DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 27, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সত্ৰীয়া সংস্কৃতি সাধনা অটুট ৰাখি নাটকেৰে জীৱন গঢ়াৰ হেঁপাহ কুকিলৰ

ৰিদিপ শৰ্মা by ৰিদিপ শৰ্মা
May 30, 2019 7:10 pm
Screenshot_20190530_174723

কুকিল গোস্বামী। ফটো : নৰ্থইষ্ট নাও

1k
VIEWS
Share on FacebookShare on Twitter

‘’নাটক কৰিও স্বচ্ছল জীৱন পাৰ কৰিব পাৰি।‘’ এই আশা ব্যক্ত কৰিছে কলিয়াবৰৰ এগৰাকী প্ৰতিভাসম্পন্ন যুৱক কুকিল গোস্বামীয়ে।

মুম্বাই বিশ্ববিদ‍্যালয়ৰ নাট‍্য কলাৰ স্নাতকোত্তৰ পাঠ‍্যক্ৰমৰ ছাত্ৰ কুকিল গোস্বামী সংস্কৃতিৰ বৰঘৰ কলিয়াবৰৰ সত্ৰীয়া সংস্কৃতিৰ প্ৰকৃত সাধক প্ৰয়াত যোগেন গোস্বামীৰ উত্তৰসূৰী।

প্ৰকৃত শিল্পী হোৱাৰ পাছতো ৰাজ‍্য চৰকাৰৰ শিল্পী পেঞ্চনৰ পৰা বঞ্চিত কলিয়াবৰৰ উলুৱনীৰ শ্ৰীশ্ৰীগোৱিন্দ এলেঙী সত্ৰৰ সত্ৰীয়া সংস্কৃতিৰ প্ৰকৃত সাধক প্ৰয়াত যোগেন গোস্বামীৰ দ্বিতীয় পুত্ৰ কুকিল গোস্বামী।

নতুন দিল্লীৰ ৰাষ্ট্ৰীয় নাট‍্য বিদ‍্যালয়ৰ স্নাতক কলিয়াবৰৰ পৰাগ শৰ্মাৰ পাছতেই  নাট‍্য কলা বিষয়ত উচ্চ শিক্ষাৰ সুবিধা পাইছে কলিয়াবৰৰ সু-সন্তান কুকিল গোস্বামীয়ে।

Screenshot_20190530_174744
বাঁহীত বৰগীতৰ সুৰ বজাই শুনোৱা মুহূৰ্তত কুকিল। ফটো : নৰ্থইষ্ট নাও

সাধাৰণতে নাট‍্য শিক্ষাৰ উচ্চ শিক্ষানুষ্ঠানৰ কথা ক’লে প্ৰথমতে নাট‍্য শিক্ষাৰ স্নাতক পাঠ‍্যক্ৰম থকা নতুন দিল্লীৰ ৰাষ্ট্ৰীয় নাট‍্য বিদ‍্যালয়ৰ কথাহে মনলৈ আহে। কিন্তু বৰ্তমান ভাৰতীয় নাট‍্য কলাক এক বিদ‍্যায়তনিক দিশত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত দেশৰ বিভিন্ন বিশ্ববিদ‍্যালয়ত নাট‍্য কলাৰ স্নাতক তথা স্নাতকোত্তৰ পাঠ‍্যক্ৰম মুকলি হৈছে।

পিতৃৰ হাতত ধৰি সত্ৰীয়া সংস্কৃতিৰ পথাৰত খোজ পেলোৱা কুকিল গোস্বামী এতিয়া মুম্বাই বিশ্ববিদ‍্যালয়ৰ অন্তৰ্গত একাডেমী অৱ থিয়েটাৰ আৰ্টছৰ নাট‍্য কলাৰ স্নাতকোত্তৰ পাঠ‍্যক্ৰমৰ ছাত্ৰ।

প্ৰথম বৰ্ষৰ পৰীক্ষাৰ অন্তত ডেৰমহীয়া গৰমৰ বন্ধত মুম্বাইৰ পৰা আহি কলিয়াবৰৰ ঘৰত আছেহি কুকিল। কুকিল অহাৰ খবৰ পাই আমি  নৰ্থ ইষ্ট নাওৰ তৰফৰ পৰা তেওঁক সাক্ষাৎ কৰিছিলো। তেওঁ আনন্দিত হৈ আমাৰ আগত কৈ গ’ল মনৰ কথা, নাটকৰ কথা। তদুপৰি, তেওঁ বাঁহীত বৰগীতৰ সুৰ বজাইয়ো আমাক শুনালে।

নাটকৰে জীৱন গঢ়াৰ হেঁপাহ কুকিলৰ। ভৱিষ্যতে কলিয়াবৰৰ নৱ প্ৰজন্মক নাটকৰ প্ৰতি আকৰ্ষিত কৰিব পৰাকৈ তেওঁ বিভিন্ন ধৰণৰ কৰ্মশালাৰ লগতে প্ৰশিক্ষণ দিয়াৰ বাবে মনত হেঁপাহ পুহি ৰাখিছে।

সংস্কৃতিৰ বৰঘৰ কলিয়াবৰৰ সত্ৰীয়া সংস্কৃতিৰ প্ৰতি যথেষ্ট খিনি কাম কৰিবলগীয়া আছে আৰু নৱ প্ৰজন্মক সত্ৰীয়া সংস্কৃতিৰ প্ৰতি আকৰ্ষিত কৰি তেওঁলোকক আগুৱাই নিয়াৰ দায়িত্বও আছে বুলি কুকিল গোস্বামীয়ে আমাৰ আগত নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিলে।

আমি নৰ্থ ইষ্ট নাওৰ তৰফৰ পৰা তেওঁৰ এই আশা পুৰণ হোৱাৰ কামনা কৰাৰ লগতে সুখ্যাতিৰে নাট‍্য কলাৰ স্নাতকোত্তৰ পাঠ্যক্ৰম সমাপ্ত কৰি অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনলৈ বৰঙণি আগবঢ়াৱ বুলি আশা ব্যক্ত কৰি বিদায় ল’লো।

Recent News

CBI summoned Rubaiya Sayeed

য়াছিন মালিকৰ সৈতে সম্পৰ্কিত গোচৰত জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ জীয়ৰীলৈ চিবিআইৰ চমন

Monkey pox আমেৰিকাত ধৰা পৰিল মাংকি পক্সৰ প্ৰথমটো ঘটনা,কি এই মাংকি পক্স?

বিশ্বৰ কুৰি খন দেশলৈ বিয়পিছে মাংকিপক্স, উদ্বিগ্ন বিশ্ব স্বাস্থ্য সংস্থা

২০২০ চনৰ ১৫ এপ্ৰিলৰ মাজনিশা বিমানবন্দৰত গ্ৰহণ কৰা পিপিই কীটৰ হিচাপ লাগে ‌জনতাক, কোনে ক’লে?

২০২০ চনৰ ১৫ এপ্ৰিলৰ মাজনিশা বিমানবন্দৰত গ্ৰহণ কৰা পিপিই কীটৰ হিচাপ লাগে ‌জনতাক, কোনে ক’লে?

temple-mosque row in India

ৰাজতন্ত্ৰ, মন্দিৰ-মছজিদ আৰু আধুনিক চেতনা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd