স্বাধীন অসমৰ দাবীৰে সংগ্ৰাম চলাই পিছত অস্ত্ৰ এৰি সংসদীয় ৰাজনীতিত খোজ দিয়া কোকৰাঝাৰ সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়া সাংসদ হৈ থকালৈকে অবড়োৱে কোনো দিনে মানি নোলোৱা বড়োলেণ্ডৰ বিষয়টো তেওঁ সংসদত কেতিয়াও উত্থাপন হ’ব নিদিয়ে। বৃহস্পতিবাৰে এখন জনসভাত এই মন্তব্য কৰে সাংসদজনে।
উল্লেখ্য যে সাংসদগৰাকীৰ সমৰ্থনত বৃহস্পতিবাৰে আদিবাসী অধ্যুষিত অঞ্চল গোসাঁইগাঁৱৰ বালাগাঁৱত অনুষ্ঠিত এখন নিৰ্বাচনী সভাত সমষ্টিটোৰ নিৰ্দলীয় প্ৰাৰ্থী নৱ কুমাৰ শৰণীয়াই নিজৰ ভাষণত পুনৰ বড়োলেণ্ডৰ প্ৰসংগ টানি আনি কয় যে অসম বিভাজন কৰি তথা সংখ্যাগৰিষ্ঠতা থকা জনগোষ্ঠীৰ ওপৰত জাপি দিব বিচৰা বড়োলেণ্ডৰ সপোন কেতিয়াও বাস্তৱায়িত কৰিবলৈ দিয়া নহয়। কিন্তু সমষ্টিটো যদি বি পি এফ বা আন বড়ো ৰাজনৈতিক দলৰ হাতলৈ যায় তেন্তে বড়োলেণ্ড হোৱাটো খাটাং বুলি কয় শৰণীয়াই।
তেওঁ লগতে বিটিএডিত এতিয়াও প্ৰচুৰ পৰিমানে অবৈধ অস্ত্ৰ মজুত আছে আৰু সেই অস্ত্ৰসমূহ জব্দ নকৰালৈকে কেতিয়াও শান্তিৰ পৰিৱেশ সৃষ্টি নহ’ব বুলি উল্লেখ কৰে। ‘হাগ্ৰামাৰ অস্ত্ৰক আমি ভয় নকৰোঁ, আমি ৰাইজৰ অধিকাৰৰ বাবে আজীৱন যুজঁ দি যাম’ বুলি কয় নৱ কুমাৰ শৰণীয়াই।
ইয়াৰ উপৰি বিটিএডি প্ৰশাসনে নতুন ভূমিনীতি প্ৰৱৰ্তন কৰি অবড়োৰ ভূমিৰ অধিকাৰ খৰ্ব কৰাৰ যি অপচেষ্টা চলাইছিল সেয়া এক মাত্ৰ নৱ শৰণীয়াৰ প্ৰতিবাদৰ বাবেই হাগ্ৰামা মহিলাৰীয়ে সেই ষড়যন্ত্ৰ পৰিহাৰ কৰিবলৈ বাধ্য হৈছিল বুলিও তেওঁ উল্লেখ কৰে।
তেওঁ লগতে বিটিচিত বসবাস কৰা অবড়োসকলৰ ভূমিৰ অধিকাৰ, ৰাজনৈতিক অধিকাৰ আদি সুৰক্ষিত কৰাৰ বাবে সংগ্ৰাম অব্যাহত ৰাখিব বুলি কয়।
উল্লেখ্য যে বি টি এ ডিত বাস কৰা অবড়ো ৰাইজৰ ব্যাপক সহাৰিৰ ফলতেই ২০১৪ত কোকৰাঝাৰ সমষ্টিৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হৈছিল নৱ কুমাৰ শৰণীয়া। এইবাৰো শৰণীয়া বিপুল ভোটত জয়ী হ’ব বুলি তেওঁৰ সমৰ্থকসকলে আশা প্ৰকাশ কৰে।