• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

গণপ্ৰহাৰত ২ জনৰ মৃত্যু: উত্তেজিত ৰাইজৰ অগ্নিসংযোগত কোকৰাঝাৰত অগ্নিগৰ্ভা পৰিস্থিতি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 20, 2026 1:53 pm
44
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কোকৰাঝাৰ জিলাৰ কাৰিগাঁও আৰক্ষী চকীৰ অন্তৰ্গত গৌৰীনগৰত সোমবাৰে নিশা এক পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি সংঘটিত হোৱা মব লিঞ্চিং বা গণপ্ৰহাৰৰ ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰিছে। এই ভয়াৱহ কাণ্ডত বৰ্তমানলৈকে দুজন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে তিনিজন গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন হৈ আছে।

প্ৰাপ্ত খবৰ অনুসৰি, সোমবাৰে নিশা প্ৰায় ৭ বজাত ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ গৌৰীনগৰত এখন স্কৰপিঅ‘ বাহন দুৰ্ঘটনাত পতিত হয়। চিকনা জৌহালৌও বিস্মিত (৩২) আৰু তেওঁৰ সহযোগীসকলে কৰ্মস্থলীৰ পৰা সামগ্ৰী লৈ উভতি আহি থকাৰ সময়তে এই দুৰ্ঘটনাটো ঘটে। স্থানীয় একাংশ লোকে দুৰ্ঘটনাটোত ক্ষুব্ধ হৈ বাহনখনলৈ শিলগুটি নিক্ষেপ কৰে, যাৰ ফলত বাহনখন পথৰ কাষত বাগৰি পৰে। ইয়াৰ পাছতেই উত্তেজিত জনতাই বাহনখনৰ পৰা আৰোহীসকলক টানি উলিয়াই আনি নিৰ্মমভাৱে প্ৰহাৰ কৰে আৰু বাহনখন জ্বলাই দিয়ে।

Apply Now

এই নিৰ্মম আক্ৰমণত চিকনা জৌহালৌও বিস্মিতৰ ঘটনাস্থলীতে মৃত্যু হয়। আনহাতে, সুনীল মুৰ্মু (৪০) নামৰ আন এজন লোকৰ চিকিৎসালয়ত মৃত্যু ঘটে। আহতসকল ক্ৰমে মহেশ মুৰ্মু (৫০), প্ৰভাত ব্ৰহ্ম (৫০) আৰু তেওঁৰ ১৭ বছৰীয়া পুত্ৰ যুগিৰাজ ব্ৰহ্ম বুলি চিনাক্ত কৰা হৈছে। বৰ্তমান তিনিওজন কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়ত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে।

সোমবাৰৰ এই ঘটনাক কেন্দ্ৰ কৰি মঙলবাৰে পুৱাৰে পৰা কাৰিগাঁও অঞ্চলত পৰিস্থিতি অধিক অৱনতি ঘটে। উত্তেজিত ৰাইজে কাৰিগাঁও থানাৰ সন্মুখত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীয়ে বীৰছা কমাণ্ডো ফ‘ৰ্চৰ দুটাকৈ অস্থায়ী শিবিৰ আৰু একাংশ দোকান-গৃহত অগ্নিসংযোগ কৰাৰ লগতে চিদু কানহু ভৱন আদিৰ ব্যাপক ক্ষতিসাধন কৰে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱা দেখি অঞ্চলটোত আৰক্ষী আৰু নিৰাপত্তা বাহিনী মোতায়েন কৰা হৈছে।

কোকৰাঝাৰৰ বিধায়ক লৰেন্স ইছলাৰী আৰু বিটিচিৰ কাৰ্যবাহী সদস্য প্ৰকাশ বসুমতাৰীয়ে চিকিৎসালয়ত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। বিধায়ক ইছলাৰীয়ে এই ঘটনাক অত্যন্ত নিন্দনীয় আৰু দুৰ্ভাগ্যজনক বুলি অভিহিত কৰি শান্তি বৰ্তাই ৰাখিবলৈ আহ্বান জনাইছে। আৰক্ষীয়ে জানিবলৈ দিয়া মতে, এতিয়ালৈকে এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত ১৮ জন ব্যক্তিক আটক কৰা হৈছে। একাংশ লোকে ইয়াক গৰু চোৰৰ সন্দেহত সংঘটিত হোৱা ঘটনা বুলিও সন্দেহ প্ৰকাশ কৰিছে।

এই বৰ্বৰ হত্যাকাণ্ডৰ প্ৰতিবাদত আৰু ন্যায়ৰ দাবীত ‘বনছু‘ৱে (BNSU) বুধবাৰে বিটিচি (BTC) বন্ধৰ আহ্বান জনাইছে। বৰ্তমান সমগ্ৰ কোকৰাঝাৰ জিলাত এক চেপা উত্তেজনাই বিৰাজ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

August 15, 2026 1:31 pm
একেৰাহে দ্বিতীয় বছৰ! লালকিল্লাত স্বাধীনতা দিৱস উদযাপনত অনুপস্থিত খাৰ্গে-ৰাহুল গান্ধী

একেৰাহে দ্বিতীয় বছৰ! লালকিল্লাত স্বাধীনতা দিৱস উদযাপনত অনুপস্থিত খাৰ্গে-ৰাহুল গান্ধী

August 15, 2026 1:00 pm
ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

August 15, 2026 11:56 am
স্মৃতিৰ কেলেণ্ডাৰত ১৫ আগষ্ট ২০০৪ : ধেমাজীয়ে সুধিব খুজিছে – আমি কিমান স্বাধীন? ‎

স্মৃতিৰ কেলেণ্ডাৰত ১৫ আগষ্ট ২০০৪ : ধেমাজীয়ে সুধিব খুজিছে – আমি কিমান স্বাধীন? ‎

August 15, 2026 10:56 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

August 15, 2026 1:31 pm
একেৰাহে দ্বিতীয় বছৰ! লালকিল্লাত স্বাধীনতা দিৱস উদযাপনত অনুপস্থিত খাৰ্গে-ৰাহুল গান্ধী

একেৰাহে দ্বিতীয় বছৰ! লালকিল্লাত স্বাধীনতা দিৱস উদযাপনত অনুপস্থিত খাৰ্গে-ৰাহুল গান্ধী

August 15, 2026 1:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd