• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

জনজাতিকৰণৰ দাবীত বঙাইগাঁৱত কোচ ৰাজবংশী জাতীয় পৰিষদৰ অৱস্থান ধৰ্মঘট

নৰেন্দ্ৰী মোদী, ড° হিমন্ত বিশ্ব শৰ্মাক চৰম মিছলীয়া আখ্যা

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও by প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও
March 24, 2022 7:46 am
137
VIEWS
Share on FacebookShare on Twitter

পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠন কৰা আৰু অসমৰ কোচ ৰাজবংশীসকলক অতিশীঘ্ৰে ভৈয়াম জনজাতিৰ তালিকাভূক্ত কৰাৰ দাবীত বুধবাৰে বঙাইগাঁৱত কোচ ৰাজবংশী জাতীয় পৰিষদে তিনি ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৷
বঙাইগাঁও চহৰৰ বৰপাৰা ৰাজহুৱা খেল পথাৰত ৰূপায়ণ কৰা অৱস্থান ধৰ্মঘট কাৰ্যসূচীত কোচ ৰাজবংশী জাতীয় পৰিষদৰ সভাপতি বিমল কুমাৰ বৰ্মন, সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়ৰ লগতে অন্যান্য বিষয়ববীয়াসকল আৰু কোচ ৰাজবংশী মহিলা পৰিষদে অংশগ্ৰহণ কৰে ৷

প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰাসকলে হাতে হাতে বিভিন্ন প্লেকাৰ্ড লৈ ন’ এছ টি ন’ ৰেষ্ট, উই ওৱান এছ টি, কমতাপুৰ আমাক লাগিবই, ন’ কমতাপুৰ ন’ ৰেষ্ট, বিজেপি চৰকাৰ হায় হায়, নৰেন্দ্ৰ মোদী হায় হায়, বিজেপি চৰকাৰ হুচিয়াৰ, হিমন্ত বিশ্ব শৰ্মা হায় হায়, এছ টি আমাৰ ন্যাৰ্য দাবী, বিজেপি গ’বেক, কোচ ৰাজবংশীসকলক অতিশীঘ্ৰে জনজাতিকৰণ কৰক আদি শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে ৷

প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত সংগঠনটোৱে বঙাইগাঁও জিলাৰ উপায়ুক্তৰ জৰিয়তে ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীলৈ সুকীয়া সুকীয়াকৈ স্মাৰকপত্ৰ প্ৰদান কৰে ৷ ইপিনে অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কৰি কোচ ৰাজবংশী জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়ে কয় যে কংগ্ৰেছ চৰকাৰৰ দৰে বিজেপি নেতৃত্বাধীন চৰকাৰো প্ৰতাৰক ৷ কেন্দ্ৰ আৰু ৰাজ্যত বিজেপি নেতৃত্বাধীন চৰকাৰ আছে ৷

যোৱা লোকসভা আৰু বিধান সভা নিৰ্বাচনৰ প্ৰাক্‌মুহুৰ্তত তেওঁলোকে কৈছিল যে বিজেপি দলৰ চৰকাৰ আহিলে জনজাতি কৰণ কৰিব ৷ পিচে দেখা গ’ল কেন্দ্ৰত তেওঁলোকে দুবাৰকৈ চৰকাৰ গঠন কৰিলে আৰু অসমতো দুবাৰকৈ তেওঁলোকৰ চৰকাৰ হ’ল ৷ কিন্তু কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণৰ কোনো বাস্তৱ পদক্ষেপ গ্ৰহণ কৰা দেখা নগ’ল ৷ আনকি অসমৰ ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে কোচৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণৰ বিষয়টোক লৈ কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনা কৰাও দেখা নগ’ল ৷ সেইদৰে সংগঠনটোৰ সভাপতি বিমল কুমাৰ বৰ্মনে কয় যে ইয়াৰ পিচত সংগঠনটোৱে জিলাই জিলাই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ লগতে নতুন দিল্লীতো প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব ৷

আনহাতে এক প্ৰেছ বিবৃতিত কোচ ৰাজবংশী জাতীয় পৰিষদৰ সভাপতি বিমল কুমাৰ বৰ্মনৰ আৰু সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়ে কয় যে জনজাতিকৰণ বিষয়টোক বিজেপি নেতৃত্বাধীন অসম চৰকাৰে সমাধান কৰিম বুলি প্ৰতিশ্ৰুতি দি এতিয়া অতি নিকৃষ্ট ৰাজনীতিৰে জনগোষ্ঠীটোক কুঠাৰাঘাত কৰিলে। অসম চৰকাৰৰ এই নিকৃষ্ট ষড়যন্ত্ৰ আৰু প্ৰতাৰণাৰ প্ৰতিবাদতে কোচ ৰাজবংশী জাতীয় পৰিষদে এই অৱস্থান ধৰ্মঘটত পালন কৰিছে ৷ বিবৃতিটোত নেতাদ্বয়ে তীব্ৰ বিষোদগাৰ কৰি লগতে কয় যে ২০১৯ চনৰ লোকসভা নিৰ্বাচন আৰু ২০২১ চনৰ অসম বিধানসভাৰ নিৰ্বাচনত কোচ ৰাজংশী জনগোষ্ঠীৰ ভোট লাভৰ ৰাজনীতিৰ বাবেহে বিজেপি চৰকাৰে যে কোচ ৰাজবংশীকে ধৰি অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ বিধেয়ক ৰাজ্য সভাত উত্থাপন কৰিছিল, সেই কথা এতিয়া প্ৰমাণিত হৈছে ৷

জাতীয় পৰিষদৰ শীৰ্ষ দুই নেতাদ্বয়ে লগতে কয় যে জনজাতিকৰণ সমস্যা সমাধানৰ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে গঠন কৰি দিয়া মন্ত্ৰী মণ্ডলীৰ অধ্যক্ষ তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই জনজাতিকৰণৰ প্ৰতিবেদন আজিলৈকে কেন্দ্ৰীয় চৰকাৰক দিয়াৰ পৰা বিৰত আছে আৰু সেইকাৰণে যে কোচ ৰাজবংশীৰ লগতে পাঁচ জনগোষ্ঠীৰ জনজাতিকৰণ হোৱা নাই সেই কথা চলিত অসম বিধান সভাৰ অধিবেশনত অসম গণ পৰিষদৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ প্ৰশ্নৰ উত্তৰত জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ৰণোজ পেগুই দিয়া উত্তৰত স্পষ্ট ভাবে প্ৰকাশ পাইছে ।

নেতাদ্বয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু অসমৰ মুখ্যমন্ত্ৰীক চৰম মিছলীয়া আখ্যা দি কয় যে কোচ ৰাজবংশী জনগোষ্ঠীৰ জাতীয় অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত জনজাতিকৰণৰ বিষয়টো সমাধানৰ ক্ষেত্ৰত অসম আৰু কেন্দ্ৰত বিজেপি দলৰ চৰকাৰ থকা স্বত্বেও দৃঢ় পদক্ষেপ লৈ নিৰ্বাচনী প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰাটো চৰম দুৰ্ভাগ্যজনকেই নহয় চৰম লজ্জাজনক ।

অসম আৰু কেন্দ্ৰীয় চৰকাৰে কোচ ৰাজবংশী জনগোষ্ঠীক কৰা চৰম প্ৰতাৰণা আৰু জনজাতিকৰণৰ দাবীত কোচ ৰাজবংশী জাতীয় পৰিষদে অহা এপ্ৰিল মাহৰ পৰাই এলানি গণতান্ত্ৰিক গণ আন্দোলনৰ লগতে অসম বন্ধৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰাৰ কথাও বিবৃতি যোগে সদৰি কৰে সংগঠনটোৱে ৷

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd