• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Uncategorized

কোচ ৰাজবংশীক জনজাতিকৰণৰ দাবী বনাম কূটকৌশলেৰে কোচ ৰাজবংশীৰ সংগঠনসমূহক বিভাজনৰ ৰাজনীতি

এন ই নাও নিউজ by এন ই নাও নিউজ
November 7, 2024 11:37 am
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ ভূমিপুত্ৰ কোচ- ৰাজবংশী সকলে সূদীৰ্ঘদিন ধৰি জনজাতিকৰণ আৰু পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠনৰ বাবে গণতান্ত্ৰিকভাবে আন্দোলন কৰি আহিছে যদিও আজিলৈকে কেন্দ্ৰ আৰু অসমত শাসন কৰা কোনো এখন চৰকাৰে সমাধানৰ বাবে বাস্তৱ পদক্ষেপ গ্ৰহণ কৰা দেখা নগ’ল। বৰং কূটকৌশল কৰি কোচ ৰাজবংশী জনগোষ্ঠীৰ সংগঠন সমূহক বিভাজনৰ ৰাজনীতিৰে আন্দোলনৰ পৰা আতৰাই ৰাখি সমস্যা সমূহ গাপ দি ৰাখি আছে । কোচ ৰাজবংশী জনগোষ্ঠীৰ কেবাটাও সংগঠনে গ্ৰেটাৰ বঙাইগাঁও প্ৰেছ ক্লাবত আয়োজিত যৌথ সংবাদমেলযোগে এইদৰে গুৰুতৰ অভিযোগ কৰে ।

সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা, চমুকৈ আক্ৰাছুৰ ক্ষীতিশ বৰ্মন গোট, অতুল বৰ্মন গোট, সুনাধৰ ৰায় গোট, নিমাই ৰায় নেতৃত্বাধীন অবিভক্ত গোৱালপাৰা জিলা আক্ৰাছু গোট আৰু কোচ ৰাজবংশী জাতীয় পৰিষদৰ যৌথ সংবাদমেল পাতি এক প্ৰেছ বিবৃতি যোগে কয় যে সূদীৰ্ঘদিন ধৰি অসম তথা কেন্দ্ৰত কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰ আছিল যদিও কোচ ৰাজবংশী সকলোক সমস্যা সমাধান নকৰিলে ৷

Apply Now

একেদৰে বৰ্তমান অসম তথা কেন্দ্ৰীত বিজেপি নেতৃত্বাধীন চৰকাৰ চলি আছে যদিও কোচ ৰাজবংশী সকলোৰ সমস্যা সমাধানৰ ক্ষেত্ৰত হোহকাপিছলা নীতি গ্ৰহণ কৰি প্ৰতাৰণা কৰিব ওলাইছে। ২০১৪ চনৰ লোকসভা নিৰ্বাচন আৰু ২০১৬ চনৰ অসম বিধানসভা নিৰ্বাচনত বিজেপিৰ ভিজন ডকুমেণ্টত আৰু নিৰ্বাচনী সভা সমূহত স্পষ্টকৈ উল্লেখ কৰিছিল কেন্দ্ৰ আৰু অসমত বিজেপিৰ নেতৃত্বত চৰকাৰ গঠন হলে ছয় মাহৰ ভিতৰত জনজাতিকৰণ কৰিব ৷ কিন্তু দুৰ্ভাগ্যজনক কথাতো হল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত কেন্দ্ৰত তিনিবাৰ আৰু অসমত দুবাৰ বিজেপিৰ নেতৃত্বত চৰকাৰ গঠন হন যদিও বিজেপি দলে দিয়া প্ৰতিশ্ৰুতি পালন নকৰি এতিয়া কংগ্ৰেছ দলৰ ওপৰত দোষাৰোপ কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা জনজাতিকৰণ দাবী সমাধানৰ পৰা আতৰি আহিছে ৷

