• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিলঘাট সমবায় মৰাপাট কলৰ দ্বিতীয় য়ুনিট স্থাপনক লৈ ৰাজহুৱা সভা; ত্ৰিপাক্ষিক বৈঠকৰ পোষকতা

মিণ্টু দাস by মিণ্টু দাস
December 27, 2018 11:03 am
Jute mill

প্ৰতিনিধিত্বমূলক চিত্ৰ

7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিলঘাটৰ অসম সমবায় মৰাপাট কলৰ দ্বিতীয় য়ুনিট স্থাপনক কেন্দ্ৰ কৰি অঞ্চলটোত আজিও অব্যাহত আছে প্ৰতিক্ৰিয়া।২৬ ডিচেম্বৰত বিহদুবি অঞ্চলৰ সমীপৱৰ্তী কেইবাখনো গাঁৱৰ ৰাইজ একত্ৰিত হৈ শিলঘাটৰ সমীপৰ বিহদুবিতে মৰাপাট কলৰ দ্বিতীয় য়ুনিটতো স্থাপন কৰাৰ দাবী জনায়।

বিহদুবি মধ্য ইংৰাজী বিদ্যালয়ত অনুষ্ঠিত হোৱা ৰাজহুৱা সভাখনত এই দাবী উত্থাপন কৰা হয়। জাৱনি, বালিদুৱাৰ, গাখীৰখাটি, বাঘৰচুক, দেউৰী চিলাবন্ধা, শেনছোৱা, বালিটিকা, চামধৰা, শিলঘাট গাঁৱকে ধৰি কেইবাখনো গাঁৱৰ ৰাইজৰ উপস্থিতিত শিক্ষাবিদ শৈলেন্দ্ৰ প্ৰসাদ দল বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত সভাই মৰাপাট কলৰ দ্বিতীয় য়ুনিট স্থাপন কৰাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা অচলাৱস্থা দুৰ কৰাৰ বাবে এক প্ৰস্তাৱ গ্ৰহণ কৰা হয়।

Apply Now

প্ৰস্তাৱ অনুসৰি, অসম সমবায় মৰাপাট কল কৰ্তৃপক্ষ, মৰাপাট কল কৰ্মী পৰিষদ আৰু আজি সমবেত হোৱা ৰাইজৰ প্ৰতিনিধিৰ মাজত শীঘ্ৰে ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লয়। সভাই সংশ্লিষ্ট সকলো পক্ষকে ঐক্যমতৰ ভিত্তিত মৰাপাট কলৰ দ্বিতীয় য়ুনিট স্থাপন কৰাৰ সপক্ষে মত পোষণ কৰে।

সভাত অংশগ্ৰহণ কৰা কেইবাগৰাকী ব্যক্তিয়ে বৃহত্তৰ বিহদুবি অঞ্চলৰ উন্নয়নৰ স্বাৰ্থত বিহদুবিতে মৰাপাট কলৰ দ্বিতীয় য়ুনিট স্থাপন কৰাৰ বাবে মত পোষণ কৰে। সভাত শিক্ষাবিদ প্ৰশান্ত শইকীয়া, ভূপেন শৰ্মা, ভাৰতী গগৈ, সমাজকৰ্মী যোগেন শইকীয়া, সত্যপ্ৰসাদ ৰাজখোৱা, হৰেন হাজৰিকা আদিয়ে অংশগ্ৰহণ কৰে।

উল্লেখ্য যে অসম সমবায় মৰাপাট কল পুনৰ উজ্জীৱিত কৰাৰ বাবে মৰাপাট কল কৰ্তৃপক্ষই চৰকাৰৰ ওচৰত এক প্ৰকল্প প্ৰতিবেদন প্ৰস্তুত কৰি বিহদুবিৰ বয়ন প্ৰকল্পৰ গৃহতে দ্বিতীয় য়ুনিট স্থাপনৰ বাবে আহ্বান জনাইছে। ইয়াৰ ভিত্তিততেই ১৭ ডিচেম্বৰত অসম চৰকাৰৰ কেবিনেট বৈঠকে মৰাপাট কলটোৰ দ্বিতীয় য়ুনিটৰ বাবে ৩২.৭২ কোটি টকাৰ ঋণৰ প্ৰস্তাৱত অনুমোদন জনাইছিল। এই বিষয়টো সদৰী হোৱাৰ লগে লগে শিলঘাটকে ধৰি কলিয়াবৰ অঞ্চলত প্ৰতিক্ৰিয়া সৃষ্টি হয়।

মৰাপাট কলৰ শ্ৰমিক য়ুনিয়ন কৰ্মী পৰিষদে শিলঘাটৰ অসম সমবায় মৰাপাট কলৰ চৌহদতে দ্বিতীয় য়ুনিট স্থাপনৰ দাবী জনাই আহিছে। ইপিনে উল্লেখিত গাঁওসমূহৰ ৰাইজে বিহদুবিতে য়ুনিটটো স্থাপনৰ দাবী জনাই আহিছে। এই দুয়োপক্ষৰ যুযুধান স্থিতিত য়ুনিটটো স্থাপনক লৈ এক অচলাৱস্থাৰ সৃষ্টি হয়।

মিণ্টু দাস

মিণ্টু দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাত্তাই নিদিলে ট্ৰাম্পৰ পৰামৰ্শক! ইৰাণৰ কেইবাটাও অঞ্চলত একেলগে এয়াৰষ্ট্ৰাইক ইজৰাইলৰ

পাত্তাই নিদিলে ট্ৰাম্পৰ পৰামৰ্শক! ইৰাণৰ কেইবাটাও অঞ্চলত একেলগে এয়াৰষ্ট্ৰাইক ইজৰাইলৰ

June 8, 2026 9:31 am
ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ চৌহদৰ পৰা নিৰুদ্দিষ্ট হোৱা যুৱকৰ সন্ধানত উদ্বিগ্ন পৰিয়াল

ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ চৌহদৰ পৰা নিৰুদ্দিষ্ট হোৱা যুৱকৰ সন্ধানত উদ্বিগ্ন পৰিয়াল

June 8, 2026 8:42 am
ইণ্ডিয়া মিত্ৰজোঁটৰ বৈঠকৰ পূৰ্বে মমতা-কেজৰিৱালৰ গোপন বৈঠকক লৈ বৃদ্ধি পাইছে জল্পনা-কল্পনা

ইণ্ডিয়া মিত্ৰজোঁটৰ বৈঠকৰ পূৰ্বে মমতা-কেজৰিৱালৰ গোপন বৈঠকক লৈ বৃদ্ধি পাইছে জল্পনা-কল্পনা

June 8, 2026 8:11 am
‘আপুনি হয় মূৰ্খ নহয় অসৎ’, সাক্ষাৎকাৰৰ মাজতে মাইক্ৰ’ফোন দলিয়াই উঠি গ’ল ড’নাল্ড ট্ৰাম্প

‘আপুনি হয় মূৰ্খ নহয় অসৎ’, সাক্ষাৎকাৰৰ মাজতে মাইক্ৰ’ফোন দলিয়াই উঠি গ’ল ড’নাল্ড ট্ৰাম্প

June 8, 2026 7:42 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাত্তাই নিদিলে ট্ৰাম্পৰ পৰামৰ্শক! ইৰাণৰ কেইবাটাও অঞ্চলত একেলগে এয়াৰষ্ট্ৰাইক ইজৰাইলৰ

পাত্তাই নিদিলে ট্ৰাম্পৰ পৰামৰ্শক! ইৰাণৰ কেইবাটাও অঞ্চলত একেলগে এয়াৰষ্ট্ৰাইক ইজৰাইলৰ

June 8, 2026 9:31 am
ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ চৌহদৰ পৰা নিৰুদ্দিষ্ট হোৱা যুৱকৰ সন্ধানত উদ্বিগ্ন পৰিয়াল

ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ চৌহদৰ পৰা নিৰুদ্দিষ্ট হোৱা যুৱকৰ সন্ধানত উদ্বিগ্ন পৰিয়াল

June 8, 2026 8:42 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd