স্বপ্ন চূৰ্ণ দিল্লী কেপিটেলছৰ, কলকাতা নাইট ৰাইডাৰ্ছ ফাইনেলত

প্ৰথমবাৰৰ বাবে আইপিএল চেম্পিয়ন হোৱাৰ সপোন চূৰ্ণ হৈছে দিল্লী কেপিটেলছৰ। কালি অনুষ্ঠিত হোৱা দ্বিতীয়খন কোৱালিফায়াৰত দিল্লীক পৰাস্ত কৰি ফাইনেলত নিজৰ স্থান সুৰক্ষিত কৰিলে কলকাতা নাইট ৰাইডাৰ্ছে।

শ্বাৰজাহ ক্ৰিকেট ষ্টেডিয়ামত কালি অনুষ্ঠিত কোৱালিফায়াৰত ৰোমাঞ্চকৰ জয় সাব্যস্ত কৰে কলকাতাই।

টছত জয়ী হৈ কলকাতাই প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয় আৰু দিল্লীক বেটিং কৰিবলৈ আমন্ত্ৰণ জনায়। প্ৰথমে বেটিং কৰা দিল্লী কেপিটেলছে নিজৰ স্বভাৱসিদ্ধ খেল প্ৰদৰ্শন কৰাত ব্যৰ্থ হয়।

অপেনাৰদ্বয় পৃথ্বী শ্ব’ আৰু শিখৰ ধাৱানে প্ৰথম উইকেটত ৩২ ৰান যোগ দিয়ে। ব্যক্তিগত ১৮ ৰানত আউট হয় শ্ব’।

ইয়াৰ পাছত ধাৱান আৰু ষ্টইনিছে দ্বিতীয় উইকেটত ৩৯ ৰান যোগ দিলেও যথেষ্ট মন্থৰ বেটিং কৰাৰ ফলত দিল্লী দল বেকফুটলৈ যাব লগীয়া হয়।

দললৈ সৰ্বাধিক ৩৬ ৰানৰ অৱদান আগবঢ়াই ধাৱানে। ইয়াৰ বাবে অৱশ্যে ৩৯ টা বল খেলিবলগীয়া হয় ধাৱানে। শ্ৰেয়স আয়াৰৰ বেটৰ পৰা আহে ৩০ ৰান। ব্যৰ্থ হয় অধিনায়ক ঋষভ পণ্ট(৬)। শেষলৈ হেটমেয়াৰে খৰতকীয়াকৈ ১০ বলত ১৭ ৰান কৰি দলক এক প্ৰত্যাহ্বানজনক অৱস্থালৈ নিয়ে।

মন্থৰ বেটিঙৰ ফলত দিল্লীয়ে বৃহৎ স্ক’ৰ থিয় কৰোৱাত বিফল হয় আৰু পাঁচ উইকেটত ১৩৬ ৰান সংগ্ৰহ কৰে।

কলকাতাৰ হৈ নিজৰ সুন্দৰ প্ৰদৰ্শন অব্যাহত ৰখা বৰুণ চক্ৰৱৰ্তীয়ে ২ টা উইকেট দখল কৰে। এটাকৈ উইকেট পায় ফাৰ্গুচন আৰু মাভিয়ে।

প্ৰত্যুত্তৰত ১৩৭ ৰানৰ সহজ লক্ষ্য আগত লৈ ইনিংছ আৰম্ভ কৰা কলকাতাক অপেনাৰদ্বয় গিল আৰু আয়াৰে এক সফল আৰম্ভণি দিয়ে। দুয়োৱে প্ৰথম উইকেটত ৯৬ ৰানৰ যুটি বান্ধে। ক্ৰীজত বেছি সময় নিটিকিল নীতিশ ৰানা(১৩)।

ইয়াৰ পাছতেই হঠাতে সলনি হয় খেলৰ ৰেহৰূপ। চমকপ্ৰদ প্ৰত্যাৱৰ্তন ঘটে দিল্লীৰ বলিং আক্ৰমণত। মাত্ৰ ৭ ৰানৰ অন্তৰালত কলকাতাৰ ছয়জন বেটচমেনক পেভিলিয়নৰ পথ দেখুৱাই দিল্লীৰ বলিং শক্তিয়ে। কলকাতাৰ ৪ জন বেটচমেন ক্ৰমে কাৰ্তিক, অধিনায়ক মৰ্গান, ছাকিব আল হাচান আৰু নাৰাইণে ব্যক্তিগত কোনো ৰান সংগ্ৰহ নকৰাকৈয়ে বিদায় লয়।

হঠাৎ ছন্দ পতন ঘটা কলকাতাক মেচখনত জয়ৰ বাবে অন্তিম অভাৰত ৭ ৰানৰ প্ৰয়োজন হয়। প্ৰথম বলত ত্ৰিপাঠীয়ে ১ ৰান সংগ্ৰহ কৰাৰ পিছত দ্বিতীয় বলত কোনো ৰান কৰিবলৈ সক্ষম নহয় ছাকিব।

ইয়াৰ পিছতে অভাৰৰ তৃতীয় আৰু চতুৰ্থ বলত ছাকিব আৰু নাৰাইণক আউট কৰি খেলখনত দিল্লীৰ ভাগ্য উদয় কৰে অশ্বিনে।

এনে অৱস্থাত কলকাতাক জয়ী হ’বৰ বাবে দুটা বলত ছয় ৰানৰ প্ৰয়োজন হয়। অভিজ্ঞ স্পিনাৰ অশ্বিনৰ সমুখত এইয়া প্ৰায় অসম্ভৱ বুলিয়েই ধাৰণা গঢ় লয় দৰ্শকৰ মনত। কিন্তু তেতিয়াও ক্ৰীজত আছিল চিজনত চমকপ্ৰদ ফৰ্মত থকা ৰাহুল ত্ৰিপাঠী।

অভাৰৰ পঞ্চমটো বলত এটা বৃহৎ ছয় কোবাই কলকাতাত অনাকাঙ্ক্ষিত বিজয় আনি দিয়ে ত্ৰিপাঠীয়ে। ইয়াৰ লগে লগে ভংগ হয় দিল্লীৰ ফাইনেলত স্থান লাভৰ আশা।

কলকাতাৰ জয়ত মুখ্য ভূমিকা লোৱা অপেনাৰ ভেংকটেশ আয়াৰ মেচৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত হয়।

এতিয়া এই বৰ্ষৰ আইপিএল- ৰ ফাইনেলত ১৫ অক্টোবৰত চেন্নাই চুপাৰ কিংছৰ বিৰুদ্ধে প্ৰতিদ্বন্দীতা আগবঢ়াব কলকাতাই।

স্মৰ্তব্য যে কলকাতাই সাত বছৰৰ মূৰত আইপিএল- ৰ ফাইনেলত প্ৰৱেশ কৰিছে। ইয়াৰ পূৰ্বে দলটোৱে ২০১২ আৰু ২০১৪ চনত ফাইনেলত প্ৰৱেশ কৰিছে আৰু দুয়োবাৰেই চেম্পিয়ন হৈছে। ২০১২ চনত চেন্নাইক পৰাস্ত কৰিয়ে দলটো চেম্পিয়ন হৈছিল।

ইয়াৰ পৰিৱৰ্তে আইপিএল- ৰ ইতিহাসত সৰ্বাধিক ৯ বাৰ ফাইনেলত অৱতীৰ্ণ হোৱা চেন্নাই চুপাৰ কিংছে ৩ বাৰ চেম্পিয়নৰ সন্মান অৰ্জন কৰিছে।