কমতাপুৰ স্বায়ত্বশাসিত পৰিষদ পুনৰ গঠনৰ দাবী কোচ ৰাজবংশী জাতীয় মহাসভাৰ

অন্তৰ্ৱৰ্তীকালীন পৰিষদত ভুৱা ঠিকনাৰে নাম অন্তৰ্ভুক্ত কৰা সকলক স্বেচ্ছাই পদত্যাগ কৰিবলৈ আহ্বান

bis

নামনি অসমৰ প্ৰাচীন কমতাপুৰ তথা ঐতিহাসিক কোচ বিহাৰ ৰাজ্যৰ অন্তৰ্গত অবিভক্ত গোৱালপাৰা জিলাৰ কোচ ৰাজবংশীসকল সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক, অৰ্থনৈতিক আৰু বৌদ্ধিকভাবে বহু পিছপৰা।

সেই কাৰণে জনগোষ্ঠীটোৰ সামগ্ৰীক বিকাশ আৰু মৰ্যদাপূৰ্ণভাবে জীয়াই থাকিবৰ বাবে ১৯৯০ চনৰ পৰা সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ নেতৃত্বত গণতান্ত্ৰিকভাবে অসম আৰু পশ্চিম বংগৰ তদানীন্তন কমতাপুৰ ৰাজ্যৰ অন্তৰ্গত কেইবাখনো কোচ ৰাজবংশী অধ্যুষিত জিলাকলৈ কমতাপুৰ ৰাজ্য পুনৰ গঠন কৰা আৰু অসমৰ কোচ ৰাজবংশীসকলোক অনুসূচিত জনজাতিকৰণ কৰিবলৈ দাবী কৰি অহা হৈছে ৷

এই কথা উল্লেখ কৰিছে কোচ ৰাজবংশী জাতীয় মহাসভাৰ সাধাৰণ সম্পাদক তথা আক্ৰাছুৰ প্ৰাক্তন সভাপতি বিশ্বজিৎ ৰায়ে ৷ এক প্ৰেছ বিবৃতিত বিশ্বজিৎ ৰায়ে কয় যে সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন অসম চৰকাৰৰ যোৱা কাৰ্যকালত কমতাপুৰ ৰাজ্যৰ দাবীটো সমাধা কৰা আৰু অবিভক্ত গোৱালপাৰা জিলাৰ কোচ ৰাজবংশীসকলোক কেনেকৈ সাংবিধানিক মৰ্যাদা দিয়া যায় এই সম্পৰ্কে প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ বিধায়ক ফণীভূষণ চৌধুৰীক উদ্যোগ ল’বলৈ প্ৰাক্তন আক্ৰাছু নেতাগৰাকীয়ে ব্যক্তিগতভাবে অনুৰোধ কৰিছিল ৷

নেতাগৰাকীৰ অনুৰোধ ৰক্ষা কৰি গুৱাহাটীত ‘কা’ বিৰোধী আন্দোলনত কাৰ্ফিউ চলি থকাৰ সময়তে এদিন গভীৰ নিশা ফণীভূষণ চৌধুৰী, মন্ত্ৰীদ্বয় অতুল বৰা, কেশৱ মহন্ত, প্ৰাক্তন বিধায়ক ভূপেন ৰায়ৰ উপস্থিতিত মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰী বাসভৱনত আলোচনা হৈছিল ৷

উক্ত আলোচনাত উপস্থিত হ’বৰ বাবে কোচ ৰাজবংশী সংগঠনৰ কেইবাজনকো যোগাযোগ কৰিছিল যদিও গুৱাহাটীত কাৰ্ফিউ চলি থকা বাবে আক্ৰাছুৰ সভাপতি অৰুণ কুমাৰ ৰায়, সাধাৰণ সম্পাদক গকুল বৰ্মন আৰু কোচ ৰাজবংশী সংগ্ৰাম সমিতিৰ সভাপতি অতুল ৰায় আৰু বিশ্বজিৎ ৰায়ৰ বাহিৰে বাকী সকল উপস্থিত হ’ব পৰা নাছিল ৷ সেই আলোচনাত তদানীন্তন বিত্ত মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাভা আৰু বিটিচি পৰিষদৰ বাহিৰত থকা অবিভক্ত গোৱালপাৰা জিলাক সামৰি কমতাপুৰ স্বায়ত্বশাসিত পৰিষদ গঠন কৰা আৰু পৰৰ্ৱতী সময়ত জনজাতিকৰণ কৰা হ’ব বুলি স্পষ্টকৈ উল্লেখ কৰিছিল ৷

প্ৰথমে এই প্ৰস্তাৱক আক্ৰাছুৰ নেতৃত্বই গ্ৰহণ কৰিব বিচৰা নাছিল। তিন্তু তেতিয়া বিশ্বজিৎ ৰায় আৰু তদানীন্তন মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে বুজনি দিছিল যে, এদিনতে কমতাপুৰ ৰাজ্য পোৱাতো সম্ভৱ নহয় ৷ গতিকে আমি এখোজ এখোজকৈ আগবাঢ়িব লাগিব ৷ ড° হিমন্ত বিশ্ব শৰ্মাৰে আলোচনাৰ পিছদিনা জাতীয় মহাসভাৰ সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়ে দিছপুৰ প্ৰেছ ক্লাবত সংবাদমেল আযোজন কৰি উক্ত আলোচনাৰ বিষয়ে সদৰি কৰিছিল বুলিও বিবৃতিটোত উল্লেখ কৰিছে৷

লগতে আজি যি সকলে পৰিষদৰ শাসনভাৰ ল’বৰ বাবে হেতা ওপৰা লগাইছে সেইসকলে কিন্তু পৰিষদ গঠন কৰিব খোজাটোক মুকলি ভাবে সমৰ্থন বা আদৰণি জনোৱা নাছিল ৷ বৰং দুই এক নেতাই পৰিষদ গঠনৰ জৰিয়তে অসম চৰকাৰে কমতাপুৰ আন্দোলনক ধ্বংস কৰিব বিচাৰিছে বুলি বিবৃতিহে দিছিল ৷ বিশ্বজিৎ ৰায়ে আৰু কয় যে স্বায়ত্বশাসিত পৰিষদ গঠন মানে জনজাতিকৰণ আৰু কমতাপুৰ ৰাজ্যৰ বিকল্প নহয় ৷

কমতাপুৰ স্বায়ত্বশাসিত পৰিষদ গঠনে কমতাপুৰ ৰাজ্যৰ ইতিহাসক চৰকাৰে মান্যতা প্ৰদান কৰা আৰু কমতাপুৰ ৰাজ্য গঠনত এখোজ আগুৱাই যোৱা ৷ কিন্তু এতিয়া দেখিছো যে যি উদ্দেশ্যৰে আক্ৰাছু গঠন হৈছিল আজিৰ নেতাসকলে সেই উদ্দেশ্য আৰু লক্ষ্যৰ পৰা আঁতৰি আহি ক্ষমতাৰ পিছত দৌৰি আছে ৷ ক্ষুদ্ৰ পৰিসীমাৰ স্বায়ত্বশাসিত পৰিষদে সমগ্ৰ অসম তথা পশ্চিম বংগৰ জনগোষ্ঠীৰ উন্নয়ন সাধিব নোৱাৰে ৷ গতিকে আক্ৰাছু আৰু আন সংগঠনৰ নেতৃত্বই কমতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ বাব আনৰ হাতত অৰ্পণ কৰি তেওঁলোকে কমতাপুৰ আৰু জনজাতিকৰণৰ আন্দোলনটোক আৰু অধিক শক্তিশালী ভাবে আগুৱাই নিবৰ বাবেহে পণ কৰিব লাগিছিল ৷

বিবৃতিটোত বিশ্বজিৎ ৰায়ে অন্তৰ্ৱৰ্তীকালীন কমতাপুৰ স্বায়ত্বশাসিত পৰিষদত যি সকল পৰিষদৰ বাহিৰৰ লোকে ভুৱা ঠিকনাৰে পৰিষদত নাম অন্তৰ্ভুক্ত কৰিছে আৰু যাৰ বাবে বিষয়টো আদালতৰ মজিয়া গৈ এতিয়া পৰিষদখন ওলমি ৰৈছে , সেইসকল জাতিপ্ৰেমী নেতাই স্বেচ্ছাই পৰিষদৰ পৰা আঁতৰি আহি বা পদত্যাগ কৰি প্ৰকৃতপক্ষে স্বায়ত্বশাসিত পৰিষদ গঠনৰ যি আৰ্হি তাক সন্মান জনাই অসম চৰকাৰককো পৰিষদখন পুনৰ গঠনত পূৰ্ণ সহযোগ কৰিবলৈকো প্ৰাক্তন সতীৰ্থ সকলোক বিনম্ৰতাৰে আহ্বান জনায় ৷