২০১৯ চনত অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা দিয়াৰ বাবে ৰাজ্য সভাত বিধেয়ক উত্থাপনৰ পিছতে অসমৰ বৰ্তমানৰ জনজাতি সকলোৰ বাবে সংৰক্ষিত অধিকাৰ সুৰক্ষিত কৰি অসমৰ ছয় জনগোষ্ঠীক কেনেকৈ জনজাতিৰ তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰি তাৰবাবে তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰৰ বিত্ত তথা স্বাস্থ্য মন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক অধ্যক্ষ হিচাবে লৈ পাঁচজনীয়া মন্ত্ৰী গোট গঠন কৰি দিছিল আৰু উক্ত মন্ত্ৰী গোটে কোচ ৰাজবংশী জনগোষ্ঠীৰ জাতীয় সংগঠনৰে কেইবাবাৰো আনুষ্ঠানিক বৈঠক কৰি জনজাতিকৰণ দাবী সমাধানৰ প্ৰতিশ্ৰুতি দিছিল ৷ কিন্তু ড° হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হোৱাৰ পিছত এতিয়া জনজাতিকৰণ সমস্যা সমাধান নকৰি জনজাতিকৰণৰ বিষয়টোকলৈ কংগ্ৰেছ দলৰে বোকাচতিওৱা ৰাজনীতিতহে ব্যস্ত থকা দেখা গল । মুখ্যমন্ত্ৰী এই কাৰ্য চুঢ়ান্ত দুৰ্ভাগ্যজনক আৰু কোচ ৰাজবংশী সকলোক কৰা প্ৰতাৰণাৰ এক জলন্ত উদাহৰণ বুলি ক্ষোভ প্ৰকাশ কৰি অসম চৰকাৰক তীব্ৰ ধিক্কাৰ দি যৌথ সংবাদমেল যোগে কোচ ৰাজবংশী জাতীয় সংগঠন সমূহে কয় যে, জনজাতিকৰণৰ দাবী সমাধান নকৰি এতিয়া মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে মিছন বসুন্ধৰা ৩.০ জৰিয়তে অসমৰ ভূমি নামজাৰি তথা ভূমি মালিকীস্বত্ব প্ৰদানৰ ক্ষেত্ৰত অসমৰ কেবাটাও জনগোষ্ঠীয়ে তিনিটা প্ৰজন্মৰ নথিপত্ৰ অবিহনে কৰিব পাৰিব বুলি সিদ্ধান্ত কৰিছে যদিও ভূমিপুত্ৰ কোচ ৰাজবংশী সকলোক উক্ত জনগোষ্ঠীৰ সতে সাঙুৰি নললে। ইয়াৰ জৰিয়তে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰে আওপকীয়াকৈ কোচ ৰাজবংশী শকলোক বিদেশী বা প্ৰৱজনকাৰী সজাই কোচ ৰাজবংশী সকলোক ৰাজনৈতিকভাবে নিঃশেষ কৰিব বিচাৰিছে । অসম চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তৰ জৰিয়তে হাজাৰ হাজাৰ ভূমি কোচ ৰাজবংশী সকল ভূমিস্বত্ব বা ভমিৰ মালিকীস্বত্বৰ পৰা যুগযুগান্তৰলৈ বঞ্চিত হব ৷ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা জনা উচিত কোচ ৰাজবংশী সকলোৰ ৰাজ- মহাৰজাৰ শাসনত থকা দৰং, বেলতলা, কোচ হাজো, বিজনী, চিদলী আদিৰ ৰজাই অসীম ত্যাগ কৰি ভাৰতবৰ্ষ যুক্ত হোৱাৰ কাৰণে এটা সময়ত বৰ অসম হৈছিল ৷ কিন্তু বৰ্তমান অসম চৰকাৰে কোচ ৰাজবংশী সকলোৰ অসীম ত্যাগক ভেঙুচালি কৰি ঐতিহাসিক জনগোষ্ঠীটো মানে- সন্মানে জীয়াই থকাত এতিয়া বিভিন্ন প্ৰতিবন্ধকতা আৰোপ কৰাতো কেতিয়াও মানি লব নোৱাৰি । গতিকে অসম চৰকাৰে সেহতীয়াকৈ বসুন্ধৰা ৩.o জৰিয়তে ভূমি মালিকীস্বত্ব লাভৰ বাবে তিনিটা প্ৰজন্মৰ নথিপত্ৰ দাখিলৰ যি অধ্যাদেশ জাৰি কৰিছে সেই সম্পৰ্কত কোচ ৰাজবংশী সকলোক বিনাচৰ্তে ভুমি মালিকীস্বত্ব (নামজাৰি) প্ৰদান কৰিব লাগে আৰু এইক্ষেত্ৰত কোচ ৰাজবংশী সকলোক মালিকীস্বত্ব প্ৰদানৰ ক্ষেত্ৰত তিনি প্ৰজন্মৰ নথিপত্ৰ প্ৰদানৰ পৰা ৰেহাই দিব নে নাই সেই কথা অহা ১৩ নৱেম্বৰৰ আগতে স্পষ্ট কৰিৱলৈ মুখ্যমন্ত্ৰীক আহ্বান জনায় ৷ লগতে কোচ ৰাজবংশী সকলোক বিজেপি নেতৃত্বাধীন অসম চৰকাৰে জনজাতিৰ তালিকাভুক্ত, কেএলঅৰে শান্তি আলোচনা কৰি শান্তিচুক্তি কৰিব নে নাই সেই কথাও মুখ্যমন্ত্ৰীক ৰাজহুৱাকৈ কবলৈ আহ্বান জনায় । অন্যাথা অসম চৰকাৰৰ এই হঠকাৰী সিদ্ধান্ত বিৰুদ্ধে তীব্ৰ আন্দোলন কৰা হব বুলি সংবাদমেল যোগে হুংকাৰ দিয়ে ৷

উক্ত সংবাদমেলত আক্ৰাছু সভাপতি ক্ষীতিশ বৰ্মন, সুনিল ৰায়, সাধাৰণ সম্পাদক কপিল সিংহ, সুনাধৰ ৰায়, প্ৰচাৰ সম্পাদক উত্তম ৰায়, সহকাৰী সাধাৰণ সম্পাদক গোপাল ৰায় আৰু কোচ ৰাজবংশী জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায় উপস্থিত থাকে ।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

August 20, 2026 9:32 am
জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

August 20, 2026 8:35 am
বন্দে মাতৰমৰ দুটা স্তৱকেই গাব কংগ্ৰেছে : ৮৯ বছৰ পুৰণি সিদ্ধান্ততে অটল দল

বন্দে মাতৰমৰ দুটা স্তৱকেই গাব কংগ্ৰেছে : ৮৯ বছৰ পুৰণি সিদ্ধান্ততে অটল দল

August 20, 2026 7:39 am
বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

August 19, 2026 9:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

August 20, 2026 9:32 am
জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

August 20, 2026 8:35 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd