব লাগে।

পেটৰ অসুখ চলি থকাৰ কেইদিনত শিশুৱে গোটা আহাৰ খাবলৈ মন নকৰে। তথাপি ঘনাই অলপ অলপকৈ সহজে হজম কৰিব পৰা গোটা খাদ্য যেনে ভাত ,দাইল, সিজোৱা আলু পিটিকা খুৱাব লাগে। অবশ্যে যিমান খাবলৈ বিচাৰে সিমান। জোৰ কৰি খুৱাব নেলাগে। পেটৰ অসুখ কমি যোৱাৰ পিচত শিশুৰ ভোক লাগে আৰু খাবলৈ ইচ্ছা কৰে। এই সময়ত নিয়মিত খোৱা খাদ্য দিব লাগে। তেতিয়া পেটৰ অসুখৰ সময়ত যি ওজন হ্ৰাস হয় সইখিনি ২-৩ সপ্তাহৰ ভিতৰত পুনৰ বাঢ়ি যায়।

যদি পনীয়া শৌচ কৰা বাঢ়ি যায়, শিশু দুৰ্বল হৈ যায়, পেচাব কৰা কমি যায়, তেতিয়া শিশুক চিকিৎসালয়লৈ নিয়াৰ প্ৰয়োজন কাৰণ এনে শিশুক চেলাইন দিব লগা হ’ব পাৰে। কিন্তু প্ৰথমৰে পৰা নিয়মত ORS খুৱালে এনে পৰিস্থিতিৰ সাধাৰণতে খুব কমেই উদ্ভৱ হয়।

এই ৰোগ এতিয়া চিটাৰ দ্বাৰা প্ৰতিৰোধ কৰিব পৰা যায়। সকলো শিশুক ৰাষ্ট্ৰীয় চিটাৰ তালিকাৰ মতে চিটা দিয়াৰ ব্যৱস্থা কৰা হৈছে। ফলত এই ৰোগৰ প্ৰকোপ এতিয়া বহু পৰিমানে কম হৈ গৈছে।

২) অকল তেজ আৰু শাঁও মিহলি শৌচ লগত জ্বৰ আৰু খামোচ মৰা পেটৰ বিষ:

এইবিধ পেটৰ অসুখত প্ৰথমতে মধ্যমীয়াৰ পৰা অতিমাত্ৰাৰ জ্বৰ আৰু পেটৰ বিষ হয়। তাৰ পিছত শাওঁ আৰু তেজ মিহলি শৌচ হয়। সোনকালে উপযুক্ত চিকিৎসা যদি আৰম্ভ কৰা নহয় তেতিয়া অকল তেজ ওলায়। আৰু শিশু অতি দুৰ্বল হৈ যায়।

এই পেটৰ অসুখ বেক্টেৰিয়া নামৰ বীজানুৰ দ্বাৰা সংক্ৰমণ হ’লে হয়। ইয়াৰ চিকিৎসাৰ কাৰণে উপযুক্ত ঔষধ (এন্টিবায়টিক) প্ৰয়োগ নিতান্ত প্ৰয়োজন। গতিকে শীঘ্ৰতাৰে ডাক্তৰৰ পৰামৰ্শ লৈ চিকিৎসা আৰম্ভ কৰিব লাগে। উপযুক্ত ঔষধ আৰম্ভ কৰাৰ ৪৮ ঘন্তাৰ পিচত জ্বৰ আৰু পেটৰ অসুখ লাহে লাহে কমাই দিয়ে। এই পেটৰ অসুখত ORS ৰ বিশেষ প্ৰয়োজন নাই। অৱশ্যে পানী যিমান বিচাৰে সিমান পিব পাৰে। ভোক কমি যায়। সহজে হজম হোৱা গোটা খাদ্য অলপ অলপ কৈ ঘনাই খুৱাই থাকিব লাগে। সুস্থ হোৱাৰ পিছত ভোক বাঢ়িলে নিয়মিত খোৱা খাদ্য দিব পাৰে। ৫-৭ দিন ঔষধ খুৱালে শিশু সম্পূৰ্ণ সুস্থ হয়।

৩) জ্বৰ নোহোৱাকৈ তেজ আৰু শাঁও মিহলি শৌচ আৰু পেটৰ বিষ:

