NORTHEAST NOW (Assamese)

সুঃখবৰ! অসম সন্তান কৃশাংগী কাশ্যপলৈ ‘সৰ্বশ্ৰেষ্ঠ আইআইটি টপাৰ’ৰ সন্মান

May 21, 2024 7:05 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: May 22, 2024 11:52 am

অসমবাসীৰ বাবে এক সুঃখবৰ৷ বৰপেটা জিলাূৰ নিৱাসী হিতেশ শৰ্মা আৰু কৰৱী শৰ্মাৰ কন্যা তথা ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান,ইন্দোৰৰ ছাত্ৰী কৃশাংগী কাশ্যপে জ্যোতিৰ্বিজ্ঞান, জ্যোতিৰ্পদাৰ্থবিজ্ঞান আৰু মহাকাশ অভিযান্ত্ৰিকতা(Astronomy, Astrophysics and Space Engineering) বিষয়ত স্নাতকোত্তৰ পৰীক্ষাত সৰ্বমুঠ ৯.৪৫ চিজিপিএ লাভ কৰি সৰ্বশ্ৰেষ্ঠ আইআইটি টপাৰৰ হিচাপে পৰিগণিত হৈছে।

উল্লেখযোগ্য যে কৃশাংগী কাশ্যপে আমেৰিকাৰ মহাকাশ সংস্থা NASAৰ উদ্যোগত চলিত বৰ্ষৰ মাৰ্চ মাহত অনুষ্ঠিত 55th Lunar and Planetary Science Conference (LPSC 55) 2024ত ভাৰতৰ ছাত্ৰী ৰূপে যোগদানৰ সুযোগ লাভ কৰে৷বৰ্তমান অসমৰ ছাত্ৰীগৰাকীয়ে চন্দ্ৰপৃষ্ঠত পানীৰ অৱস্থিতি সম্পৰ্কে বৰ্তমান গৱেষণা চলাই আছে।কৃশাংগীয়ে এই সফলতা লাভ কৰাত বৰপেটাবাসী ৰাইজৰ লগতে অসমবাসী ৰাইজ নথৈ আনন্দিত হৈ পৰিছে৷

Related News