NORTHEAST NOW (Assamese)

চূড়ান্ত অনুমোদন লাভ কৰা নাই কুলশী জলবিদ্যুৎ প্ৰকল্পই! ঘোষণা অসম চৰকাৰৰ

July 19, 2025 2:59 pm · এন ই নাও নিউজ, গুৱাহাটী

অসম-মেঘালয় সীমান্তৰ কুলশী নদীৰ উকিয়ামত প্ৰস্তাৱিত ৫৫ মেগাৱাটৰ জলবিদ্যুৎ আৰু জলসিঞ্চন প্ৰকল্পৰ বিষয়ে কোনো চূড়ান্ত সিদ্ধান্ত লোৱা হোৱা নাই বুলি অসম চৰকাৰে স্পষ্ট কৰিছে। স্থানীয় জনগোষ্ঠীৰ মাজত প্ৰকল্পটোৰ সম্ভাৱ্য প্ৰভাৱৰ বাবে বৃদ্ধি পোৱা উদ্বেগৰ প্ৰতি সঁহাৰি জনাই চৰকাৰে এই বিবৃতি জাৰি কৰিছে।

কামৰূপ জিলাত অৱস্থিত এই প্ৰকল্পস্থলীৰ পৰিৱেশৰ ক্ষতি, বাসিন্দাসকলৰ স্থানচ্যুতি আৰু কৃষিজীৱিকাৰ ওপৰত প্ৰভাৱৰ আশংকাত স্থানীয় লোকৰ মাজত উদ্বেগৰ সৃষ্টি হৈছে। কুলশী নদীৰ প্ৰাকৃতিক প্ৰবাহত ব্যাঘাত ঘটাৰ ফলত খেতি, মাছ ধৰা আৰু বিপন্ন গংগা নদীৰ ডলফিনৰ বাসস্থানৰো ক্ষতি হ’ব পাৰে বুলি জনসাধাৰণে আশংকা প্ৰকাশ কৰিছে।

১৮ জুলাই শুকুৰবাৰে অসম চৰকাৰে এক বিবৃতি প্ৰকাশ কৰি আশ্বাস দিছে যে ক্ষতিগ্ৰস্ত জনগোষ্ঠীৰ স্বাৰ্থ আৰু মংগলক অগ্ৰাধিকাৰ দিয়া হ’ব। চৰকাৰে জানিছে যে প্ৰকল্পৰ ন্যায়িক মৰ্যাদা নিৰ্ণয়ৰ বাবে মেঘালয় চৰকাৰৰ সৈতে আলোচনা চলি আছে। দুয়োখন ৰাজ্যই স্থানীয় প্ৰতিনিধি আৰু অংশীদাৰসকলৰ সৈতে বিস্তৃত আলোচনাৰ পৰিকল্পনা কৰিছে।

উল্লেখ্য যে ব্ৰহ্মপুত্ৰৰ এক গুৰুত্বপূৰ্ণ উপনদী কুলশী নদীয়ে কামৰূপ জিলাৰ হাজাৰ হাজাৰ কৃষক আৰু মাছমৰীয়াৰ জীৱন জীৱিকা বৰ্তাই ৰাখিছে। তেনে স্থলত চৰকাৰ শেহতীয়া স্থিতিলৈ লক্ষ্য ৰাখিলে চৰাকাৰে যে এই প্ৰকল্পটো পিছলৈ জনস্বাৰ্থত আঘাত কৰি কোনো সিদ্ধান্ত যে গ্ৰহণ কৰিব পাৰে সেয়া সন্দেহাতীত।

Related News