ৰাজ্যৰ ছবিগৃহত ১ আগষ্ট মুক্তিৰ বাবে সাজু হৈছে নতুন অসমীয়া ছবি “কলাজ”। অমৰদীপ গগৈৰ পৰিচালনা আৰু চিত্ৰনাট্যৰে নিৰ্মিত এই ছবিখনৰ কাহিনী আৰু প্ৰযোজনা সুমিত্ৰা হাজৰিকাৰ। ছবিখনে ১৯৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলন, অসম আন্দোলন, আলফাৰ গঠন আৰু আৰক্ষীৰ দমনমূলক অভিযানৰ সময়ৰ বাস্তৱিক পৰিৱেশ দেখিবলৈ পাব।
“কলাজ” এখন পিৰিয়ডিক ছবি যিয়ে ১৯৭৭-১৯৮৩ চনৰ মাজৰ অসমৰ জটিল সময়ৰ বাস্তৱিক চিত্ৰ প্ৰতিফলিত কৰে। এই সময়ছোৱাত অসমত নক্সাল আন্দোলনৰ উত্থান, অসম আন্দোলনৰ আৰম্ভণি আৰু আলফাৰ গঠনৰ দৰে ঘটনাই জনজীৱনক প্ৰভাৱিত কৰিছিল। ছবিখনে এই আন্দোলনৰ মূল কাহিনীৰ ওপৰত গুৰুত্ব নিদি সাধাৰণ মানুহ, বিশেষকৈ মহিলা, বৃদ্ধ আৰু শিশুৰ জীৱনৰ ত্যাগ আৰু নিৰ্যাতনৰ কাহিনী তুলি ধৰিছে বুলি সদৰী কৰিছে ছবি নিৰ্মাতা সকলে।
সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত পৰিচালক অমৰদীপ গগৈয়ে কয়, এই ছবিখনত আন্দোলনৰ মূল কাহিনী দেখুওৱাৰ পৰিৱৰ্তে এই সময়ৰ ভুক্তভোগীসকলৰ কাহিনীৰ ওপৰত গুৰুত্ব দিয়া হৈছে। নতুন প্ৰজন্মই যাতে এই সময়ৰ কষ্ট আৰু ত্যাগৰ বিষয়ে জানিব পাৰে, সেই উদ্দেশ্যৰে আমি ছবিখন নিৰ্মাণ কৰা হৈছে।
ছবিৰ নাম সন্দৰ্ভত কয় যে এই ছবিত এটা কাহিনী নহয়, তিনি-চাৰিটা পৰিয়ালৰ কেইবাটাও কাহিনী একেলগে সামৰি নিৰ্মাণ কৰা হৈছে। এই কাহিনীবোৰৰ মাজেৰে সেই সময়ৰ পৰিৱেশ আৰু মানুহৰ জীৱনৰ বিভিন্ন দিশ প্ৰকাশ কৰিব বিচাৰিছোঁ। বিশেষকৈ নিৰ্যাতিত মহিলাসকলৰ চাৰিটা কাহিনীৰ ওপৰত ছবিখনে গুৰুত্ব দিছে, লগতে চাহ-বাগানৰ শ্ৰমিকৰ জীৱনত নক্সাল আন্দোলনৰ প্ৰভাৱো প্ৰতিফলিত কৰা হৈছে। সেয়ে এই ছবিখনৰ নাম কলাজ দিয়া হৈছে।
পৰিচালক অমৰদীপ গগৈয়ে কয় যে ছবিখনৰ প্ৰযোজক সুমিত্ৰা হাজৰিকা নিজেই নক্সাল আন্দোলনৰ সৈতে জড়িত আছিল আৰু তেওঁৰ অভিজ্ঞতাৰ পৰাই এই ছবিৰ ধাৰণা জন্ম হৈছে। তেওঁ কয়, তেওঁ নক্সাল আন্দোলনৰ বহু নেতা লগ পাইছিল। অসমত এই বিষয়ত এতিয়ালৈকে কোনো ছবি নিৰ্মাণ হোৱা নাছিল। বিভিন্ন মানুহৰ সৈতে কথা পাতি তেওঁলোকৰ অভিজ্ঞতাৰ ভিত্তিত এই ছবি নিৰ্মাণ কৰা হৈছে।
তেওঁ লগতে কয়, “অসম আন্দোলনৰ ওপৰত ‘সংকল্প’ৰ দৰে ছবি নিৰ্মাণ হৈছিল, কিন্তু নক্সাল আন্দোলনৰ প্ৰভাৱৰ কথা বহুতেই নাজানে। বিশেষকৈ মহিলা, বৃদ্ধ আৰু শিশুৰ কাহিনীৰ ওপৰত গুৰুত্ব দি এই ছবি নিৰ্মাণ কৰিছোঁ।”
ছবিখনত অভিনয় কৰিছে কুল কুলদীপ, ৰাজীৱ কলিতা, দীপজ্যোতি কাকতি, মেঘালী কলিতা, দীপক তাঁতী, অপু অপূৰ্ব বৰ্মন, ৰাজু ৰয়, অন্তৰা জি জি চৌধুৰী, বিদ্যা ভাৰতী, কৃষ্ণা কল্যাণী, কাব্যশ্ৰী হাজৰিকা, লক্ষ্যজিত বৰুৱা, বিশ্বজিৎ বৰা, মহেন্দ্ৰ দাস, তুলিকা ৰাজখোৱা, অভয় দিচাং, প্ৰাণজিত, বিনোদ লাল দাস, দিলীপ গগৈ আৰু বিশাল গগৈৰ দৰে শিল্পীসকলে।
সংগীতৰ দায়িত্ব পালন কৰিছে সৌৰভ মহন্তই। শব্দ গ্ৰহণ আৰু মিশ্ৰণৰ কাম কৰিছে দেৱজিত গায়নে, ডি আইৰ কাম কৰিছে ঘনশ্যাম কলিতাই, আৰু সম্পাদনাৰ দায়িত্বত আছে ডৰেন্দ্ৰ অৰেবাম সিং। ৰূপসজ্জাৰ কাম কৰিছে পলি গগৈ, আৰু চিত্ৰগ্ৰহণৰ দায়িত্বত আছে নাহিদ আহমেদ।
উল্লেখ্য যে মুক্তিৰ পূৰ্বেই “কলাজ” ছবিখনে সপ্তম শৈলধৰ বৰুৱা বঁটা আৰু প্ৰথম গুৱাহাটী এছিয়ান ছবি মহোৎসৱত পুৰস্কাৰ লাভ কৰি সফলতাৰ স্বাক্ষৰ ৰাখিছে। ছবিখনৰ কলা-কুশলীসকলে অভিনয়ৰ অভিজ্ঞতাৰ বিষয়ে উৎসাহ প্ৰকাশ কৰি দৰ্শকক ছবিখন উপভোগ কৰিবলৈ আহ্বান জনাইছে।
“কলাজ” ছবিখনে অসমৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ সময়ৰ বাস্তৱিক চিত্ৰ তুলি ধৰিব বুলি আশা প্ৰকাশ কৰা হৈছে। নতুন প্ৰজন্মই এই সময়ৰ কষ্ট আৰু ত্যাগৰ কথা জানিবলৈ ছবিখন এক অনন্য সুযোগ। ১ আগষ্টৰ পৰা ৰাজ্যৰ ছবিগৃহত মুক্তি লাভ কৰিবলৈ সাজু এই ছবিখনে দৰ্শকৰ মন জিনিবলৈ সক্ষম হ’ব বুলি পৰিচালক আৰু কলা-কুশলীসকলে আশা প্ৰকাশ কৰিছে।