• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কপিলী জলবিদ্যুৎ প্ৰকল্পৰ পাইপলাইন বিস্ফোৰণত ৬০০ কোটি টকাৰ লোকচান

NE NOW NEWS এন ই নাও নিউজ
নতুন দিল্লী , October 15, 2019 8:10 pm

2 min read

Kapili project

কপিলী প্ৰকল্পত বিস্ফোৰণৰ দৃশ্য

963
VIEWS
Share on FacebookShare on Twitter

ডিমা হাচাও জিলাৰ উমৰাংচুস্থিত নীপক’ৰ কপিলী জলবিদ্যুৎ প্ৰকল্পৰ পাইপলাইনত সংঘটিত জলবিস্ফোৰণৰ পাছত নীপক’ৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক ভি কে সিঙে মঙলবাৰে এই দুৰ্ঘটনাৰ ফলত প্ৰায় ৬০০ কোটি টকাৰ সম্পত্তি ক্ষতিগ্ৰস্ত হয় বুলি উল্লেখ কৰে।

সিঙে প্ৰকল্পটোত আবদ্ধ হৈ থকা কৰ্মচাৰীসকলক উদ্ধাৰৰ বাবে ৯০ জনীয়া দল এটা নিয়োগ কৰা হৈছে বুলিও জানিবলৈ দিয়ে।

‘‘আমি আৱদ্ধ কৰ্মচাৰীসকলক উদ্ধাৰ অভিযানত ৯০ জনীয়া দল এটা নিয়োগ কৰিছো। উদ্ধাৰ অভিযানত জে চি বিকে ধৰি আন সা-সজুলিও ব্যৱহাৰ কৰি আছো,’’ নৰ্থ-ইষ্ট নাওৰ আগত সিঙে কয়।

আনহাতে, দুমহলীয়া পাম্প হাউছটোৰ চাৰিওফালে জমা হোৱা মাটিয়ে উদ্ধাৰ অভিযানত ব্যাঘাত জন্মাইছে বুলিও সিঙে উল্লেখ কৰে।

আবদ্ধ হৈ থকা কৰ্মচাৰী কেইগৰাকীক উদ্ধাৰৰ বাবে প্ৰয়োজনীয় সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি তেওঁ কয়।

পাম্পটোত আবদ্ধ হৈ থকা চাৰিগৰাকী লোকৰ ভিতৰত তিনিগৰাকী নীপক’ৰ কৰ্মচাৰী আৰু এগৰাকী সাধাৰণ শ্ৰমিক।

সিঙে অঞ্চলটোত চলি থকা কয়লা খননকে দুৰ্ঘটনাটোৰ মুখ্য কাৰণ হিচাপে অভিহিত কৰে।

‘‘আমি পূৰ্বতে কেন্দ্ৰৰ লগতে মেঘালয় আৰু অসম চৰকাৰক ওচৰৰ কয়লা খনিৰ পৰা বৈ অহা পানীয়ে কপিলীৰ পানীত এছিডৰ পৰিমাণ বৃদ্ধি কৰিছে বুলি অৱগত কৰিছিলো,’’ সিঙে কয়।

বিগত কেইবাবছৰৰ পৰা প্ৰকল্পটোৰ আশেপাশে থকা অঞ্চলসমূহত অত্যাধিক হাৰত কয়লা খনন চলি আহিছে বুলিও সিঙে প্ৰকাশ কৰে।

আনহাতে, ২০০৬ চনতে প্ৰথমবাৰৰ বাবে কপিলীৰ পানীত এছিডৰ উপস্থিতি ধৰা পৰিছিল আৰু এই সম্বন্ধে নীপক’ই বিভাগীয় কৰ্তৃপক্ষক সমূহক অৱগত কৰি আহিছে বুলিও তেওঁ উল্লেখ কৰে।

যদিও এই ক্ষেত্ৰত কিছু পৰিমাণে ব্যৱস্থা গ্ৰহণ কৰা হৈছে কিন্তু সেয়া পৰ্য্যাপ্ত নহয় বুলি পৰিচালন সঞ্চালক গৰাকীয়ে জানিবলৈ দিয়ে।

Recent News

a track

কৃষকৰ ট্ৰেক্টৰ ৰেলীত অনুমতি দিল্লী আৰক্ষীৰ,৩০৮ টা টুইটাৰ একাউণ্টেৰে ৰেলী বিঘ্নিত কৰাৰ চেষ্টা পাকিস্তানৰ

a family_600c1789a132e

এজন লোকৰ ২৭ গৰাকী ঘৈণী, সন্তানৰ সংখ্যা ১৫০! ক’ত?

FB_IMG_1611484341539

“সহায়-The Helping Hand” নামৰ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত  ভোগালী উৎসৱস্থলীত চাফাই অভিযান

FB_IMG_1611490110105

অসম এথলেটিকছ সন্থা আৰু টিপকাইৰ উদ্যোগত মাৰ্ঘেৰিটাত মাৰাথন দৌৰ , সহস্রাধিকৰ অংশগ্রহণ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd