পুনৰ সংবাদ শিৰোনাম দখল কৰিছে এক নৃশংস হত্যাকাণ্ডই। লিভ ইন সংগীৰ হাতত প্ৰাণ হেৰুৱাইছে এগৰাকী যুৱকে। এই জঘন্য হত্যাকাণ্ড সংঘটিত হৈছে কলকাতাত।
প্ৰকাশিত খবৰ অনুসৰি, এগৰাকী মহিলাই নিজৰ লিভ ইন পাৰ্টনাৰক ছুৰীৰে আঘাত কৰি হত্যা কৰে আৰু ইয়াৰ পিছত নিজেই পুলিচক এই অপৰাধৰ বিষয়ে অৱগত কৰে।
যোৱা বুধবাৰে সংঘটিত হয় এই ঘটনা। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে প্ৰকাশ কৰা মতে মহিলাগৰাকীৰ পৰা ফোন লাভ কৰাৰ পিছতে আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয়।
অভিযুক্ত মহিলাগৰাকীক সংহতি পল বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীৰ দলটোৱে মহিলাগৰাকীৰ এপাৰ্টমেণ্টত উপস্থিত হৈ তেজেৰে লুতুৰী পুতুৰী অৱস্থাত যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰে।
যুৱকজনৰ শৰীৰত ছুৰীৰে আঘাতৰ চিন পৰিলক্ষিত কৰে আৰক্ষীৰ দলটোৱে। নিহত যুৱকজনক সাৰ্থক দাস বুলি চিনাক্ত কৰা হৈছে।
আৰক্ষীয়ে সাৰ্থক দাসক ততাতৈয়াকৈ কাষৰ এখন চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। নিহত সাৰ্থক দাস এজন ফটোগ্ৰাফাৰ আছিল বুলি জানিব পৰা গৈছে।
আনহাতে অভিযুক্ত সংহতি পল আছিল এগৰাকী পেছাদাৰী মেকআপ আৰ্টিষ্ট। প্ৰায় ৩০ বছৰীয়া দম্পতীহালৰ মাজত বিগত কিছুদিন ধৰি সম্পৰ্কৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হৈছিল বুলি জানিব পৰা গৈছে।
আৰক্ষীয়ে জানিবলৈ দিয়া মতে, বুধবাৰে পুৱা সাৰ্থকক চোকা অস্ত্ৰৰে কেইবাবাৰো আঘাত কৰি হত্যা কৰা বুলি জেৰাৰ সময়ত পলে অপৰাধ স্বীকাৰ কৰিছে।
অৱশ্যে অপৰাধ সংঘটিত কৰাৰ তাৎক্ষণিক কাৰণ এতিয়াও স্পষ্ট হোৱা নাই। মহিলাগৰাকীক হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে আৰু এই সন্দৰ্ভত তদন্ত অব্যাহত আছে বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে।