আইপিএলৰ দ্বিতীয় পৰ্বত আজি দিল্লী কেপিটেলছক পৰাস্ত কৰি প্লে’ অফলৈ উন্নীত হোৱাৰ আশা সজীৱ কৰি ৰাখিলে কলকাতা নাইট ৰাইডাৰ্ছে।
ডুবাইৰ ছাৰজাহ ক্ৰিকেট ষ্টেডিয়ামত আজি অনুষ্ঠিত হোৱা খেলখনত কলকাতাই দিল্লীক ৩ উইকেটত পৰাস্ত কৰে।
খেলখনত টছত জয়ী হৈ কলকাতাই দিল্লীক প্ৰথমে বেটিং কৰিবলৈ আমন্ত্ৰণ জনায়। ল’ স্ক’ৰিং মেচখনত দিল্লীয়ে পোনতে বেটিং কৰি কলকাতাৰ সন্মিলিত বলিং আক্ৰমণত তিষ্ঠিব নোৱাৰি ন উইকেটৰ বিনিময়ত মাত্ৰ ১২৭ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয়।
দললৈ সৰ্বাধিক ৩৯ ৰানকৈ অৱদান আগবঢ়াই অধিনায়ক ঋষভ পণ্ট আৰু ষ্টিভেন স্মিথে। ধাৱানে সংগ্ৰহ কৰে ২৪ ৰান। দলটোৰ তিনিজন বেটচমেনেহে দহকৰ ঘৰত প্ৰৱেশ কৰিবলৈ সক্ষম হয়।
কলকাতাৰ হৈ ল’কী ফাৰ্গুচন,নাৰাইন আৰু ভেংকটেশ আয়াৰে দুটাকৈ উইকেট দখল কৰে।
আনহাতে ১২৮ ৰানৰ সহজ লক্ষ্য আগত লৈ ইনিংছ আৰম্ভ কৰা কলকাতাইও জয়ৰ বাবে সংগ্ৰাম কৰিবলগীয়া হয়। দ্বিতীয় পৰ্বত দুৰ্দ্দান্ত ফৰ্মত থকা ভেংকটেশ আয়াৰ আৰু ৰাহুল ত্ৰিপাঠী আজি ব্যৰ্থ হয়।
অৱশ্যে অপেনাৰ শুভমন গিল আৰু নিতীশ ৰানাই ধৈৰ্য্যশীল বেটিঙেৰে দলক জয়ৰ অভিমুখে লৈ যায়। গিলে ৩০ ৰান কৰি আউট হোৱাৰ বিপৰীতে নিতীশ ৰানাই ৩৬ ৰান সংগ্ৰহ কৰি অপৰাজিত থাকে।
শেষলৈ সুনীল নাৰাইনে আক্ৰমণাত্মক বেটিঙেৰে মাত্ৰ ১০ টা বলত ২১ ৰান সংগ্ৰহ কৰি দলৰ জয় সহজ কৰি তোলে।
ছাৰজাহৰ মন্থৰ উইকেট আজি বলাৰৰ বাবে সহায়ক হৈ পৰে। প্ৰথম ইনিংছত কলকাতাৰ বলাৰৰ সুন্দৰ প্ৰদৰ্শনৰ পাছত দ্বিতীয় ইনিংছত দিল্লী কেপিটেলছৰ বলাৰসকলেও আধিপত্য বিস্তাৰ কৰে।
অৱশ্যে দিল্লীৰ বলাৰৰ উজ্জীৱিত প্ৰদৰ্শনেও দলক জয়ী কৰাব নোৱাৰিলে।
দিল্লীৰ হৈ উদীয়মান পেচ বলাৰ আভেশ খানে ৩ টা উইকেট দখল কৰে। এটাকৈ উইকেট পায় ন’কিয়া, অশ্বিন, যাদৱ আৰু ৰাবাডাই।
অলৰাউণ্ড প্ৰদৰ্শনেৰে দলৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা লোৱা সুনীল নাৰাইন মেচৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত হয়।
অৱশ্যে এই পৰাজয়ৰ পাছতো পইণ্ট তালিকাৰ দ্বিতীয় স্থান অক্ষত আছে দিল্লী কেপিটেলছৰ। আনহাতে পঞ্চম স্থানত আছে কলকাতা নাইট ৰাইডাৰ্ছ।
আজি আইপিএলৰ আন এখন খেলত পঞ্জাৱ কিংছে মুম্বাই ইণ্ডিয়াঞ্চৰ বিৰুদ্ধে প্ৰতিদ্বন্দীতা কৰিছে। বাতৰি লিখা পৰলকৈ পঞ্জাৱে ৪ অভাৰত কোনো উইকেট নেহেৰুৱাকৈ ৩২ ৰান সংগ্ৰহ কৰিছে।