• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দিল্লী কেপিটেলছক পৰাস্ত কৰি প্লে’ অফৰ আশা সজীৱ কৰি ৰাখিলে কলকাতা নাইট ৰাইডাৰ্ছে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 28, 2021 7:57 pm
Kolkata Knight Riders Beat Delhi Capitals By 3 Wickets
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আইপিএলৰ দ্বিতীয় পৰ্বত আজি দিল্লী কেপিটেলছক পৰাস্ত কৰি প্লে’ অফলৈ উন্নীত হোৱাৰ আশা সজীৱ কৰি ৰাখিলে কলকাতা নাইট ৰাইডাৰ্ছে।

ডুবাইৰ ছাৰজাহ ক্ৰিকেট ষ্টেডিয়ামত আজি অনুষ্ঠিত হোৱা খেলখনত কলকাতাই দিল্লীক ৩ উইকেটত পৰাস্ত কৰে।

খেলখনত টছত জয়ী হৈ কলকাতাই দিল্লীক প্ৰথমে বেটিং কৰিবলৈ আমন্ত্ৰণ জনায়। ল’ স্ক’ৰিং মেচখনত দিল্লীয়ে পোনতে বেটিং কৰি কলকাতাৰ সন্মিলিত বলিং আক্ৰমণত তিষ্ঠিব নোৱাৰি ন উইকেটৰ বিনিময়ত মাত্ৰ ১২৭ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয়।

দললৈ সৰ্বাধিক ৩৯ ৰানকৈ অৱদান আগবঢ়াই অধিনায়ক ঋষভ পণ্ট আৰু ষ্টিভেন স্মিথে। ধাৱানে সংগ্ৰহ কৰে ২৪ ৰান। দলটোৰ তিনিজন বেটচমেনেহে দহকৰ ঘৰত প্ৰৱেশ কৰিবলৈ সক্ষম হয়।

Apply Now

কলকাতাৰ হৈ ল’কী ফাৰ্গুচন,নাৰাইন আৰু ভেংকটেশ আয়াৰে দুটাকৈ উইকেট দখল কৰে।

আনহাতে ১২৮ ৰানৰ সহজ লক্ষ্য আগত লৈ ইনিংছ আৰম্ভ কৰা কলকাতাইও জয়ৰ বাবে সংগ্ৰাম কৰিবলগীয়া হয়। দ্বিতীয় পৰ্বত দুৰ্দ্দান্ত ফৰ্মত থকা ভেংকটেশ আয়াৰ আৰু ৰাহুল ত্ৰিপাঠী আজি ব্যৰ্থ হয়।

অৱশ্যে অপেনাৰ শুভমন গিল আৰু নিতীশ ৰানাই ধৈৰ্য্যশীল বেটিঙেৰে দলক জয়ৰ অভিমুখে লৈ যায়। গিলে ৩০ ৰান কৰি আউট হোৱাৰ বিপৰীতে নিতীশ ৰানাই ৩৬ ৰান সংগ্ৰহ কৰি অপৰাজিত থাকে।

শেষলৈ সুনীল নাৰাইনে আক্ৰমণাত্মক বেটিঙেৰে মাত্ৰ ১০ টা বলত ২১ ৰান সংগ্ৰহ কৰি দলৰ জয় সহজ কৰি তোলে।

ছাৰজাহৰ মন্থৰ উইকেট আজি বলাৰৰ বাবে সহায়ক হৈ পৰে। প্ৰথম ইনিংছত কলকাতাৰ বলাৰৰ সুন্দৰ প্ৰদৰ্শনৰ পাছত দ্বিতীয় ইনিংছত দিল্লী কেপিটেলছৰ বলাৰসকলেও আধিপত্য বিস্তাৰ কৰে।

অৱশ্যে দিল্লীৰ বলাৰৰ উজ্জীৱিত প্ৰদৰ্শনেও দলক জয়ী কৰাব নোৱাৰিলে।

দিল্লীৰ হৈ উদীয়মান পেচ বলাৰ আভেশ খানে ৩ টা উইকেট দখল কৰে। এটাকৈ উইকেট পায় ন’কিয়া, অশ্বিন, যাদৱ আৰু ৰাবাডাই।

অলৰাউণ্ড প্ৰদৰ্শনেৰে দলৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা লোৱা সুনীল নাৰাইন মেচৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত হয়।

অৱশ্যে এই পৰাজয়ৰ পাছতো পইণ্ট তালিকাৰ দ্বিতীয় স্থান অক্ষত আছে দিল্লী কেপিটেলছৰ। আনহাতে পঞ্চম স্থানত আছে কলকাতা নাইট ৰাইডাৰ্ছ।

আজি আইপিএলৰ আন এখন খেলত পঞ্জাৱ কিংছে মুম্বাই ইণ্ডিয়াঞ্চৰ বিৰুদ্ধে প্ৰতিদ্বন্দীতা কৰিছে। বাতৰি লিখা পৰলকৈ পঞ্জাৱে ৪ অভাৰত কোনো উইকেট নেহেৰুৱাকৈ ৩২ ৰান সংগ্ৰহ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

September 10, 2026 6:02 pm
অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

September 10, 2026 5:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd