• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কমতাপুৰ স্বায়ত্বশাসিত পৰিষদ পুনৰ গঠনৰ দাবী কোচ ৰাজবংশী জাতীয় মহাসভাৰ

অন্তৰ্ৱৰ্তীকালীন পৰিষদত ভুৱা ঠিকনাৰে নাম অন্তৰ্ভুক্ত কৰা সকলক স্বেচ্ছাই পদত্যাগ কৰিবলৈ আহ্বান

প্ৰণৱ কুমাৰ ডেকা by প্ৰণৱ কুমাৰ ডেকা
June 7, 2021 7:57 pm
bis
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নামনি অসমৰ প্ৰাচীন কমতাপুৰ তথা ঐতিহাসিক কোচ বিহাৰ ৰাজ্যৰ অন্তৰ্গত অবিভক্ত গোৱালপাৰা জিলাৰ কোচ ৰাজবংশীসকল সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক, অৰ্থনৈতিক আৰু বৌদ্ধিকভাবে বহু পিছপৰা।

সেই কাৰণে জনগোষ্ঠীটোৰ সামগ্ৰীক বিকাশ আৰু মৰ্যদাপূৰ্ণভাবে জীয়াই থাকিবৰ বাবে ১৯৯০ চনৰ পৰা সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ নেতৃত্বত গণতান্ত্ৰিকভাবে অসম আৰু পশ্চিম বংগৰ তদানীন্তন কমতাপুৰ ৰাজ্যৰ অন্তৰ্গত কেইবাখনো কোচ ৰাজবংশী অধ্যুষিত জিলাকলৈ কমতাপুৰ ৰাজ্য পুনৰ গঠন কৰা আৰু অসমৰ কোচ ৰাজবংশীসকলোক অনুসূচিত জনজাতিকৰণ কৰিবলৈ দাবী কৰি অহা হৈছে ৷

Apply Now

এই কথা উল্লেখ কৰিছে কোচ ৰাজবংশী জাতীয় মহাসভাৰ সাধাৰণ সম্পাদক তথা আক্ৰাছুৰ প্ৰাক্তন সভাপতি বিশ্বজিৎ ৰায়ে ৷ এক প্ৰেছ বিবৃতিত বিশ্বজিৎ ৰায়ে কয় যে সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন অসম চৰকাৰৰ যোৱা কাৰ্যকালত কমতাপুৰ ৰাজ্যৰ দাবীটো সমাধা কৰা আৰু অবিভক্ত গোৱালপাৰা জিলাৰ কোচ ৰাজবংশীসকলোক কেনেকৈ সাংবিধানিক মৰ্যাদা দিয়া যায় এই সম্পৰ্কে প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ বিধায়ক ফণীভূষণ চৌধুৰীক উদ্যোগ ল’বলৈ প্ৰাক্তন আক্ৰাছু নেতাগৰাকীয়ে ব্যক্তিগতভাবে অনুৰোধ কৰিছিল ৷

নেতাগৰাকীৰ অনুৰোধ ৰক্ষা কৰি গুৱাহাটীত ‘কা’ বিৰোধী আন্দোলনত কাৰ্ফিউ চলি থকাৰ সময়তে এদিন গভীৰ নিশা ফণীভূষণ চৌধুৰী, মন্ত্ৰীদ্বয় অতুল বৰা, কেশৱ মহন্ত, প্ৰাক্তন বিধায়ক ভূপেন ৰায়ৰ উপস্থিতিত মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰী বাসভৱনত আলোচনা হৈছিল ৷

উক্ত আলোচনাত উপস্থিত হ’বৰ বাবে কোচ ৰাজবংশী সংগঠনৰ কেইবাজনকো যোগাযোগ কৰিছিল যদিও গুৱাহাটীত কাৰ্ফিউ চলি থকা বাবে আক্ৰাছুৰ সভাপতি অৰুণ কুমাৰ ৰায়, সাধাৰণ সম্পাদক গকুল বৰ্মন আৰু কোচ ৰাজবংশী সংগ্ৰাম সমিতিৰ সভাপতি অতুল ৰায় আৰু বিশ্বজিৎ ৰায়ৰ বাহিৰে বাকী সকল উপস্থিত হ’ব পৰা নাছিল ৷ সেই আলোচনাত তদানীন্তন বিত্ত মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাভা আৰু বিটিচি পৰিষদৰ বাহিৰত থকা অবিভক্ত গোৱালপাৰা জিলাক সামৰি কমতাপুৰ স্বায়ত্বশাসিত পৰিষদ গঠন কৰা আৰু পৰৰ্ৱতী সময়ত জনজাতিকৰণ কৰা হ’ব বুলি স্পষ্টকৈ উল্লেখ কৰিছিল ৷

প্ৰথমে এই প্ৰস্তাৱক আক্ৰাছুৰ নেতৃত্বই গ্ৰহণ কৰিব বিচৰা নাছিল। তিন্তু তেতিয়া বিশ্বজিৎ ৰায় আৰু তদানীন্তন মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে বুজনি দিছিল যে, এদিনতে কমতাপুৰ ৰাজ্য পোৱাতো সম্ভৱ নহয় ৷ গতিকে আমি এখোজ এখোজকৈ আগবাঢ়িব লাগিব ৷ ড° হিমন্ত বিশ্ব শৰ্মাৰে আলোচনাৰ পিছদিনা জাতীয় মহাসভাৰ সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়ে দিছপুৰ প্ৰেছ ক্লাবত সংবাদমেল আযোজন কৰি উক্ত আলোচনাৰ বিষয়ে সদৰি কৰিছিল বুলিও বিবৃতিটোত উল্লেখ কৰিছে৷

লগতে আজি যি সকলে পৰিষদৰ শাসনভাৰ ল’বৰ বাবে হেতা ওপৰা লগাইছে সেইসকলে কিন্তু পৰিষদ গঠন কৰিব খোজাটোক মুকলি ভাবে সমৰ্থন বা আদৰণি জনোৱা নাছিল ৷ বৰং দুই এক নেতাই পৰিষদ গঠনৰ জৰিয়তে অসম চৰকাৰে কমতাপুৰ আন্দোলনক ধ্বংস কৰিব বিচাৰিছে বুলি বিবৃতিহে দিছিল ৷ বিশ্বজিৎ ৰায়ে আৰু কয় যে স্বায়ত্বশাসিত পৰিষদ গঠন মানে জনজাতিকৰণ আৰু কমতাপুৰ ৰাজ্যৰ বিকল্প নহয় ৷

কমতাপুৰ স্বায়ত্বশাসিত পৰিষদ গঠনে কমতাপুৰ ৰাজ্যৰ ইতিহাসক চৰকাৰে মান্যতা প্ৰদান কৰা আৰু কমতাপুৰ ৰাজ্য গঠনত এখোজ আগুৱাই যোৱা ৷ কিন্তু এতিয়া দেখিছো যে যি উদ্দেশ্যৰে আক্ৰাছু গঠন হৈছিল আজিৰ নেতাসকলে সেই উদ্দেশ্য আৰু লক্ষ্যৰ পৰা আঁতৰি আহি ক্ষমতাৰ পিছত দৌৰি আছে ৷ ক্ষুদ্ৰ পৰিসীমাৰ স্বায়ত্বশাসিত পৰিষদে সমগ্ৰ অসম তথা পশ্চিম বংগৰ জনগোষ্ঠীৰ উন্নয়ন সাধিব নোৱাৰে ৷ গতিকে আক্ৰাছু আৰু আন সংগঠনৰ নেতৃত্বই কমতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ বাব আনৰ হাতত অৰ্পণ কৰি তেওঁলোকে কমতাপুৰ আৰু জনজাতিকৰণৰ আন্দোলনটোক আৰু অধিক শক্তিশালী ভাবে আগুৱাই নিবৰ বাবেহে পণ কৰিব লাগিছিল ৷

বিবৃতিটোত বিশ্বজিৎ ৰায়ে অন্তৰ্ৱৰ্তীকালীন কমতাপুৰ স্বায়ত্বশাসিত পৰিষদত যি সকল পৰিষদৰ বাহিৰৰ লোকে ভুৱা ঠিকনাৰে পৰিষদত নাম অন্তৰ্ভুক্ত কৰিছে আৰু যাৰ বাবে বিষয়টো আদালতৰ মজিয়া গৈ এতিয়া পৰিষদখন ওলমি ৰৈছে , সেইসকল জাতিপ্ৰেমী নেতাই স্বেচ্ছাই পৰিষদৰ পৰা আঁতৰি আহি বা পদত্যাগ কৰি প্ৰকৃতপক্ষে স্বায়ত্বশাসিত পৰিষদ গঠনৰ যি আৰ্হি তাক সন্মান জনাই অসম চৰকাৰককো পৰিষদখন পুনৰ গঠনত পূৰ্ণ সহযোগ কৰিবলৈকো প্ৰাক্তন সতীৰ্থ সকলোক বিনম্ৰতাৰে আহ্বান জনায় ৷

প্ৰণৱ কুমাৰ ডেকা

প্ৰণৱ কুমাৰ ডেকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd