২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত কংগ্ৰেছৰ প্ৰাক্তন সাংসদ কুমাৰ কেটকাৰে এক বিস্ফোৰক দাবী উত্থাপন কৰিছে। বুধবাৰে প্ৰাক্তন সাংসদগৰাকীয়ে দাবী কৰে যে ২০১৪ চনৰ লোকসভা নিৰ্বাচনত আমেৰিকাৰ চোৰাংচোৱা সংস্থা চিআইএ আৰু ইজৰাইলৰ চোৰাংচোৱা সংস্থা মোছাদে কংগ্ৰেছক পৰাস্ত কৰাৰ ষড়যন্ত্ৰ কৰিছিল।
সেই লোকসভা নিৰ্বাচনত কংগ্ৰেছে দুৰ্যোগৰ সন্মুখীন হ’বলগীয়া হৈছিল। দুৰ্নীতিকে ধৰি বিভিন্ন বিষয়ত বিজেপিয়ে অতি আগ্ৰাসী প্ৰচাৰ চলাইছিল। ই সফলতাও লাভ কৰিছিল। ২০১৪ চনৰ নিৰ্বাচনত বিজেপিয়ে জয়লাভ কৰে আৰু নৰেন্দ্ৰ মোডী প্ৰধানমন্ত্ৰী হয়। সেই নিৰ্বাচনৰ পিছৰে পৰা কংগ্ৰেছৰ মেৰুদণ্ড প্ৰায় ভাঙি গৈছে।
সংবিধান দিৱস উপলক্ষে কংগ্ৰেছে আয়োজন কৰা এক অনুষ্ঠানত ভাষণ দি ৰাজ্যসভাৰ প্ৰাক্তন সদস্যগৰাকীয়ে কয় যে ২০০৪ চনৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছে ১৪৫খন আসন আৰু পাঁচ বছৰৰ পিছত অনুষ্ঠিত লোকসভা নিৰ্বাচনত ২০৬খন আসন লাভ কৰিছিল। এই ধাৰা অব্যাহত থাকিলে ২০১৪ চনত কংগ্ৰেছে আসন লাভ কৰিব পাৰিলেহেঁতেন আৰু ক্ষমতাত থাকিব পাৰিলেহেঁতেন। কিন্তু ২০১৪ চনত কংগ্ৰেছৰ আসনৰ সংখ্যা ৪৪ লৈ নামি আহিছিল।
কেটকাৰে লগতে কয় যে নিৰ্বাচনৰ পূৰ্বে খেল আৰম্ভ হৈছিল আৰু কোনো কাৰণতে কংগ্ৰেছে আসনৰ সংখ্যা বৃদ্ধি হ’ব নালাগে বুলি সিদ্ধান্ত লোৱা হৈছিল। তেওঁ দাবী কৰে যে কিছুমান সংগঠন আছে যিয়ে এনেদৰে কাম কৰিছিল যে ‘যেতিয়ালৈকে আমি কংগ্ৰেছক ২০৬ৰ তললৈ নমাই নিদিওঁ, তেতিয়ালৈকে আমি ইয়াত (ভাৰতত) খেল খেলিব নোৱাৰিম’।
প্ৰাক্তন সাংবাদিক কেটকাৰে কয়, ‘এই সংগঠনসমূহৰ ভিতৰত এটা আছিল চিআইএ আৰু আনটো আছিল ইজৰাইলৰ মোছাড। দুয়োটাই সিদ্ধান্ত লয় যে ভাৰতত কিবা এটা কৰিব লাগিব। যদিহে এখন সুস্থিৰ কংগ্ৰেছ চৰকাৰ বা কংগ্ৰেছ নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰ পুনৰ ক্ষমতালৈ আহে তেন্তে তেওঁলোকে ভাৰতত হস্তক্ষেপ কৰি নিজৰ নীতি ৰূপায়ণ কৰিব নোৱাৰিব।’
তেওঁ কয় যে দুয়োটা চোৰাংচোৱা সংস্থাই অনুভৱ কৰিছিল যে ভাৰতত এখন অনুকূল চৰকাৰ তেওঁলোকৰ নিয়ন্ত্ৰণত থাকিব আৰু সংখ্যাগৰিষ্ঠ চৰকাৰ হ’ব লাগে। কিন্তু কংগ্ৰেছ নহয়।
তেওঁ কয়, ‘মোছাদে বিভিন্ন ৰাজ্য আৰু সমষ্টিৰ বিষয়ে বিতং তথ্য প্ৰস্তুত কৰিছে। চিআইএ আৰু মোছাদৰ হাতত ৰাজ্য আৰু সমষ্টিৰ সন্দৰ্ভত বিতং তথ্য আছে।
তেওঁ কয় যে ২০১৪ চনত তদানীন্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ বিৰুদ্ধে ক্ষোভৰ সৃষ্টি হৈছিল যদিও এনে পৰিস্থিতিও নাছিল যে কংগ্ৰেছে ইমানো অপমানজনক পৰাজয়ৰ সন্মুখীন হ’ব আৰু আসনৰ সংখ্যাও ২০৬ৰ পৰা ৪৪লৈ হ্ৰাস পাব।