এই প্ৰকাৰৰ পেটৰ অসুখ সাধাৰণতে ২ বছৰ বয়স পাৰ হোৱাৰ পিছতহে হোৱা দেখা যায়। তেজ আৰু শাঁও মিহলি বেয়া গোন্ধৰ শৌচ হয়। দিনটোত ৪ ৰ পৰা ৬ বাৰলৈ শৌচ কৰে। শিশুক বিশেষ অসুখীয়া যেন নেদেখি। অকল শৌচ কৰাৰ আগে আগে তল পেটত খামোচ মৰা বিষ হয়। এই পেটৰ অসুখক এমিবাঅ’চিচ বুলি কোৱা হয়। এইবিধ পেটৰ অসুখৰ চিকিৎসাৰ কাৰণে ঔষধৰ প্ৰয়োজন। শীঘ্ৰে চিকিৎসকৰ পৰামৰ্শ লৈ সঠিক ঔষধ, সঠিক পৰিমানত ৫ – ৭ দিনলৈ প্ৰয়োগ কৰিলে নিৰাময় হয়। পেটৰ অসুখ হৈ থকাৰ সময়ত শিশুক নিয়মিত খাদ্য খুৱাই থাকিব লাগে।

৪) পনীয়া, বগা ৰঙৰ, পানী আৰু শাঁও মিহলি শৌচ আৰু পেটৰ বিষ, জ্বৰ নাই।

প্ৰথমে তল পেটৰ বিষ হয়। আৰু পেট ফুলে। তাৰ পিছত দিনত ৪ – ৫ বাৰ শৌচ হয়। এই পেটৰ অসুখ জিআৰদিয়া নামৰ বীজানুৰ দ্বাৰা সংক্ৰমণ হ’লে হয়। সাধাৰণতে লেতেৰা পৰিবেশত ডাঙৰ হোৱা শিশুৰ বেছিকৈ হয়। পেটৰ অসুখ ৫ -৭ দিন চলিব। এই পেটৰ অসুখৰ ঔষধ উপলব্ধ। ডাক্তৰৰ লগত পৰামৰ্শ কৰি ঔষধ খুৱালে ২–৩ দিনৰ ভিতৰত কমি যায়। ঔষধ ৫–৭ দিন খুৱাব লাগে। পেটৰ অসুখ হৈ থকাৰ সময়ত শিশুক নিয়মিত খাই থকা খাদ্য খুৱাই থাকিব লাগে।

৫) পাচনতন্ত্ৰৰ বাহিৰত শৰীৰৰ আন কোনো অঙ্গত বীজানু সংক্ৰমণ আৰু পনীয়া শৌচ:

শৰীৰৰ আন কোনো অঙ্গত যেনে কাণ, ডিঙি বা হাওঁফাওঁ আদিত বীজানু সংক্ৰমণ হ’লে লগত কেতিয়াবা পনীয়া শৌচ হয়। অৱশ্যে লগত আন অঙ্গত উদ্ভৱ হোৱা লক্ষণবোৰ প্ৰধানকৈ থাকিব। আন অঙ্গত হোৱা সংক্ৰমণ চিকিৎসাৰ দ্বাৰা প্ৰশমিত হ’লে পেটৰ অসুখ কমি যায়। গতিকে পনীয়া শৌচ চলি থকা সময়ত পৰ্যাপ্ত ORS দিয়াটোৱে এই পেটৰ অসুখৰ চিকিৎসা।

সকলো পিতৃ-মাতৃয়ে এই কথাখিনি জানিলে অযথা ভয় খোৱাটো কমি যাব আৰু পেটৰ অসুখ হ’লে কেতিয়া ORS খুওৱা আৰম্ভ কৰিব লাগে আৰু কেতিয়া ডাক্তৰৰ ওচৰলৈ চিকিৎসাৰ কাৰণে নিব লাগে এই বিষয়ত কিছু সহায়ক হ’ব লাগে।

 

পেটৰ অসুখ আৰু ORS

বজাৰত উপলব্ধ বিশ্ব স্বাস্থ্য সন্থাৰ দ্বাৰা অনুমোদিত ORS পেকেট ব্যৱহাৰ কৰিব লাগে। এই পেকেট দুই ধৰণৰ পৰিমানত পোৱা যায় – সৰু আৰু ডাঙৰ। সৰু পেকেট সকলো ফাৰ্মাচীত উপলব্ধ। ডাঙৰ পেকেট চিকিৎসালয়ত পোৱা যায়। এই পানীয় নিয়ম অনুসৰি তৈয়াৰ কৰিব লাগে। নহ’লে হিতে বিপৰীত হ’ব।

ORS তৈয়াৰ কৰা নিয়ম

১) হাত চাবোন আৰু পানীৰে ধুব লাগে।

২) এটা পৰিস্কাৰ পাত্ৰ ল’ব লাগে।

৩) এটা সৰু পেকেট ২০০ মিলি পানীত মিলাব লাগে। ১ টা ডাঙৰ পেকেট ১ লিটাৰ পানীত মিলাব লাগে। পানীৰ পৰিমান কম বেছি হ’লে শিশুৰ অপকাৰ হ’ব।

৪) চামুচেৰে ভাল দৰে মিলাব লাগে যাতে অকমানো গুৰি পাত্ৰৰ তলিত পৰি নাথাকে।

৫) তৈয়াৰ কৰা ORS ২৪ ঘন্টালৈ ৰাখিব পাৰি। তাৰ বেছি দেৰি হ’লে বাকী থকা খিনি পেলাই দি নতুনকৈ তৈয়াৰ কৰিব লাগিব

ORS খুওৱাৰ নিয়ম

পেটৰ অসুখ আৰম্ভ হোৱাৰ পৰা প্ৰত্যেক বাৰ পনীয়া শৌচ হোৱাৰ পিছে পিছে শিশুৱে যিমান পিবলৈ ইচ্ছা কৰে সিমান ORS দিব লাগে। পেটৰ অসুখৰ প্ৰথম অবস্থাত ORS খাবলৈ নিবিচাৰিলে জোৰ কৰি খুৱাব নেলাগে। ORS ৰ সলনি আন পানীয় পিবলৈ দিলে হয়।

উল্লেখযোগ্য যে পেটৰ অসুখৰ আৰম্ভণিত শৰীৰৰ পৰা শৌচৰ লগত অকল পানী ওলাই যায়। সেইকাৰণে শিশুৱে পানী পিবলৈ ইচ্ছা কৰে। লাহে লাহে যেতিয়া শৌচৰ লগত নিমখো ওলাই যায় তেতিয়াহে শিশুৱে বিনা আপত্তিত ORS পিবলৈ আৰম্ভ কৰে। তাৰ মানে হ’ল শৰীৰক যেতিয়া যিটো দৰকাৰ হয় শিশুৱে সেইটো গ্ৰহণ কৰে। সেইকাৰণে প্ৰথম অৱস্থাত ORS পিবলৈ ইচ্ছা নকৰিলে পিতৃ-মাতৃৰ চিন্তাৰ নিষ্প্ৰয়োজন ।

আন পনীয়া আহাৰ কি কি দিব পাৰি?

শিশুক দিব পৰা আন পনীয়া আহাৰবোৰ হ’ল :

১) নেমু, নিমখ, চেনি দি তৈয়াৰ কৰা চৰবত।

২) দৈ, চেনি, নিমখ আৰু পানী মিহলাই তৈয়াৰ কৰা চৰবত।

৩) থেকেৰা, চেনি, নিমখ আৰু পানী মিহলাই তৈয়াৰ কৰা চৰবত।

৪) দাইল।

৫) বিশুদ্ধ পানী

কি পানীয় আহাৰ খুৱাব নেলাগে?

১) অকল গ্লুকোজ মিহলোৱা পানী।

২) বজাৰত উপলব্ধ ফলৰ ৰস।

৩) ক’কাকোলা আদি পানীয়।

এইবোৰ পানীয় পিলে পেটৰ অসুখ বাঢ়িব।

পেটৰ অসুখৰ সময়ত আন কি আহাৰ খুৱাব লাগে?

১) ৬ মাহ বয়সৰ তলৰ শিশুক অকল মাকৰ গাখীৰ।

২) ৬ মাহ বয়সৰ ওপৰৰ শিশুক ভাত, দাইল, আলু বা কাচকল পিটিকা, পকা কল, ঘনাই অলপ অলপকৈ খুৱাব লাগে। এনে খাদ্যই শৌচ গোট মৰাত সহায় কৰে।

৩) শৌচৰ পৰিমান কমাৰ পিছত আগেই খাই থকা সকলো খাদ্য খাব পাৰে।

সাধাৰণতে এনে ঘৰুৱা চিকিৎসাতে বেছি ভাগ শিশুৰ পেটৰ অসুখ ৫ – ৭ দিনৰ ভিতৰত উপশম হয়। এনেধৰনেৰে কৰাৰ পিছত যদি শৌচ বাঢ়ি যায় বা নকমে তেতিয়া ওচৰৰ চিকিৎসালয়লৈ শিশুক লৈ যাব লাগে।

ডা: জ্ঞানেন্দ্ৰ শৰ্মা

ডা: জ্ঞানেন্দ্ৰ শৰ্মা

Stay Connected

  • 117k Fans

Recent News

বন বিভাগ ৰাজহ সংগ্ৰহৰ আহিলা নহয়! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা প্ৰকৃতিপ্ৰেমীৰ

বন বিভাগ ৰাজহ সংগ্ৰহৰ আহিলা নহয়! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা প্ৰকৃতিপ্ৰেমীৰ

June 28, 2026 8:34 pm
ভয়ংকৰ দুৰ্ঘটনা! ছৌডি আৰৱত তৈল প্ৰতিষ্ঠান এৰামকোৰ হেলিকপ্টাৰ বিধস্ত হৈ ১৪ জনৰ মৃত্যু

ভয়ংকৰ দুৰ্ঘটনা! ছৌডি আৰৱত তৈল প্ৰতিষ্ঠান এৰামকোৰ হেলিকপ্টাৰ বিধস্ত হৈ ১৪ জনৰ মৃত্যু

June 28, 2026 6:36 pm
প্ৰথম মেচৰ বিপৰ্যয়ৰ পাছত প্ৰত্যাৱৰ্তনৰ লক্ষ্য! দেওবাৰে দ্বিতীয়খন টি-২০ত আয়াৰলেণ্ডৰ সন্মুখীন হ’ব বিশ্ব চেম্পিয়ন ভাৰত

প্ৰথম মেচৰ বিপৰ্যয়ৰ পাছত প্ৰত্যাৱৰ্তনৰ লক্ষ্য! দেওবাৰে দ্বিতীয়খন টি-২০ত আয়াৰলেণ্ডৰ সন্মুখীন হ’ব বিশ্ব চেম্পিয়ন ভাৰত

June 28, 2026 5:25 pm
বিশ্বকাপৰ মাজতেই বিয়াৰ খবৰ! অৱশেষত বিবাহপাশত আৱদ্ধ হ’ব নেকি ফুটবল তাৰকা ক্ৰিষ্টিয়ানো ৰোনাল্ডো আৰু জৰ্জিনা?

বিশ্বকাপৰ মাজতেই বিয়াৰ খবৰ! অৱশেষত বিবাহপাশত আৱদ্ধ হ’ব নেকি ফুটবল তাৰকা ক্ৰিষ্টিয়ানো ৰোনাল্ডো আৰু জৰ্জিনা?

June 28, 2026 4:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বন বিভাগ ৰাজহ সংগ্ৰহৰ আহিলা নহয়! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা প্ৰকৃতিপ্ৰেমীৰ

বন বিভাগ ৰাজহ সংগ্ৰহৰ আহিলা নহয়! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা প্ৰকৃতিপ্ৰেমীৰ

June 28, 2026 8:34 pm
ভয়ংকৰ দুৰ্ঘটনা! ছৌডি আৰৱত তৈল প্ৰতিষ্ঠান এৰামকোৰ হেলিকপ্টাৰ বিধস্ত হৈ ১৪ জনৰ মৃত্যু

ভয়ংকৰ দুৰ্ঘটনা! ছৌডি আৰৱত তৈল প্ৰতিষ্ঠান এৰামকোৰ হেলিকপ্টাৰ বিধস্ত হৈ ১৪ জনৰ মৃত্যু

June 28, 2026 6:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd