NORTHEAST NOW (Assamese)

সাংবাদিকক দুৰ্ব্যৱহাৰ কৰা ‘আজমল’ৰ পুত্তলিকা দাহ; কাইলৈ এ আই য়ু ডি এফৰ কাৰ্য্যালয়ত তলা ওলমাব কৃষক শ্ৰমিক উন্নয়ন পৰিষদে

December 27, 2018 12:06 pm · কল্পজ্যোতি শইকীয়া
Updated: December 27, 2018 12:43 pm
ফটো : নৰ্থ-ইষ্ট নাও

নিজকে সংখালঘুৰ ত্ৰাণকৰ্তা হিচাপে পৰিচয় দি অহা এ আই য়ু ডি এফৰ মুৰব্বী তথা সাংসদ বদৰুদ্দিন আজমলে ২৬ ডিচেম্বৰ অৰ্থাৎ বুধবাৰে মানকাচৰত এজন সাংবাদিকক অভব্য আচৰণ তথা গালি-গালাজেৰে ভাবুকি প্ৰদান কৰা কাৰ্যক ধিক্কাৰ জনায় আজি কৃষক শ্ৰমিক উন্নয়ন পৰিষদে সাংসদজনৰ পুত্তলিকা দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

আজি ৰাতিপুৱা ১০ বজাত পৰিষদৰ সদস্যসকলে বিধায়ক আৱাসৰ সন্মুখত একত্ৰিত হৈ পুত্তলিকা দাহ কাৰ্যসূচী ৰূপায়ন কৰে।

আনহাতে সাংসদজনৰ বিৰুদ্ধে অসমৰ বিভিন্ন প্ৰান্তত ৰুজু হোৱা গোচৰসমূহ অতি শীঘ্ৰে পঞ্জীয়ন কৰি তেওঁৰ বিৰুদ্ধে তদন্ত কৰিবলৈ আৰক্ষী প্ৰশাসনক দাবী জনায় কৃষক শ্ৰমিক উন্নয়ন পৰিষদৰ সভাপতি প্ৰদীপ কলিতাই।

নৰ্থ-ইষ্ট নাওৰ সৈতে হোৱা কথা বতৰাত তেওঁ আজমলক ‘বেপাৰী’ বুলি আখ্যা দিয়াৰ উপৰিও কঠোৰ ভাষাৰে সমালোচনা কৰে।

১২ ঘন্টাৰ ভিতৰত আজমলক গ্ৰেপ্তাৰ কৰিব লাগে বুলি চৰকাৰক দাবী জনোৱাৰ লগতে তেওঁ কয় “যদি গ্ৰেপ্তাৰ নকৰে তেন্তে কাইলৈ এ আই য়ু ডি এফৰ হাতীগাঁওস্থিত কেন্দ্ৰীয় কাৰ্য্যালয়ত তলা ওলোমাই প্ৰতিবাদ সাব্যস্ত কৰা হ’ব।”

আনহাতে বদৰুদ্দিন আজমল আগৰৰ দুই নম্বৰী ব্যৱসায়ৰ সৈতেও জড়িত থকাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰি ইয়াৰ বিৰুদ্ধে চৰকাৰক অতি শীঘ্ৰে তদন্ত কৰিবলৈ কৃষক শ্ৰমিক উন্নয়ন পৰিষদে দাবী জনায়।

উল্লেখ্য যে ২৬ ডিচেম্বৰ অৰ্থাৎ বুধবাৰে মানকাচৰত অনুষ্ঠিত এক কাৰ্যসূচীত ই টিভি ভাৰতৰ সাংবাদিক কবীৰ মণ্ডলে মিত্ৰতা সন্দৰ্ভত সোধা এক প্ৰশ্নত সাংসদ আজমলে মানসিক ভাৰাসাম্য হেৰুৱাই সাংবাদিকজনৰ মাইকটো কাঢ়ি লোৱাৰ লগতে তেওঁক বিভিন্ন গালি-গালাজ তথা মূৰ ফালি দিম বুলি ধমক প্ৰদান কৰিছিল।

এই কথা সংবাদ মাধ্যম তথা ছ’চিয়েল মিডিয়াযোগে ভাইৰেল হোৱাৰ পাছতে অসমৰ বিভিন্ন প্ৰান্তত ইয়াৰ তীব্ৰ বিৰোধিতা হোৱাৰ লগতে ঠায়ে ঠায়ে সাংসদজনৰ বিৰুদ্ধে গোচৰো ৰুজু হোৱা পৰিলক্ষিত হৈছিল।

সাংসদজনৰ বিৰুদ্ধে সৰ্বত্ৰে প্ৰতিবাদ হোৱা দেখি অৱশ্যে আজি পুৱা টুইটাৰযোগে নিজৰ দোষ স্বীকাৰ কৰি সংবাদ মাধ্যমৰ ওচৰত ক্ষমা খুজিবলৈ বাধ্য হয় সাংসদজন।

ইপিনে আজি বিয়লি ২ বজাত ডিজিটেল মিডিয়া এছ’ ছিয়েশ্যন অব আসাম চমুকৈ ‘ডিমজা’ৰ ফালৰ পৰাও সাংসদজনৰ বিৰুদ্ধে দিচপুৰ থানাত এখন এজাহাৰ দাখিল কৰিব।

Related News