সকলোৱে ৰক্তদান কৰিব নোৱাৰে; কোনে ৰক্তদান কৰিব পাৰে আৰু কোনে নোৱাৰে? জানি লওক

প্রতিনিধিত্বমূলক ফটো।

ৰক্তদান মানে জীৱন দান। কোনে শুনা নাই এই কথাষাৰ। আমি সকলোৱে নিশ্চয় জীৱনৰ কোনোবা এটা সময়ত এই কথাটো শুনিছো, আৰু বাস্তৱ জীৱনত ইয়াক প্ৰয়োগো কৰিছো। কাৰণ জৰুৰীকালীন অৱস্থাত তেজৰ অভাৱত জীৱন-মৃত্যুৰ মাজত ৰৈ থকা আৰ্তজনক যদি তেজ দিয়া হয়, তেন্তে তেওঁৰ জীৱন ৰক্ষা কৰিব পৰা যায়।

কিন্তু সকলোৱে ৰক্তদান কৰিব নোৱাৰে, ইয়াৰ আঁৰত বহু কাৰণ আছে। পৰিসংখ্যা অনুসৰি ত্ৰিশজনৰ ভিতৰত এজনেহে ৰক্তদানৰ যোগ্য। যদি আপুনিও ৰক্তদানৰ কথা ভাবিছে তেন্তে জানো আহক কোনে ৰক্তদান কৰিব পাৰে আৰু কোনে নোৱাৰে?

কাণত বিন্ধা বা টাটু কৰা থাকিলে

শেহতীয়াকৈ নাক, কাণ বা শৰীৰৰ যিকোনো অংশত বিন্ধা বা টাটু কৰা লোকে ৰক্তদান কৰিব নোৱাৰে। যদি আপুনি কোনো স্থায়ী মেকআপ চিকিৎসা কৰি আছে তেন্তে ৰক্তদান কৰাৰ আগতে কমেও চাৰি মাহ অপেক্ষা কৰিব লাগে। বিশেষজ্ঞসকলে কয় যে টাটু বা মেকআপ চিকিৎসাৰ লগে লগে তেজ দিলে হেপাটাইটিছ ভাইৰাছ সংক্ৰমণৰ আশংকা থাকে।

যৌনতাও এটা নিয়ম

সমকামী বা নতুন যৌন সঙ্গী বা যৌনকৰ্মীৰ সৈতে সম্পৰ্ক থকাসকলেও ১২ মাহৰ আগতে ৰক্তদান কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

কম ওজন

৪৯ কেজিতকৈ কম ওজন হ’লে ৰক্তদান কৰিব নোৱাৰি। ৰেড ক্ৰছৰ নিয়ম অনুসৰি ১৮ বছৰৰ ওপৰৰ ব্যক্তিয়ে ৰক্তদান কৰাৰ আগতে BMI অনুযায়ী ওজন বজাই ৰাখিব লাগিব।

এন্টিবায়টিক সেৱন কৰি থাকিলে

এন্টিবায়টিকৰ কোৰ্চত থাকিলে তেজ দিব নোৱাৰিব। সাত দিনৰ ভিতৰত সংক্ৰমণ হ’লেও ৰক্তদানৰ যোগ্য বুলি গণ্য কৰা নহ’ব।

এই লোকসকলেও ৰক্তদান কৰিব নালাগে

ডায়েবেটিছ আৰু উচ্চ ৰক্তচাপ ৰোগীয়ে ৰক্তদানৰ পৰা বিৰত থাকিব লাগে।

স্তন পান কৰাই থকা মহিলাসকলেও ৰক্তদানৰ পৰা বিৰত থাকিব লাগে।

তেজৰ লগত জড়িত কোনো ৰোগ যেনে হিমোফিলিয়া ইত্যাদি থাকিলে ৰক্তদান নকৰিব।

১৮ বছৰৰ তলৰ আৰু ৬৫ বছৰৰ ওপৰৰ লোকে ৰক্তদান কৰিব নালাগে।

ৰক্তদান কৰাৰ আগতে কৰক এইবোৰ কাম

ৰক্তদানৰ আগৰ নিশা লঘু আহাৰ খাওক আৰু ভালদৰে শুই লওক।

চৰ্বিযুক্ত খাদ্য, জাংক ফুড, আইচক্ৰীম, ফ্ৰাইড বাৰ্গাৰ, মাংস আৰু মাছ খোৱাৰ পৰা বিৰত থাকক।

ৰক্তদান কৰাৰ আগতে প্ৰচুৰ পৰিমাণে পানী খাব লাগে।

ৰক্তদানৰ আগৰ নিশা মদ্যপান কৰিব নালাগে।