• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কৃষ্ণাই মণ্টেছৰী হাইস্কুলৰ ৰূপালী জয়ন্তী উৎসৱৰ শুভাৰম্ভ

NE NOW NEWS নীলমণি শৰ্মা
কৃষ্ণাই , February 12, 2020 3:18 pm

2 min read

IMG-20200212-WA0008

ফটো : নৰ্থ-ইষ্ট নাও

6.6k
VIEWS
Share on FacebookShare on Twitter

গোৱালপাৰা জিলাৰ কৃষ্ণাই অঞ্চলৰ প্ৰথমখন ব্যক্তিগত ইংৰাজী মাধ্যমৰ (ছেবাৰ অধীনস্থ) বিদ্যালয় কৃষ্ণাই মণ্টেছৰী বিদ্যালয়ে সফলতাৰে ২৫ বছৰ অতিক্ৰম কৰিলে।

১৯৯৫ চনতে কৃষ্ণাইৰ কাষৰীয়া ভেলাখামাৰ গাঁৱৰ প্ৰয়াত ৰবীন্দ্ৰ নাৰায়ণ দেৱ শৰ্মাৰ পুত্ৰ-বোৱাৰী কেশৱ শৰ্মা আৰু হিৰণ্ময়ী শৰ্মাই এক চালুকীয়া অৱস্থাত জ্যাতিনগৰত স্থাপন কৰা বিদ্যালয়খনে বুধবাৰৰ পৰা আঠ দিনীয়া বৰ্ণাঢ্য কাৰ্য ক্ৰমণিকাৰে আৰম্ভ কৰিছে ৰূপালী জয়ন্তীৰ কাৰ্যক্ৰমণিকা।

ইফালে বিদ্যালয়খনে ৰূপালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি একে সময়তে অনুষ্ঠিত কৰিছে বিদ্যালয়খনৰ বাৰ্ষিক ক্ৰীড়া সমাৰোহ।

ৰাতি পুৱা ১০:৩০ বজাত পতাকা উত্তোলনেৰে কৃষ্ণাই মণ্টেশ্বৰী হাইস্কুলৰ ৰূপালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভ কৰে গোৱালপাৰা জিলাৰ উপ আৰক্ষী অধীক্ষক  ৰূপজ্যোতি কলিতাই ৷

উদ্বোধনী ভাষণত উপ-আৰক্ষী অধীক্ষক ৰূপজ্যোতি কলিতাই ছাত্ৰ-ছাত্ৰী সকলক আনুষ্ঠানিক শিক্ষা গ্ৰহণৰ লগতে বিভিন্ন ক্ষেত্ৰত কেনেকৈ একো একো জন ছাত্ৰ-ছাত্ৰী নিজকে সৱল ভাবে প্ৰতিষ্ঠা কৰিব পাৰি তাৰ দিহা পৰামৰ্শ আগবঢ়ায়।

অনুষ্ঠানত কৃষ্ণাই হাব্ৰাঘাট মহাবিদ্যালয়ৰ অধ্যক্ষ ড° মণ্টু কুমাৰ দাস, হাব্ৰঘাট মাদ্ৰাছা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মইনুল হক, কৃষ্ণাই প্ৰেছ ক্লাৱৰ সভাপতি চৈয়দ ৰবিউল হক, হাব্ৰঘাট মহাবিদ্যালয়ৰ অধ্যাপক সিকদাৰ হানিউদ্দিন আহমেদকে ধৰি ভালে সংখ্যক বিশিষ্ট লোকে অংগ্ৰহন কৰে।

অনুষ্ঠানৰ আঁত ধৰে বিদ্যালয় খনৰ শিক্ষয়িত্ৰী মামনি শীল মজুমদাৰে।

বৃহস্পতিবাৰে ৰূপালী জয়ন্তীৰ লগত সংগতি ৰাখি কৃষ্ণাই মণ্টেছৰীৰ ছাত্ৰ-ছাত্ৰী সকলে এক বিশাল সাংস্কৃতিক শোভাযাত্ৰা উলিয়াব বুলি জানিব পৰা গৈছে।

Recent News

WhatsApp Image 2021-01-17 at 3.11.48 PM

ব্ৰহ্মপুত্ৰ গৱেষণাৰ উদ্দেশ্যে বৰপেটাত কেন্দ্ৰীয় মন্ত্ৰীৰ কন্যা শুভাসিনী শ্বেখাৱট

Image_1610890641781(1)

বৃদ্ধি পাইছে হস্তী-মানুহৰ সংঘাত : বোকাখাতৰ ডিফলু চাহ বাগিচাত হাতীৰ আক্ৰমণত আহত শ্ৰমিক

PETUGAS RAWAT PESAKIT COVID-19

দিল্লীত কোভিডৰ ভেকচিন লৈ অসুস্থ ৫১ জন লোক , এজনৰ অৱস্থা সংকটজনক

Nipa Ba Final

প্ৰশ্ন সোধাটোৱেই পাপ! : মহিলা সাংবাদিকক শাৰীৰিক-মানসিকভাৱে অপদস্থ বহিৰাগত প্ৰযোজক-পৰিচালকৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd